ৱশেষত ২৬ আগষ্ট,বুধবাৰে ঘোষণা কৰা হ’ল ২০২০ চনৰ আন্তৰাষ্ট্ৰীয় বুকাৰ পুৰস্কাৰৰ বিজেতাৰ নাম৷ নেদাৰলেণ্ডৰ ২৯ বছৰীয়া  যুৱ লেখিকা মেৰিকি লুকাচ ৰিজনিভেল্ডে তেওঁৰ ‘ দ্যা ডিচকফৰ্ট অফ ইভিনিং’ নামৰ  অসাধাৰণ উপন্যাসখনৰ বাবে লাভ কৰিলে ২০২০ চনৰ  সন্মানীয় বুকাৰ পুৰস্কাৰ৷ এই পুৰস্কাৰৰ ৫০,০০০ পাউণ্ড   ধনৰাশি ভগাই দিয়া হ’ব মুল লেখিকা মেৰিকি লুকাচ ৰিজনিভেল্ড আৰু  অনুবাদক মাইশ্যেলি হাচিশ্যনৰ মাজত৷

উল্লেখ্য যে প্ৰতি  বৰ্ষতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ভাষাৰ পৰা অনূদিত আৰু সংযুক্ত যুক্তৰাষ্ট্ৰ কিম্বা আয়াৰলেণ্ডৰৰ পৰা প্ৰকাশিত সৃষ্টিশীল গ্ৰন্থৰ বাবে প্ৰদান কৰি অহা হৈছে এই বুকাৰ পুৰস্কাৰ৷ ঘাইকৈ বিভিন্ন দেশৰ লিখক,প্ৰকাশক আৰু পঢ়ুৱৈক সৃষ্টিশীল কৰ্মৰাজিৰ প্ৰতি  মনোযোগ আকৰ্ষণ আৰু উৎসাহ যোগাবলৈ প্ৰদান কৰা হয় এই বুকাৰ পুৰস্কাৰ৷ ২০২০ বৰ্ষত মুঠ ৩০টা বিভিন্ন ভাষাৰ পৰা অনূদিত ১২৪ খন গ্ৰন্থৰ পৰা বাছি উলিওৱা হৈছিল ‘দ্যা ডিচকমফৰ্ট অফ ইভিনিং’ নামৰ বহুপঠিত উপন্যাসখনক৷

শিশুৰ বাল্যকালৰ লাজ আৰু বন্দীত্বৰ  মাজত প্ৰস্ফুটিত হোৱা অভ্যন্তৰীণ অনুভৱৰ গুণাগুণক তুলি ধৰাত এই গ্ৰন্থখনে আচৰিতভাবে সফল হৈছে৷ উপন্যাসখনে তুলি ধৰিছে  নেদাৰলেণ্ডৰ কৃষিফাৰ্মৰ লগত নিজকে নিয়োজিত কৰা এটা খ্ৰীষ্টিয়ান পৰিয়ালৰ  এক ক’লা অধ্যায়ৰ কাহিনীক৷

টেড হুডকিনচনৰ নেতৃত্বত গঠিত হোৱা  নিৰ্বাচন কমিটিয়ে  নিৰ্বাচন কৰা এই গ্ৰন্থখন সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে যে শিশুৰ বাল্যকালৰ লাজ আৰু বন্দীত্বৰ  মাজত প্ৰস্ফুটিত হোৱা অভ্যন্তৰীণ অনুভৱৰ গুণাগুণক তুলি ধৰাত এই গ্ৰন্থখনে আচৰিতভাবে সফল হৈছে৷ উপন্যাসখনে তুলি ধৰিছে  নেদাৰলেণ্ডৰ কৃষিফাৰ্মৰ লগত নিজকে নিয়োজিত কৰা এটা খ্ৰীষ্টিয়ান পৰিয়ালৰ এক ক’লা অধ্যায়ৰ কাহিনীক৷ ইয়াৰ আগতে বুকাৰ পুৰস্কাৰৰ বাবে ঘোষিত সংক্ষিপ্ত তালিকাত স্থান লাভ কৰিছিল ছখনকৈ বহুপঠিত উপন্যাসে৷ সেই ছখন গ্ৰন্থক চেৰ পেলাই মেৰিকি লুকাচ ৰিজনিভেল্ডৰ ‘ দ্যা ডিচকমফৰ্ট অফ ইভিনিং’য়ে লাভ কৰিলে এই সন্মানীয় পুৰস্কাৰ৷ উল্লেখযোগ্য যে এতিয়ালৈকে বুকাৰ পুৰস্কাৰ লাভ কৰা মেৰিকি লুকাচ ৰিজনিভেল্ডে হৈছে আটাইতকৈ কম বয়সীয়া বুকাৰ বিজয়ী৷

Previous কেলিফৰ্নিয়াৰ বনজুই: বাঢ়ি গৈ আছে পৃথিৱীৰ উত্তাপ
Next কৰ’না মহামাৰীৰ সংকট: বিশ্বত বৃদ্ধি হ’ব দৰিদ্ৰ লোকৰ সংখ্যা৷