সুভাষ দাস৷ পেছাত এগৰাকী গ্ৰন্থ বিক্ৰেতা আৰু নিচাত এগৰাকী পাঞ্জা খেলুৱৈ৷
বৰপেটা জিলাৰ পাঠশালাৰ ৰায়পুৰত ঘৰ তেওঁৰ৷ আজিৰ পৰা ২০ বছৰ আগতে কিতাপৰ সৰু টোপোলা পিঠিত বান্ধি লৈ ঘৰে ঘৰে কিতাপ বিক্ৰী কৰি ফুৰিছিল  তেওঁ৷ লাহে লাহে তেওঁ নিজৰ একাণপতীয়া প্ৰচেষ্টাত সাহিত্য সভা, পূজা আদিৰ গ্ৰন্থমেলাত কিতাপৰ বিপণি দিব পৰা হ’ল৷  কেইবছৰমান আগৰে পৰা তেওঁ শিক্ষানুষ্ঠান বা আন কিছুমান অনুষ্ঠানৰ সহযোগত নিজাববীয়াকৈও গ্ৰন্থমেলাৰ আয়োজন কৰি আহিছে৷
 এগৰাকী ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ হিচাপে পৰিচিত দাসে যোৱা ২২ বছৰ পাঞ্জা খেলৰ লগত জড়িত হৈ আছে আৰু বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে৷ ২০১৮ বৰ্ষত ৫৫ কেজিৰ তলৰ শাখাৰ তেওঁ ৰাষ্ট্ৰীয় চেম্পিয়ন খিতাপ অৰ্জন কৰিছিল৷ চলিত বৰ্ষত শ্ৰীলংকাৰ ৰাজধানী কলম্বোত অনুষ্ঠিত হ’ব লগা ‘এছিয়ান পাঞ্জা চেম্পিয়ন’ ২০১৯ত ভাৰতক তেওঁ প্ৰতিনিধিত্ব কৰিব৷
আজিৰ পৰা ২০ বছৰ আগতে তেওঁ কিতাপৰ সৰু টোপোলা পিঠিত বান্ধি লৈ ঘৰে ঘৰে কিতাপ বিক্ৰী কৰি ফুৰিছিল  তেওঁ৷ লাহে লাহে তেওঁ নিজৰ একাণপতীয়া প্ৰচেষ্টাত সাহিত্য সভা, পূজা আদিৰ গ্ৰন্থমেলাত কিতাপৰ বিপণি দিব পৰা হ’ল৷
দৃঢ়মনা দাসে বজালী কলেজত থকা শৰীৰ চৰ্চা কেন্দ্ৰত প্ৰতি দেওবাৰে বিনামূলীয়াকৈ পাঞ্জা প্ৰশিক্ষণ দি আহিছে। পাঠশালাৰ কেইগৰাকীমান উদ্যমী যুবকৰ সহযোগত গঢ়ি উঠা ‘ব্ৰেইন এন্ড ফিগাৰ’ নামৰ সংস্হাটোৰ লগতো সুভাষ জড়িত ৷ এই সংস্হাটোৰ উদ্যোগত তেওঁলোকৰ চাইক্লিং, চুইমিং, যোগ আদিৰ বিনামূলীয়া প্ৰশিক্ষণ দিয়ে বুলি তেওঁ জানিবলৈ দিয়ে৷ এনেয়ে থাকি বেয়া পোৱা সুভাষ দাসে ভৰ বাৰিষা সাঁতুৰি ব্ৰহ্মপুত্ৰ নদী পাৰ হোৱা, চাইকেল চলাই ভূটানলৈ যোৱা আদি দুঃসাহসিক কামবোৰো কৰিছে৷
এতিয়ালৈকে তেওঁ চৰকাৰৰ পৰা কোনো ধৰনৰ সাহায্য লাভ কৰা নাই যদিও চৰকাৰী কিবা সহায়ৰ বাবে তেওঁ আশা পুহি ৰাখিছে  মনতে৷ অতি সহজ সৰল জীৱন যাপনত বিশ্বাসী এইজন ভাৰতবৰ্ষৰ সুযোগ্য সন্তানক কেন্দ্ৰ বা ৰাজ্য চৰকাৰে  সহায়ৰ হাত আগবঢ়াই তেওঁৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰাটো যুগুত হ’ব।
আনহাতে চলিত বৰ্ষত  কলম্বোত অনুষ্ঠিতব্য এছিয়ান চেম্পিয়নশ্বিপৰ ৫৫ কেজিৰ তলৰ শাখাত তেওঁ অংশ ল’ব, আৰু এই প্ৰতিযোগিতাত তেওঁ নিজৰ দক্ষতা প্ৰতিপন্ন কৰিব বুলি ৰাইজ আশাবাদী। 
ৰু মি না বে গ ম

তৰুণ লেখক

Previous প্ৰাপ্তি! 
Next লোকসভা নিৰ্বাচন ২০১৯ : দিকভ্ৰান্ত ভোটাৰ আৰু মোডী মেজিক