মানুহে তৈয়াৰ কৰা নানা বিধ সামগ্ৰীৰ ভিতৰত কাঁচ সম্ভৱতঃ অন্যতম আকৰ্ষণীয় বস্তুৰ এবিধ। মসৃণ আৰু কাৰুকাৰ্য্য কৰা সুৰাৰ গিলাচেই হওক বা শিল্পসুলভভাৱে গঢ় দিয়া কাঁচৰ ভাস্কৰ্য্য একোটাই হওক, কাঁচ বস্তুটোৱে আমাৰ দৃষ্টি-ইন্দ্ৰিয়ক এক অদ্ভূত সুখানুভূতি দিয়ে। কিন্তু ভঙা কাঁচৰ টুকুৰা বুলি ক’লেই আমাৰ কল্পনাই আমাক পোনে পোনে এটা হিংস্ৰ, অস্বস্তিকৰ পৰিৱেশৰ পিনে লৈ যায়। কাঁচ ভঙাৰ শব্দ আৰু ছৱিক প্ৰায়েই বিভিন্ন চিনেমা-নাটকতো প্ৰায়ে একোটা হিংস্ৰ দৃশ্যপটক বুজাবলৈ বা একোটা চৰিত্ৰৰ সমস্যা বা যন্ত্ৰণাক দেখুৱাবলৈ নাটকীয় ‘মেটাফৰ’ হিচাপে ব্যৱহাৰ হৈ আহিছে।

খিৰিকীৰ আইনাখন আছিল ভগা আৰু বেৰত ভালুকৰ হাতোঁৰাৰ নখৰ ছাপ বহি আছিল। এটা ভালুকে আমি শুই থকা কোঠাটোৰ খিৰিকীৰে ঘৰটোৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছিল। সেই মুহুৰ্ত্তত, ভঙা খিৰিকীখন দেখাৰ সময়ত তাৰ ঠিক কেইটামান মিনিটৰ আগেয়ে তাত কি হৈ আছিল, সেয়া অনুমান কৰি আমাৰ অৱস্থা চাবলগীয়া হৈছিল!

কাঁচ ভঙাৰ ঘটনাটো পিছে সদায়ে নাটকীয় বা হুলস্থুলীয়া নহ’বও পাৰে; বৰঞ্চ কেতিয়াবা ই ইমানেই সূক্ষ্ম আৰু কোমল হ’ব পাৰে যে, এনেকুৱা কাঁচ ভঙাৰ ঘটনাৰ মাজতো মানুহ একোজনৰ নিশ্চিন্তে শুই থাকিব পাৰে। আৰু ঠিক এনেকুৱা এটা ঘটনাই হৈছিল ট্ৰেন্স-হিমালয়ৰ পাৰ্বত্য অঞ্চলৰ লাডাখৰ ঝাঞ্চকাৰৰ এখন প্ৰত্যন্ত গাঁৱত। এদিন মোৰ আইনাৰ খিৰিকী ভাঙি ঘৰৰ ভিতৰত সোমাবলৈ এটা হিমালয়ান মুগা ভালুকে বহু পৰ জুৰি চেষ্টা কৰি থকাৰ গোটেই সময়খিনিত মই একো গম নোপোৱাকৈয়ে শুই আছিলো আৰু যেতিয়া মোৰ চুবুৰীয়া মানুহঘৰে মোৰ ঘৰৰ পৰা ভালুকটো তেওঁলোকৰ পথাৰলৈ যোৱা দেখি হুলস্থুল আৰম্ভ কৰিলে, তেতিয়াহে মই সাৰ পাই ভালুক মহাশয়ৰ কীৰ্তি-কাহিনীৰ কথা গম পালো।

হুলস্থুল শুনি মই আৰু মোৰ সতে সহকৰ্মীজন ঘৰৰ বাহিৰলৈ ওলাই আহি দেখা পালো যে, দুটা সৰু ভালুকে পথাৰৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰা-ঘূৰি কৰি আছে, মাজে সময়ে নিজৰ ভৰিত থিয় দি ইফাল-সিফাল কৰি আছে আৰু আমাৰ পিনে কেৰাহীকৈ চাই ভাবিছে, – এই দুঠেঙীয়া জীৱবিধৰনো ইমান হুলস্থুল কৰিবলৈ হৈছে কি? ভঙা টিঙ আদি বজাই হুলস্থুল কৰি আৰু ভালুককেইটাৰ গাত টৰ্চৰ পোহৰ পেলাই সিহঁতক খেদাবৰ বাবে বহু পৰ চেষ্টা কৰাৰ পাছত গাঁৱৰ ৰাইজ আমাৰ খবৰ ল’বলৈ আহিল। তেওঁলোকক দেখিয়েই আমি তেওঁলোকৰ চিন্তাৰ কাৰণ বুজি পালো। গাঁৱৰে এজনে আমাক আমি থকা ঘৰটোৰ পিছপিনে নি আমাক খিৰিকীখন দেখুৱালে। খিৰিকীৰ আইনাখন আছিল ভগা আৰু বেৰত ভালুকৰ হাতোঁৰাৰ নখৰ ছাপ বহি আছিল। এটা ভালুকে আমি শুই থকা কোঠাটোৰ খিৰিকীৰে ঘৰটোৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছিল। সেই মুহুৰ্ত্তত, ভঙা খিৰিকীখন দেখাৰ সময়ত তাৰ ঠিক কেইটামান মিনিটৰ আগেয়ে তাত কি হৈ আছিল, সেয়া অনুমান কৰি আমাৰ অৱস্থা চাবলগীয়া হৈছিল!

এতিয়াও এই ঘটনাটোৰ কথা মই মোৰ লগৰবোৰক যেতিয়া কওঁ, তেতিয়া সকলোৱে মাত্ৰ এটা কথাই জানিব খোজে, ভালুকটোৱে যে খিৰিকীখন ভাঙি আছিল, সেই কথাটো মই কেনেকৈ গম নেপালো? সঁচা কথা ক’বলৈ হ’লে, মোৰ টোপনি তেনেই পাতল আৰু সামান্য শব্দ একোটাইও মোৰ টোপনি ভাঙে।

কাঁচৰ ওপৰত জোৰেৰে কোবাই কাঁচ ভাঙিবলৈ চেষ্টা কৰৰ সলনি লাহেকৈ হেঁচা প্ৰয়োগ কৰি গ্লাছখন ফাট মেলোৱা আৰু ফটা কাঁচক ঠেলি আঁতৰাই খিৰিকী খোলাৰ এই বুদ্ধি দেখি মই নিসন্দেহে আচৰিত হৈছিলো।

পিছে, ভালুক সোমাব খোজোঁতে মই বা গম নেপালো কিয়! কাৰণ, সেইদিনা, ভালুককেইটাই কাঁচৰ খিৰিকী ভাঙোতে নিজে যাতে দুখ নাপাই আৰু একেবাৰে শব্দ নহয়, তাৰ বাবে নতুন কৌশল এটা প্ৰয়োগ কৰিছিল। মই যিমানখিনি জানো, ভালুকৰ হাতোঁৰা বিলাক বেছ ডাঠ চামৰাৰে আৱৰা হ’লেও সিহঁতে এই হাতোঁৰাৰেই কোনো এখন পৃষ্ঠৰ গতি-বিধি খুব ভালকৈ বুজিবলৈ সক্ষম। পাহাৰৰ ওখোৰা-মোখোৰা, ঠিয় ঢাল আৰু শিখৰ, চকুৰে চাই নহয়, কেৱল হাতোঁৰাৰে অনুভৱ কৰিহে বগাবলৈ চেষ্টা কৰা ভালুকৰ অনেক ভিডিঅ’ মই দেখিছো। গতিকে তাৰ পৰাই এটা কথা ক’ব পাৰোঁ, যে সিদিনা সিহঁতে বেৰৰ সন্মুখত ঠিয় দি নিজৰ আগঠেঙেৰে বেৰত ভৰ দি, লাহে লাহে হাতোঁৰাৰে দূৰ্বল অংশ এটা বিচাৰিবলৈ চেষ্টা কৰিছিল। আৰু যেতিয়াই সিহঁতে খিৰিকীৰ কাঁচখন চূইছিল, তেতিয়া হয়তো সিহঁতে এটা কথা গম পাইছিল যে এইখন অলপ জোৰেৰে হেঁচিলেই হয়তো এইখন ফাটি যাব আৰু তাক লাহেকৈ আঁতৰাই সিহঁত ভিতৰলৈ সোমাব পাৰিব।

এই ঘটনাৰ পাছৰ প্ৰায় ২১ দিন মই গোটেই অঞ্চলটোৰ য’তেই ভালুকে খিৰিকী ভঙা বুলি গম পাইছিলো সকলোবোৰ ঠাইলৈ গৈ, কেনেকৈনো খিৰিকীৰ কাঁচ ভাঙিছে সেয়া নিৰীক্ষণ কৰিছিলো। আশ্বৰ্য্যকৰ ভাৱে, সকলোতে ঠিক একেধৰণৰ কৌশল এটাই মোৰ চকুত পৰিছিল। কাঁচৰ ওপৰত জোৰেৰে কোবাই কাঁচ ভাঙিবলৈ চেষ্টা কৰৰ সলনি লাহেকৈ হেঁচা প্ৰয়োগ কৰি গ্লাছখন ফাট মেলোৱা আৰু ফটা কাঁচক ঠেলি আঁতৰাই খিৰিকী খোলাৰ এই বুদ্ধি দেখি মই নিসন্দেহে আচৰিত হৈছিলো। আৰু ইয়ে মোক ভালুকৰ অনুভৱ ক্ষমতা আৰু  বুদ্ধিমত্তা সম্পৰ্কেও নতুন কথা চিন্তা কৰিবলৈ, জানিবলৈ সুযোগ দিলে। 

(মূল ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ ‘বিৰিয়াৰ সাঁউৰি’ৰ। মূল লেখা ইংৰাজী শিতানত সন্নিৱিষ্ট।)

কী ৰ্তি চা ৱ ন

পৰিৱেশ সংৰক্ষণবিদ তথা গৱেষক। তেওঁ লাডাখত স্ন' লিওপাৰ্ড  কনজাৰভেন্সী ইণ্ডিয়া ট্ৰাষ্ট নামৰ সংস্থাত কৰ্মৰত।

Previous হিন্দুত্ব আৰু হিন্দুৰ সংকট
Next Through the broken glass: a peep into the bear's brain.