লোকসভা নিৰ্বাচনলৈ দুটা মাহো নাই। অসমৰ ১৪খন লোকসভা আসনলৈ লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মাই আজি সদনত এক ৰাজনৈতিক ভাষণ পাঠ কৰিলে। ভাষণ পঢ়ি থকা সময়ত মন্ত্ৰীজনৰ আৱেগ-উষ্মা দেখি একাংশ বিধায়কে সদনৰ মজিয়াত আছেনে নে নিৰ্বাচনী সভাত বহি আছে বুজিবলৈ অসুবিধাও পালে।
মন্ত্ৰী শৰ্মাই নিজৰ ভাষণত যিবোৰ কথা ঘোষণা কৰিলে সেয়া জনপ্ৰতিনিধিসকলৰ বাবে অপমানজনক। কিয়নো শংকৰদেৱৰ গুণমালাৰ উক্তিৰে আৰম্ভ কৰা ভাষণত প্ৰতিটো পৃষ্ঠাত কেৱল মতলববাজি টোপ।প্ৰায় ১ লাখ কোটি টকাৰ এই বাজেটত নিৰ্বাচনী ইস্তাহাৰৰ লেখীয়াকৈ দিয়া হৈছে প্ৰতিশ্ৰুতি। ১টকা দৰত চাহ জনগোষ্ঠীৰ লোকক চাউল বিতৰণ কৰাৰ কথা ঘোষণা কৰাৰ কথা হৈছে দুমাহৰ বাবে।
শংকৰদেৱৰ আদৰ্শৰে ভাষণ প্ৰদান কৰিবলৈ আহি নিজৰ ভাষণতে কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ পোষকতা কৰি গ’ল মন্ত্ৰীজনে। জাতীয় সাজ-পাৰ পৰিধান কৰি কান্ধত বৰফুলৰ গামোছা লৈ আৱেগ ঢালি বিত্ত মন্ত্ৰীয়ে আজি চৰকাৰীভাৱে যৌতুক প্ৰথা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে।
https://biriyaa.com/
মাৰ্চ আৰু এপ্ৰিল এই দুমাহত ১টকীয়া চাউল খাই নিৰ্বাচনত শাসকীয় দলক ভোট দিব লাগিব ৰাইজে। একেদৰে ২৫০ টকাকৈ মাহত অৰ্থাৎ দৈনিক ৮ টকাকৈ বৃদ্ধ পেন্সন দিয়া হ’ব জ্যেষ্ঠ লোকসকলক।এইসকলকতো কিবা এটা দিছেই। কিন্তু নিয়োগ সৃষ্টিৰ বাবে ৰাজ্যখনৰ লাখ লাখ নিৱনুৱাক একোৱেই ভাল খবৰ দিব নোৱাৰিলে মন্ত্ৰীজনে। শংকৰদেৱৰ আদৰ্শৰে ভাষণ প্ৰদান কৰিবলৈ আহি নিজৰ ভাষণতে কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ পোষকতা কৰি গ’ল মন্ত্ৰীজনে। জাতীয় সাজ-পাৰ পৰিধান কৰি কান্ধত বৰফুলৰ গামোছা লৈ আৱেগ ঢালি বিত্ত মন্ত্ৰীয়ে আজি চৰকাৰীভাৱে যৌতুক প্ৰথা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে। ইয়াৰ বাবে ৩০০ কোটি টকা ধাৰ্য কৰা হৈছে। মহামুনি বশিষ্ঠৰ পত্নীলৈ মনত পৰি মন্ত্ৰীয়ে আজি ‘অৰুন্ধতী’ আঁচনিৰ নামত কন্যা সন্তানক বিবাহ দিলে এক তোলাকৈ সোণ (৩৮হাজাৰ টকাৰ) প্ৰদান কৰাৰ কথা ঘোষণা কৰি সতীদাহ প্ৰথা, বাল্য বিবাহ আদি কু-সংস্কাৰক পুনৰ প্ৰচলন কৰাৰ পথ প্ৰশস্ত কৰিলে।
একেদৰে অসমৰ বৃহৎ সংখ্যালঘু ৰাইজৰ উন্নয়ন আৰু বিকাশৰ বাবে মাত্ৰ ২৫০ কোটি টকা ধাৰ্য কৰি এক বৈষম্যমূলক আচৰণ প্ৰকট কৰি তুলিছে। অন্যান্য জনগোষ্ঠীৰ ক্ষেত্ৰত পুঁজি আৱণ্টন দিবলৈ কৃপণালি নকৰা মন্ত্ৰীজনে আনকি মঠ-মন্দিৰ, সত্ৰৰ এক দীঘলীয়া তালিকা দাখিল কৰি সাহায্য আৰু নিয়মীয়া পুঁজি বিতৰণৰ কথা ঘোষণা কৰিছে।
যি সময়ত কেন্দ্ৰীয় চৰকাৰে শ শ কোটি টকা ‘বেটী বছাও বেটী পঢ়াও’ৰ নামত বিজ্ঞাপন দি ব্যয় কৰিছে সেই সময়ত কন্যা সন্তানক যৌতুক দি বিয়া দিয়াৰ প্ৰতি আকৰ্ষিত কৰিছে চৰকাৰে। একেদৰে অসমৰ বৃহৎ সংখ্যালঘু ৰাইজৰ উন্নয়ন আৰু বিকাশৰ বাবে মাত্ৰ ২৫০ কোটি টকা ধাৰ্য কৰি এক বৈষম্যমূলক আচৰণ প্ৰকট কৰি তুলিছে। অন্যান্য জনগোষ্ঠীৰ ক্ষেত্ৰত পুঁজি আৱণ্টন দিবলৈ কৃপণালি নকৰা মন্ত্ৰীজনে আনকি মঠ-মন্দিৰ, সত্ৰৰ এক দীঘলীয়া তালিকা দাখিল কৰি সাহায্য আৰু নিয়মীয়া পুঁজি বিতৰণৰ কথা ঘোষণা কৰিছে। হিন্দু ধৰ্মৰ মঠ-মন্দিৰৰ প্ৰতি বৰঙণি দি বৌদ্ধ, খ্ৰীষ্টান, ইছলাম, জৈন আদি ধৰ্মৰ ধৰ্মীয় প্ৰতিষ্ঠানসমূহক বঞ্চিত কৰি এক বৈষম্যমূলক দৃষ্টান্ত দাঙি ধৰিছে মন্ত্ৰীজনে। শংকৰদেৱৰ আদৰ্শ এনে আছিল নেকি? এই প্ৰশ্নৰ উত্তৰ অৱশ্যে বিত্ত মন্ত্ৰীজনৰ পৰা আশা কৰা ভুল এইবাবে তেওঁৰ চৰকাৰৰ সকলো ধৰণৰ কাম-কাজেই ধাণ্ডাবাজি। এতিয়া আহো কাৰিকৰী বিষয়লৈ। ৯৮৩৩৯.০৫ কোটি টকাৰ এই বাজেটত চৰকাৰে ১১৯৩.০৪ কোটি ঘাটি হ’ব বুলি দেখুৱাইছে। ইয়াত ৰাজহ শিতানত ৮৩১৪৭ কোটি টকা আহৰণ কৰিব পাৰি বুলি উল্লেখ কৰিছে যদিও ৰাজ্যৰ মূল ৰাজহৰ উৎসসমূহৰ বিশ্লষণত মাত্ৰ ২৭ শতাংশ পুজি সংগ্ৰহ হোৱাটোহে স্পষ্ট হৈছে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ পৰা গৰিষ্ঠসংখ্যক ৫৩ শতাংশ পুঁজি অহাৰ আশা কৰিছে চৰকাৰে। কিন্তু যিসমূহ আঁচনি ঘোষণা কৰা হৈছে এই আঁচনিসমূহ ৰাজ্য চৰকাৰৰ নিজা পৰিকল্পনা।
https://biriyaa.com/

এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ পৰা ধন আৱণ্টন আশা কৰা যায় কেনেকৈ? দ্বিতীয়তে ৰাজহৰ মূল আন এক অংশ আশা কৰা হৈছে আবকাৰী শুল্কৰ পৰা। ২০১৮-১৯ বিত্ত বৰ্ষত প্ৰায় ১৩০০ কোটি টকা সুৰা বিক্ৰীৰ পৰা চৰকাৰে আহৰণ কৰিব বিচাৰিছে। সুৰাৰ প্ৰচলন বৃদ্ধি কৰি বিশেষকৈ দেশীয় সুৰাৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰি আবকাৰী শুল্ক বৃদ্ধি কৰিব বিচাৰিছে। নতুন প্ৰজন্মক নিয়োগৰ কোনো আশা প্ৰদান নকৰি দেশীয় সুৰা বিক্ৰীৰ আঁচনি গ্ৰহণ কৰাৰ কথাটোৱে চৰকাৰৰ দুমুখীয়া চৰিত্ৰক প্ৰকট কৰি তুলিছে। চৰকাৰে অসম চুক্তি ৰূপায়ণৰ বাবে কোনো ধৰণৰ নতুন প্ৰস্তাৱ গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে চুবুৰীয়া ৰাজ্য  মেঘালয়ক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে প্ৰদান কৰিছে ১০ কোটি টকা। ‘অসম উন্নয়ন মালা’ নামৰ আঁচনিৰ দ্বাৰা চৰকাৰে ২০১৬-১৭ বৰ্ষত অনুমোদন জনোৱা পুঁজি এতিয়াও ব্যৱহাৰ কৰিব পৰা নাই। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল কনকলতা মহিলা সবলীকৰণ নামৰ এক আঁচনিৰ জৰিয়তে পূৰ্বৰ ২৫০ কোটি টকা আৱণ্টনৰ কথা ঘোষণা কৰি একেটা আঁচনিতে আকৌ ৬৫ কোটি টকা ধাৰ্য কৰা হৈছে। কৰশূন্য বাজেট বুলি ঘোষণা কৰা এই বাজেট ভাষণত পূৰ্বৰ মুখ্যমন্ত্ৰীৰ সৰ্বাত্মক গ্ৰাম্য উন্নয়ন আঁচনিৰ হাজাৰ কোটি টকা ক’লৈ গ’ল সেই বিষয়ে কোনো ধৰণৰ উল্লেখ নাই। মন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ ঘোষণা- বাজেটত পুঁজি ব্যয়ৰ পৰিমাণ পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। ২০১৬-১৭ বৰ্ষত ৫০ হাজাৰ কোটি টকা, ২০১৭-১৮ বৰ্ষত ৬০ হাজাৰ কোটি টকা আৰু বৰ্তমান ৭০ হাজাৰ কোটি টকা ব্যয় হ’ব বুলি আশা কৰিছে। অৰ্থাৎ বাজেটত নিৰ্ধাৰণ কৰা পুঁজি ওপৰত উল্লেখ কৰা বৰ্ষ কেইটাত চৰকাৰে ব্যয় কৰিব নোৱাৰিলে। ইয়াৰ পিছতো দেশৰ ৫খন উন্নত ৰাজ্যৰ তালিকাত অসম অন্তৰ্ভূক্ত হৈছে বুলি বীৰদৰ্পে ঘোষণা কৰিছে বিত্তমন্ত্ৰীজনে। পুঁজি ব্যয়ৰ বিফলতাৰ বাবে এক দীঘলীয়া প্ৰায় ৩ঘণ্টা ২০ মিনিটৰ ৰাজনৈতিক ভাষণত মন্ত্ৰীজনে কাৰিকৰী বিষয়বোৰ বাদ দি আৱেগিক আৰু কৌশলী কথাৰে বিধায়কসকলক মোহাচ্ছন্ন কৰি ৰাখে। মন্ত্ৰীজনে সদনত থকা জনপ্ৰতিনিধিসকলৰ বাজেট জ্ঞান শূন্য বুলি ধৰি লৈ এনেধৰণৰ ভাষণ প্ৰদান কৰে বুলিহে ধাৰণা হৈছে। এই বিষয়ত অধিক আলোচনাৰ নিশ্চয় প্ৰয়োজন আছে। 

বে দ ব্ৰ ত ব ৰা

জ্যেষ্ঠ সাংবাদিক, ৰাজনৈতিক বিশ্লেষক আৰু 'বিৰিয়া'ৰ স্তম্ভ লেখক।

Previous একতোলা সোণ আৰু মহিলা সবলীকৰণ
Next সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে