লোকসভা নিৰ্বাচন বোলা পাঁচবছৰীয়া বিহুবিধৰ আগজাননী দিবলৈ দেশৰ প্ৰধান মন্ত্ৰী বোলা কুলি চৰাইজনী অসম তথা উত্তৰ-পূৱৰ দুৱাৰডলিত ভৰি দিছেহি। উদ্দেশ্য মিঠা মিঠা মাতেৰে ফুচুলাই, ৰাইজৰ বাঁহত নিজৰ শাসনৰ যুগমীয়া কণীকেইটা পাৰি যোৱা। ‘অষ্টলক্ষ্মী’ৰ অভিধাৰে আৱেগিক ভাষণ আগবঢ়াই, ঢলা-শদিয়া দলঙৰ ওপৰত ‘ফটোজেনিক’ প্ৰত্যয়ী খোজ দি কৰা ভেকোভাওনাবোৰৰ পাছত নিৰ্বাচনৰ আগে আগে কথাবোৰ সোঁৱৰাই দিবলৈ এনে আগমনৰ দৰকাৰ। পিছে সমস্যাটো হ’ল – এইবাৰ ৰাইজে কুলিৰ সুললিত মাতৰ আঁৰৰ কপটীয়া উদ্দেশ্যক পাহৰিব খোজা নাই।

নিজৰ বাহঁৰ কণীকেইটাৰ অনিষ্ট কৰিয়েই যে কুলিয়ে থিতাপি ল’ব, সেয়া ৰাইজে বুজিছে। আৰু বুজিছে বাবেই ৰাইজে চকু মুদি নাগৰিকত্ব (সংশোধনী) বিধেয়ক নামৰ বিপদটোৰ কথা পাহৰি যোৱা নাই। ভাৰতৰত্ন, এইমছ, দলং আদি নানা টোপ দিলেও, ৰাইজে একেমুখে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, ক’লা পতাকাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিছে। আজি গুৱাহাটীত উপস্থিত হোৱা প্ৰধান মন্ত্ৰীজনাক বিমানবন্দৰৰ পৰা অহাৰ পথত ক’লা পতাকা দেখুৱাইছে সদৌ অসম ছাত্ৰ সন্থা আৰু ছাত্ৰসমাজে। বাহিৰে দপ্-দপাই থাকিলেও শাসকৰ দল ভিতৰি কঁপিছে।

আৰু এই ভয়ৰ আজি পুনৰ এবাৰ বহিৰ্প্ৰকাশ ঘটিল যেতিয়া বিজেপি-আৰ এছ এছ-এ গুৱাহাটীৰ শ্বহীদ ন্যাসত ছাত্ৰ সন্থাৰ নেতৃত্ব আৰু কৰ্মীক আবধ কৰি ৰাখিবলৈ চেষ্টা কৰিলে। এই ভয় লৈয়েই সেয়ে বৰ সাৱধানতাৰে ৰাজহুৱা সভা পাতিছে, নিজকে একছত্ৰী সম্ৰাট জ্ঞান কৰা মন্ত্ৰীজনৰ সমষ্টিতহে। গুৱাহাটীৰ বাহিৰে আন ঠাইত গৈ ৰাইজক সম্বোধন কৰিবলৈ দেশৰ প্ৰধান সেৱকজনৰ সাহ হোৱা নাই। এপিনেদি এই কথাটোৱে শাসনাধিস্থিত দলটোৰ বিপক্ষে ৰাজ্যত গঢ় লোৱা প্ৰৱল জনমতক সুস্পষ্ট কৰাৰ লগতে, আনপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ (যাৰ হাততে আছে গৃহমন্ত্ৰীৰ দায়িত্ব) ব্যৰ্থতাও প্ৰমাণ কৰিছে।

ৰাইজৰ মুখ্য মন্ত্ৰী এজনে দেশৰ প্ৰধান মন্ত্ৰীৰ বাবে প্ৰতিবাদৰ সম্ভাৱনাহীন সভা এখন আয়োজন কৰিব নোৱাৰাৰ বিপৰীতে দলৰ এজন ‘ডলাৰ বগৰী’ নতুন নেতাৰ সমষ্টিত সুকলমে সভাখন হৈ যাব বুলি আশা কৰা হৈছে আৰু ইয়ে সৰ্বানন্দ সোণোৱালৰ থৰক-বৰক হোৱা ভেটিটোলৈকে আঙুলি দেখুৱাই দিয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ বাকী প্ৰায় কেওখন ৰাজ্যৰ চৰকাৰে এই বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰাৰ বিপৰীতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই মেৰুদণ্ডহীনতা ৰাজ্যৰ সৰ্বত্ৰ চৰ্চাৰ বিষয় হৈ উঠিছে। পিছে এইখিনিতে আমি মন কৰিবলগীয়া কথাটো হ’ল -শাসক পক্ষই নানা ধৰণেৰে বিধেয়ক গৃহীত কৰিবৰ চেষ্টা কৰিব আৰু ৰাইজৰ বাবে এইটো এটা সুযোগ, যাৰ সহায়ত ৰাইজে বুজাব পাৰিব লাগিব যে এই আইনে ৰাজ্যৰ সমূহ থলুৱা লোকৰ অস্তিত্বক বিপন্ন কৰিব। কাইলৈ হয়তো অনেক প্ৰতিশ্ৰুতিৰ বানেৰে ৰাইজক ভোলাবলৈ চেষ্টা কৰা হ’ব। পিছে ছলাহী কথাত ভোল নগৈ, অসমৰ ৰাইজে কেৱল এটাই দাবী কৰা উচিত যে, আমাক নাগৰিকত্ব সংশোধনী বিশেয়ক (২০১৬) নালাগে, কাৰণ ই আমাৰ থলুৱা সকলৰ জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকি মাতিছে। ৰাইজৰ মত আৰু কণ্ঠৰ বিৰুদ্ধে যোৱা যিকোনো কাৰ্য্যকে চিনাক্ত কৰি তাৰ বিৰুদ্ধে ক’লা পতাকা জোকাৰি নিজৰ স্থিতিত দৃঢ় হৈ থাকিব পৰাটোহে এই মূহুৰ্তত আটাইতকৈ ডাঙৰ কথা। 

বিৰিয়াৰ সাঁউৰি
Previous ষ্ট্ৰেছ আৰু শৈশৱ
Next এয়াই অসম!