অসমৰ নাট্য জগতত সহ-অভিনয়ৰ সৃষ্টিকৰ্তা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা


নাট্যকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক, নিবন্ধ লেখক, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা নাট্য জগতৰ এক‌ চিনাকি নাম৷ কথাষাৰ কিমান দূৰ সঁচা বাৰু? মই যদিও ভাবো, কেতিয়াবা কথাবোৰ সঁচা নহয় যেন মোৰ অনুভৱ হয় বা আমি যেনেকৈ তেওঁৰ বিষয় জানিব লাগিছিল তেনেকৈ চৰ্চা হোৱা নাই যেন অনুভৱ হয়৷ তেওঁ যদি সেই সময়তে অসমীয়া নাট্য জগতখনত কিছুমান নতুন সংযোজন কৰিবলৈ মৰসাহ নকৰি সাধাৰণ ভাৱেই চলি গ’লহেতেন তেনেহ’লে হয়তো আজি আমি আইদেউ সন্দিকৈৰ নাম, আইদেউ সন্দিকৈ বটাঁৰ নামটো ইমান সোনকালে নুশুনিলোহেতেন৷ বহুত বছৰ আমি পিছুৱাই থাকিলোহেতেন৷ গতিকে মূল কথাটো হ’ল কম বেছি পৰিমাণে আমি তেওঁৰ বিষয়ে যিমানখিনি পঢ়িব আৰু শুনিব পাইছো সেয়া আমি সকলোৱে বোধকৰো জনা উচিত৷

Image Credit

ব্ৰজনাথ শৰ্মাৰ ঠিকনাকে ধৰি সমালোচনা লৈকে

ব্ৰজনাথ শৰ্মাৰ জন্ম বৰপেটা জিলাৰ শিলা গাঁৱত ১৮৯৪ চনৰ ১৫ ছেপ্টেম্বৰত৷ তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰে ঘৰৰ পৰা দুই কিলো’মিটাৰ দূৰৈৰ ভেল্লা প্ৰাথমিক বিদ্যালয়ত৷ যিহেতু ডাঙৰ ককায়েকে কৰ্মসূত্ৰে গৌৰীপুৰত আছিল সেয়ে পিছলৈ ব্ৰজনাথ শৰ্মাকো তালৈ লৈ গৈ বিদ্যালয়ত নাম ভৰ্তি কৰি দিয়ে৷ তাত গৈ লাহে লাহে ইংৰাজী ভাষাৰ প্ৰতি তেওঁ আকৰ্ষিত হয় আৰু ককায়েকে নজনাকৈয়ে ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰে৷ তেওঁ স্কুলীয়া শিক্ষাতকৈ খেলা-ধূলাত, নাটকত বেছি আগৰণুৱা আছিল৷ ইয়াৰ উপৰিও তেওঁৰ অসাধাৰণ ব্যক্তিত্ব কিছুমান চাই কিছুমান কথা হয়তো আমি কল্পনাও নকৰো যে তেওঁ আন দহজন সাধাৰণ ল’ৰা ছোৱালীৰ দৰে স্কুলৰ পৰা ঘূৰি আহোঁতে আনৰ বাৰীৰ ফল চুৰি কৰিবও পাৰে৷

শুনিবলৈ পোৱা মতে তেওঁ শিলাত থাকোঁতেও সমনীয়াৰ লগত ঘূৰি ফুৰি ভাল পাইছিল৷ এবাৰ এনেকুৱা কাণ্ডৰ বাবে ককায়েকৰ গালি শুনি লাজে ভয়ে কলিকতালৈ পলাই যায়৷ তাত গৈ তেওঁ মিলিটাৰী ক্লাৰ্ক পদত নিযুক্তি হয়। প্ৰথম মহাসমৰৰ বিভীষিকাই গোটেই পৃথিৱীত চানি ধৰা সময়তেই তেওঁ কলিকতাৰ পৰা বাগদাদলৈ ৰাওনা হয়৷ তাত তেওঁ লগ পায় ভাৰতীয় সংগীতজ্ঞ মিষ্টাৰ জৰ্জক আৰু তেওঁৰ পৰা সংগীতৰ শিক্ষা লাভ কৰে৷ তাৰ এবছৰ পিছত পুনৰ বছোৰালৈ বদলি হয় আৰু তাত তেওঁ “ৱেষ্ট বেংগল ড্ৰামাটিক ক্লাৱ” ৰ সদস্য হয়৷ সেই সময়তে তেওঁ বহুতো গুণী ব্যক্তিত্বৰ নাট্য শিল্পী, নৃত্য শিল্পী, সংগীতজ্ঞৰ সান্নিধ্য লাভ কৰিছিল৷ তেওঁলোকৰ পৰা নাটকৰ লগত জড়িত বিভিন্ন দেশৰ আধুনিক কলা কৌশল তেওঁ শিকি বুজি লৈছিল৷

তাত গৈ তেওঁ মিলিটাৰী ক্লাৰ্ক পদত নিযুক্তি হয়। প্ৰথম মহাসমৰৰ বিভীষিকাই গোটেই পৃথিৱীত চানি ধৰা সময়তেই তেওঁ কলিকতাৰ পৰা বাগদাদলৈ ৰাওনা হয়৷ তাত তেওঁ লগ পায় ভাৰতীয় সংগীতজ্ঞ মিষ্টাৰ জৰ্জক আৰু তেওঁৰ পৰা সংগীতৰ শিক্ষা লাভ কৰে৷

তেওঁ “ৱেষ্ট বেংগল ড্ৰামাটিক ক্লাৱ” ৰ লগত কেইবাখনো বঙালী নাটকত অভিনয় কৰাৰ লগতে অসমীয়া শিল্প দক্ষতা প্ৰদৰ্শন কৰিও যথেষ্ট প্ৰশংসা লাভ কৰিছিল৷ যুদ্ধৰ সেই সময়চোৱাত তেওঁ নিজৰ দ্বায়িত্ব কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ ফলত ষ্টোৰ ক্লাৰ্কলৈ প্ৰমোশ্বন হয়। তাৰ পিছত তেওঁ কলিকতালৈ পুনৰ ঘূৰি আহে৷ সেই সময়ছোৱাতেই তেওঁ কলিকতীয়া যাত্ৰা চোৱাৰ মাধ্যমেৰে বংগৰ বিখ্যাত অভিনেতা সুৰেন্দ্ৰ ঘোষক লগ পায় আৰু ঘোষে তেওঁক বংগত থাকিয়েই নাটকৰ লগত জড়িত হোৱাৰ কথা কয় যদিও তেওঁৰ কথাত অমান্তি হৈ নিজ গাওঁ লৈ উভতি আহে৷

Image Credit

তেওঁ জীৱন নিৰ্বাহৰ বাবে বিভিন্ন কাম কৰিলে যদিও শেষত পুনৰ যাত্ৰা পৰিচালক হিচাপে কাম কৰিব লয়৷ ঘৰলৈ আহি তেওঁ জন্ম দিলে “শিলা কালিকা অপেৰা পাৰ্টি” নামৰ এটা যাত্ৰা নাট্য দল৷ তেওঁ নাটকবোৰ বঙালীৰ পৰা অসমীয়া লৈ অনুবাদ কৰি মঞ্চস্থ কৰে৷ এই “শিলা কালিকা অপেৰা পাৰ্টি”টোৱে পেশাদাৰী নাট্য দল ৰূপে বৰপেটাকে ধৰি কামৰূপ জিলাতেও সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু পিছলৈ দলটো ভাঙি যায়৷

তাৰ পিছত তেওঁ শিলাৰ পৰা আহি সৰভোগৰ দক্ষিণ গণকগাড়ীৰ স্থায়ী বাসীন্দা হয়৷ তাতেই কেইজনমান ডেকাৰ লগত তেওঁ মিলি পুনৰ “দক্ষিণ গণকগাড়ী অপেৰা পাৰ্টি” নামৰ নাট্য দলটো গঠন কৰে৷ সেই সময়তে তেওঁ এই যাত্ৰা দলটোত মাহে ৭০টকাকৈ দৰমহাত নাট পৰিচালনা কৰিছিল৷ পিছলৈ কিন্তু নিজাকৈ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল৷ এই নাট্যদলটোৱে অসমৰ বিভিন্ন ঠাইলৈ নিমন্ত্ৰিত হৈছিল লগতে সুনামো অৰ্জন কৰিছিল৷  কিন্তু অৰ্থৰ অভাৱত পিছলৈ এইদলটোও আগবাঢ়ি যোৱাত অসুবিধাৰ সন্মূখীন হ’ব লগা হৈছিল৷

তাৰ পিছত বিপিন চন্দ্ৰ বৰুৱাৰ উৎসাহ আৰু আৰ্থিক সহায়ৰ ফলত তেওঁ নতুন উদ্দমেৰে গঠন কৰে “আসাম কহিনুৰ অপেৰা পাৰ্টি“ যাত্ৰা দলটো৷ “আসাম কহিনুৰ অপেৰা পাৰ্টি“ টোৱেও অসমৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰে৷

উক্ত দলটোতেই ব্ৰজনাথ শৰ্মাই নাৰী চৰিত্ৰ সমূহ নাৰীৰ দ্বাৰাই অভিনীত কৰাৰ সিদ্ধান্ত লয় আৰু এই সিদ্ধান্তই অসমৰ নাট্য জগত খনক বহু যুগ আগুৱাই লৈ যায়। ইয়াৰ আগলৈকে নাৰী চৰিত্ৰ পুৰুষৰ দ্বাৰা ৰূপায়িত কৰা হৈছিল৷ তেওঁ হৈছে অসমত প্ৰথমজন পৰিচালক সহ-অভিনয়ৰ সৃষ্টিকৰ্তা৷

উক্ত দলটোতেই ব্ৰজনাথ শৰ্মাই নাৰী চৰিত্ৰ সমূহ নাৰীৰ দ্বাৰাই অভিনীত কৰাৰ সিদ্ধান্ত লয় আৰু এই সিদ্ধান্তই অসমৰ নাট্য জগত খনক বহু যুগ আগুৱাই লৈ যায়। ইয়াৰ আগলৈকে নাৰী চৰিত্ৰ পুৰুষৰ দ্বাৰা ৰূপায়িত কৰা হৈছিল৷ তেওঁ হৈছে অসমত প্ৰথমজন পৰিচালক সহ-অভিনয়ৰ সৃষ্টিকৰ্তা৷ এই ক্ষেত্ৰত তেওঁক সহায় কৰে বিপিন চন্দ্ৰ বৰুৱাই৷ তেওঁ পুৰণিগুদামৰ সৰ্বেশ্বৰী আৰু দীনমাই (গোলাপী), চামগুৰীৰ ফুলেশ্বৰী দাসক আৰু দ্বিতীয় বৰ্ষত শৈলবালা দেৱী, নাজিৰাৰ বিনোদা গগৈ আৰু উত্তৰ গুৱাহাটীৰ লাৱণ্য এনেদৰে বিভিন্ন ঠাইৰ পৰা অভিনেত্ৰী গোটাই সৰভোগলৈ আনি “আসাম কহিনুৰ অপেৰা পাৰ্টি’ত অন্তৰ্ভুক্ত কৰে৷ তেওঁলোকক শিকাই বুজাই লৈ সহ অভিনয়ৰ পাতনি মেলে ডুমডুমাৰ নাট্য মঞ্চত৷ কিন্তু তেওঁৰ এই সিদ্ধান্তৰ ফলত বহুতো সমালোচনাৰ সন্মূখীন হ’ব লগাত পৰিছিল যদিও তেওঁ থমকি নৰ’ল৷

তেওঁ সেই তাহানিতে দেশ বিদেশৰ বিভিন্ন বিশেষজ্ঞৰ পৰা কলা সংস্কৃতিৰ যি জ্ঞান লাভ কৰিছিল সেয়া নিজ দৰ্শনেৰে অসমৰ নাট্য যাত্ৰাত প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছিল৷ আজি অভিনয় কলা আগবাঢ়ি ইমানখিনি পালেগৈ যে নিষ্ঠাৰে কাম কৰিলে জগত জিনিব পাৰি, তথাপি বহুতে অভিনয় বা অভিনয় পৰিচালনাক পেছা হিচাপে লবলৈ ভয় কৰে কিন্তু তেওঁ সেই তেতিয়াই অভিনয়ক পেছা হিচাপে লৈ কাম কৰিছিল৷

তেওঁলোকৰ দৰে ব্যক্তিত্বই সমাজত যি পৰিৱৰ্তন আনি দিলে তাৰ আঁত ধৰিয়েই আমি গৈ আছো৷ মোৰ অনুভৱ হয়, তেওঁলোকৰ দৰে ব্যক্তিয়ে আনি দিয়ে পৰিৱৰ্তনৰ আঁত ধৰিয়েই আমি সৰুৰে পৰাই নিজৰ উদ্দেশ্যত দৃঢ় আৰু সাহসী ব্যক্তিত্বৰ অধিকাৰী হৈ ভৱিশ্যতৰ দিশলৈ আগবাঢ়ি যাব লাগিব৷

Previous আৰ.এক্স ১০০পৰা আৰ.এচ.এচ লৈ: অসমীয়াৰ জাতীয়তাবোধ আৰু জাতীয় চেতনা
Next দেশত অনলাইন শিক্ষাৰ গুৰুত্ব আৰু বৰ্তমানৰ বাস্তৱ ছবিখন