https://biriyaa.com/

যোৱা কালি দেশৰ প্ৰধান মন্ত্ৰীৰ অসমৰ মাটিত পদাৰ্পণ হৈছিল। তেওঁ ভৰি থোৱাৰ আগতে চৌদিশে ক’লা পতাকাই তেওঁক আৱৰি ধৰিলে। তেওঁ তথাপিও স্বভাৱসুলভ ভাৱে হাত জোকাৰি সকলোকে অভিবাদন জনালে। মানুহৰ অন্তৰত কিমান বেছি খং থাকিলে, কিমান বেছি স্বাভিমানত আঘাত পৰিলে দেশৰ প্ৰধান মন্ত্ৰীক এনেদৰে ক’লা পতাকাৰে আদৰণি জনাব সেইটো আমাৰ বৰমূৰীয়াবোৰে

ভাবি চাইছে নে? শংকৰদেৱ শিশু নিকেতন বা শংকৰদেৱ সংঘক গালি দিয়াৰ আগতে সেই ধূৰ্ত মন্ত্ৰীবোৰক গালি পাৰিব লাগে যিবোৰৰ মতে দেশত কোনো ধৰণৰ আন্দোলন হোৱাই নাই হেনো! বহুত মানুহে কথাবোৰ এনেদৰে কৈছে যে আমাক উন্নতি নালাগে, অসমীয়া মানুহ উন্নয়ন বিৰোধী ; এইমছ, গেছৰ পাইপলাইন মুকলি কৰিবলৈ আহোতেও প্ৰতিবাদ, আমি অকল প্ৰতিবাদ হে কৰিবলৈ জানো আদি বিভিন্ন ধৰণৰ কথা। এতিয়া কথা হ’ল যে উন্নয়ননো কাক নালাগে? লাগে আমাক উন্নয়ন। কিন্তু উন্নয়নৰ চিয়িং গামটোৰ সৈতে নাগৰিকত্ব বিধেয়কৰ ফ্ৰী ষ্টীকাৰটো যে আমাক নালাগে সেইটো ভগৱানে জানো কেতিয়া বুজিব! 

Previous নাগৰিকত্ব বিধেয়ক আৰু সংবাদ মাধ্যম : প্ৰধান মন্ত্ৰী মোডীৰ ক্ষোভ আৰু হতাশাৰ বহিৰ্প্ৰকাশ
Next অতিথি দেব ভৱ : অতিথিয়ে অসমলৈ অতিথি আনিবই!