কিতাপ খন মই নিজে নিজৰ জন্মদিনত দিয়া উপহাৰ৷ কোভিডসৃষ্ট লকডাউনৰ আগলৈকে টেবুলত এনেই আছিল, এটা দুটা পৃষ্ঠা লুটিয়াই চোৱাৰ বাদে বিশেষ একো পঢ়া হোৱা নাছিল৷  লকডাউনে যেনিবা  কিতাপখন পঢ়ি শেষ কৰাৰ সুযোগ দিলে৷ হোমেন বৰগোহাঞিৰ ডাৰউইনৰ সম্পৰ্কত এখন কিতাপ আছিল৷ অষ্টম নে নৱম শ্ৰেণীত আমি অতিৰিক্ত কিতাপ হিচাপে সেইখন পঢ়িব লাগিছিল৷ তাত তেওঁ লিখিছিল “ঘৰত চাউল থাকি লঘোণে থকা আৰু চাউল নথকাকৈ লঘোণে থকাৰ মাজত পাৰ্থক্য আছে। ঠিক সেইদৰে মন গলেই পঢ়িবলৈ পোৱাকৈ আপোনাৰ লগত কিতাপ সংগ্ৰহ কৰি থোৱা আৰু মন যোৱাৰ সময়ত পঢ়িবলৈ কিতাপ এখন নোপোৱাৰ মাজতো আকাশ পাতাল পাৰ্থক্য থাকে।” (‌‌বাক্যটোৰ শুদ্ধতাৰ ক্ষেত্ৰত কিছু শংকা আছে যদিও মূলভাৱটো এনেকুৱাই আছিল) এই কথাষাৰ মোৰ ভাল লাগে আৰু সেয়ে জীৱনটোত বহু কামেই সময়ত কাষত পাম বুলি ভাবিয়েই বৰ্তমানত কৰি থাকো। কিতাপ খন কিনাৰ ক্ষেত্ৰতো সেই একে চিন্তাই ক্ৰিয়া কৰিছিল৷ আৰু সঁচাকৈ লকডাউনত হাতত পোৱাকৈ কিতাপখন সেয়ে মোৰ কাষত আছিল৷

কিতাপখনৰ লেখক  য়ুভাল নোৱাহ হাৰাৰী (Yuval Noah Harari )এজন ইতিহাসবিদ, তেওঁ হিব্ৰু ইউনিভাৰ্চিটি অফ জেৰুজালেমৰ ইতিহাস বিভাগৰ প্ৰফেচাৰ। হিব্ৰু ভাষাত লিখা কিতাপখন প্ৰথমে ইজৰাইলৰ শ্ৰেষ্ঠ বিক্ৰয় হোৱা গ্ৰন্থ হোৱাৰ পাছত পৃথিৱীৰো শ্ৰেষ্ঠ বিক্ৰী হোৱা কিতাপৰ মাজত এখন হৈছিলগৈ। কিতাপখনৰ বাৰ মিলিয়নতকৈও অধিক কপি গোটেই বিশ্বতে বিক্ৰী হৈছে।

কিতাপ খনে মানুহৰ বিৱৰ্তনক তিনিটা ভাগত বিভক্ত কৰিছে। মানুহৰ চিন্তা, ভাষা, সংস্কৃতি বিকাশ প্ৰায় ৭০,০০০ বছৰৰ আগৰ পৰা আৰম্ভ হৈছিল, এই খিনিক লিখকে প্ৰথম ভাগত ৰাখিছে( Cognitive Revolution)৷ দ্বিতীয় ভাগৰ কৃষিৰ বিকাশ (Agriculture Revolution) কথা আছে, যি আজিৰ পৰা প্ৰায় ১২০০০ বছৰৰ আগতে আৰম্ভ হৈছিল৷ আৰু শেষৰ ভাগত তেওঁ বিজ্ঞানৰ বিকাশৰ(scientific Revolution) ৰ কথা উল্লেখ কৰিছে, যাৰ বিকাশ মাত্ৰ ৫০০ বছৰৰ আগৰ পৰা আৰম্ভ হৈছিল৷

আমাৰ খোৱাৰ অভ্যাস, আমাৰ সংঘৰ্ষ, যৌনতাৰ প্ৰতি আকৰ্ষণ আদি আমাৰ ভিতৰত সেই চিকাৰী মনোবৃত্তিৰে প্ৰতিফলন যি কেৱল আজিৰ সমাজৰ, জীৱন প্ৰণালী লগত মিলি হে গৈছে, কোনো বিবৰ্তনেই তাক সলনি কৰিব পৰা নাই

লিখকে কিতাপখনৰ জৰিয়তে আমাৰ মৌলিক আৱেগ আৰু প্ৰয়োজন বোৰ, যাক কোনো বিৱৰ্তনেই সলনি কৰিব পৰা নাই তাক স্বীকাৰ কৰি লৈছে৷ আমাৰ খোৱাৰ অভ্যাস, আমাৰ সংঘৰ্ষ, যৌনতা প্ৰতি আকৰ্ষণ আদি আমাৰ ভিতৰত সেই চিকাৰী মনোবৃত্তিৰে প্ৰতিফলন যি কেৱল আজিৰ সমাজৰ, জীৱন প্ৰণালী লগত মিলি হে গৈছে, কোনো বিৱৰ্তনেই  তাক সলনি কৰিব পৰা নাই৷ বৰ্তমান আমি বিলাসী জীৱন এটা কটাব পাৰো, গাড়ী, এৰোপ্লেন, কম্পিউটাৰ, এচি, ৰেফ্ৰিজাৰেটৰ ব্যৱহাৰ কৰিব পাৰো কিন্তু ডি.এন.এ (DNA) আমাৰ সেই একেডালেই যি এতিয়াও জন্তুৱেই।

লেখকে লিখিছে, “এইটো অতি সহজেই মানি লব পাৰি যে কেৱল হ’ম চেপিয়েঞ্চেহে নোহোৱা নোপোজা কথা এটা কথা এটা কব পাৰে, ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ আগতে ছটা অসম্ভৱ কথা কল্পনা কৰিব পাৰে৷ আপুনি কেতিয়াও বান্দৰ এটাক মৃত্যুৰ পিছত অপৰ্য্যাপ্ত কল স্বৰ্গত খাবলৈ পাব বুলি কৈ আজি এটা কল খাবলৈ দি মান্তি কৰাব নোৱাৰে৷ কিন্তু মানুহে পাৰে, ইয়াৰ প্ৰয়োজনীয়তা কি? “এই ধৰণৰ অসম্ভৱ কল্পনাৰ বাবেই মানুহে ধৰ্মগ্ৰন্থ , সাধুকথা আদিত বিশ্বাস কৰে৷ এই বিশ্বাসে সৃষ্টি কৰা আৱেগে মানুহক খাদ্য সংগ্ৰহ বাদ দিও একগোট হোৱাত সহায় কৰে আৰু এই একগোট হোৱাৰ কামটোৰ বাবে পৃথিৱী খন আজি মানুহে ৰাজত্ব কৰিবলৈ সক্ষম হৈছে৷

লেখকে মানুহৰ জীৱন প্ৰণালীত জুইৰ ব্যৱহাৰে কেনেকৈ বাকী জীৱ বোৰতকৈ মানুহক উন্নতশাৰীলৈ লৈ গল তাকো বৰ্ণনা কৰিছে৷ জুইৰ ব্যৱহাৰে খাদ্য বস্তুবোৰক সহজেই হজমক্ষম কৰাৰ বাবে বাকী জীৱবোৰৰ দৰে মানুহে গোটেই দিনটো খাদ্য সংগ্ৰহ, গ্ৰহণ আৰু হজম কৰা কামতে ব্যস্ত থাকিব লগা নহল, সেয়ে মানুহৰ হাতত অফুৰন্ত আজৰি সময়ৰ সৃষ্টি হল যিয়ে মানুহক নতুন নতুন সৃজনশীল কামত মনোনিৱেশ কৰাৰ বাট মোকলাই দিলে৷ মুঠৰ ওপৰত কিতাপ খনৰ শাৰীয়ে শাৰীয়ে নিজক লৈ সৃষ্টি হোৱা হাজাৰটা প্ৰশ্নৰ উত্তৰৰ বাট পঢ়ুৱৈক মোকোলাই দিবলৈ সক্ষম হৈছে৷

দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈ বাৰু পইছা লাগে, কিন্তু তাৰ পৰা মুক্ত হোৱাৰ পিছত কিমান পইচাৰে মানুহ সুখী হব পাৰে?

মানুহৰ প্ৰয়োজন কি? সকলো প্ৰয়োজন পুৰণ হলে মানুহ সুখী হবনে? প্ৰয়োজন বোৰ বাৰু বাদেই মানুহ যদি অমৰ হয় তেতিয়া সুখী হব নে? কিমান পালে মানুহ সঁচা অৰ্থত সুখী হব? পইছাই সুখ দিব পাৰেনে? দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈ বাৰু পইছা লাগে, কিন্তু তাৰ পৰা মুক্ত হোৱাৰ পিছত কিমান পইচাৰে মানুহ সুখী হব পাৰে? আপুনি কৰবাত লটাৰীত বহু সংখ্যক টকা পালে, বা জীৱনটোত কিবা এটা সাংঘাতিক নাপাব লগীয়া কিবা এটা পালে তাৰে কিমান দিন সুখী হৈ থাকিব পাৰিব? নিশ্চিতভাৱে এটা নিদিষ্ট সময়ৰ পিছত আপুনি আকৌ সেই অসুখী, সংঘৰ্ষ, অনিশ্চয়তাৰে ভৰা জীৱনটোলৈকে ঘুৰি আহিব৷ মানুহৰ বাবে সুখ কেৱল এটা ধ্ৰুৱক৷ এনে ধৰণৰ অনেক প্ৰসংগৰে নোৱাহ হাৰাৰীয়ে মানুহৰ জীৱনক বিশ্লেষণ কৰিছে।

সঁচা অৰ্থত আপুনি, আপোনাৰ চৌপাশ, সমাজ, সংস্কৃতি আদি সকলোকে লৈ যিমানবোৰ প্ৰশ্ন আপোনাৰ মনত চলি থাকে তাৰ বহুখিনি সমাধান কিতাপ খনে দিবলৈ সক্ষম হৈছে৷ কিতাপৰ সোৱাদে দিয়া স্বাদ অন্যত পোৱা দিগদাৰ, তাতে যদি কিতাপখনে সামৰি লয় গোটেই মনুষ্যত্বৰ ভূত ভৱিষ্যত৷

Previous লকডাউনৰ প্ৰভাৱত মহানগৰীৰ ৰাজপথ পদপথ উপপথত মহিলাৰ আধিপত্য
Next কেলিফৰ্নিয়াৰ বনজুই: বাঢ়ি গৈ আছে পৃথিৱীৰ উত্তাপ