তিয়া ৰাজনীতি কৰা কোনো দলতেই নেতা নাই৷ আমি দেখি থকাবিলাক নেতা হয় জানো?
নেতা মানে নেতৃত্বৰ গুণ থকা লোক৷ এতিয়া যিবোৰে নিজকে নেতা বোলায় সেইবিলাক (উধৰ পৰা মূধলৈ) দলেৰে সৈতে কৰ্প’ৰেট বণিয়াৰ দালাল৷ দল যিয়েই নহ‌ওক চৰিত্ৰ প্ৰায়বিলাকৰে একেই৷ এই দালালবিলাকে কোনো কোম্পানীয়ে কেঁচামাল কিনাদি ভোটাৰ কিনে৷ ভোটটো দিলেই এই মানুহখিনিৰ ভাগ্য কোনো কোনো কোম্পানীৰ ওচৰত বিক্ৰী যায়৷ গণতন্ত্ৰত সংখ্যাৰ যি খেলা সেই খেলাটো বুজিলৈ মইমতালি কৰি থকা এই দালালবিলাকৰ ওচৰত জনসাধাৰণৰ ইচ্ছা আৱেগ আৰু প্ৰয়োজন অদৰকাৰী কথা৷

সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিবলৈকে সাংসদ/বিধায়ক কিনা বেচাতো সৰু কথা৷ কেতিয়াবা একোটাকৈ দলকেই কিনাবেচা পৰ্যন্ত কৰি থকা হৈছে৷ অসমত অগপ, বি.পি.এফ এই দলবোৰক বিজেপিয়ে পাইকাৰী দৰত কিনা বুলি ক’লে চাগৈ অত্যুক্তি কৰা নহ’ব৷ সংবাদ মাধ্যমসমূহ, তথাকথিত ৰাজনৈতিক বিশ্লেষক, সমালোচক কু-বুদ্ধিজীৱীসমুহকো (বুদ্ধিজীৱী নহয় ) প্ৰত্যক্ষ বা পৰোক্ষভাৱে ক্ৰয় কৰা হয়৷

যুৱক যুৱতীৰ পৃথিৱী সলাব পৰা ইচ্ছা অদম্য শক্তিক হাইজেক কৰি ক্ষোভ আৰু ঘৃণাৰে ভৰপূৰ একো একোটা বিধ্বংসী বোমাস্বৰূপে পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছে৷

এই যে ৰাজনীতি কৰা দলবিলাকে নিৰ্বাচনৰ আগে আগে ভোটাৰক ইটো সিটো দি ভোট কিনাৰ উপায় লৈছে, ভোটাৰসকলেও ঠিক নিৰ্বাচনৰ আগে আগে ব্যক্তিগত লাভালাভৰ লগতে সমষ্টিগত লাভালাভৰ বাবেও বিভিন্ন ধৰণে ৰাজনীতিৰ বেপাৰীবিলাকৰ লগত দৰ দাম কৰাৰ সময়৷ ধৰক মোৰ ৰেচনকাৰ্ডখন হেৰাল, যাৱতীয় সকলো ব্যৱস্থামতে নতুন কাৰ্ডৰ বাবে আৱেদন জনোৱাৰ পিছতো যদিহে কাৰ্ডখন পোৱা নাই, চিধা কথা যি দলৰ কোনোবা লোকে সেইখন উলিয়াই আনি দিব সেই দলকে ভোটটো দিম৷ লগতে নিৰ্বাচনৰ আগতেই আমাৰ অঞ্চলত বিদ্যুতৰ ভল্টেজ (যি এতিয়া তেনেই কম ) বঢ়াওক আৰু অন্ততঃ প্ৰতিঘৰতে এজনকৈ চৰকাৰী চাকৰিয়াল নিযুক্ত কৰক (এজন মন্ত্ৰীৰ এটা সমষ্টিৰ বিষয়ে সঁচাই মিছাই এনে কথা আপুনিও শুনা নাইনে যে, তাত প্ৰতি ঘৰতে একোজনকৈ চৰকাৰী চাকৰিয়াল আছে৷ মন্ত্ৰী ডাঙৰীয়াই এদিনতে পাঁচটা দল সলালেও ৰাইজৰ আস্থা সলনি নহয়৷ সেইটো তেখেতৰ নিগাজী গড়।) ভোট আমি সেইদলকেই দিম৷ এনেবোৰ বাৰগেইনিং কৰি দীৰ্ঘকালীন কাৰ্যকৰী হোৱাকৈ বিদ্যালয়, পুথিভঁৰাল, চিকিৎসালয়, বিনামূলীয়াকৈ ঔষধ যোগান কেন্দ্ৰ আদিবিলাক নিৰ্বাচনৰ আগতেই সম্পূৰ্ণৰূপে আদায় কৰি লৈহে ভোট দিব লাগে৷ নাইবা ৰাজহুৱাকৈ নিৰ্বাচন বৰ্জন কৰাৰ দৰে পদক্ষেপ লোৱাৰ সময়৷ এতিয়া কথাবিলাক স্পষ্ট, যি মানুহে অতবছৰে এটা চৰকাৰী ছেনিটাৰি লেট্ৰিন, ৰন্ধন গেছ, এটকীয়া/বিনামূলীয়া চাউল (পৰিমাণ যিকি নহ‌ওক) বেংক একাউণ্টত যিকোনো আঁচনিৰ নামত নগদ ধন, (এইবিলাক কৰিবলৈকে ৰিজাৰ্ভ বেংকৰ আপাতকালীন জমাখিনিও কেতিয়াবাতেই শেষ হ’ল) পকী পথ (মান যিয়েই ন‌হওক) পাইছে তেওঁলোকক জাতি, মাটি, ভেটি, স্বাভিমান আদিবিলাক কৈ একো লাভ নাই৷ তেওঁলোকে পাইছে গতিকে পায়েই থাকিব বিচাৰিব, তাত দোষো একো নাই৷ কিন্তু, যদি পো-নাতিৰ ভবিষ্যত বোলা বিষয়টো আহে আৰু সেই বিষয়ে স্পষ্ট এটা পথৰ সন্ধান পায়, নিৰ্বাচনৰ সময়ত মাথোঁ এটা সংখ্যা হৈ পৰা এই মানুহখিনিয়ে কি ৰূপ ল’ব পাৰে বাৰু?

আমাৰ মানুহক জিডিপি, ৰিজাৰ্ভ বেংকৰ অৱস্থা, দেশৰ লুটিখাই পৰা অৰ্থনীতি, বিদেশনীতি (চীনৰ কূটনীতিৰ সন্মুখত ভাৰতীয় তন্ত্ৰৰ অসহায় অৱস্থা ), প্ৰতিবছৰে বাঢ়ি অহা প্ৰসুতিৰ মৃত্যুৰ হাৰ, দিশাহীন শিক্ষা  ব্যৱস্থা, নিয়োগহীনতা, উদ্যোগ বন্ধ হোৱা/ বিক্ৰী হোৱা, বজাৰৰ দখল, কৃষিৰ দখল, অৰণ্যৰ দখল হেৰাই যোৱা ধৰণৰ কথাবোৰে নুচুৱে৷ এইবোৰ ভোটসৰ্বস্ব ৰাজনীতিৰ বাহিৰৰ। এইবিলাক কথাৰে টকশ্ব’ হ’ব পাৰে৷ কোনোবাই ৰাজহুৱা বক্তৃতা দিব পাৰে৷ কাৰ্যতঃ এইবিলাক কথাই নিৰ্বাচনত একো ৰায় গঠন কৰাৰ কাৰক হ’ব নোৱাৰে৷ হয়তো সেয়েই ফুকলিয়া কিছুমানেও নিৰ্দিদ্ধাই হীৰেণ গোঁহাইৰ দৰে বুদ্ধিজীৱীকো ৰাজহুৱাকৈ যা তা ক’ব পাৰে৷

আমাৰ দেশৰ সকলো দিশৰে পৰা আটাইতকৈ পিছপৰা মানুহখিনিৰ সৈতে বিভিন্ন সময়ত সম চিন্তাৰ দুজনমান বন্ধুৱে ব্যস্ততাৰ মাজতো দেশৰ বিভিন্ন ঠাইত কাম কাজ কৰোঁতে আজৰি পৰত জীৱনৰ আকাংখ্যা বিষয়ক কথা-বতৰা পাতোঁতে প্ৰকাশ পোৱা কথাখিনি মন কৰিবলগীয়া৷ এই আকাংক্ষাৰ সূচীখন ক্ৰম অনুযায়ী এনে ধৰণৰ-

. নিজ প্ৰদেশৰ মহাগৰখন দেখিবলৈ পোৱা,
২. সাগৰ দৰ্শন,
৩. কোনো পাহাৰীয়া ঠাইত থকা মন্দিৰত তীৰ্থ কৰিবলৈ যোৱা,
৪. এৰ’প্লেনত উঠা
আৰু
৫. প্ৰিয় তাৰকা অভিনীত চিনেমা কোনো চিনেমা হলত চোৱা৷

এই সময় বৰ জটিল৷ একেসময়তে প্ৰযুক্তি হাতৰ মুঠিয়ে মুঠিয়ে যদিও প্ৰযুক্তিৰ চৰম অপব্যৱহাৰেৰে মানুহৰ মনবোৰক বিষাক্ত কৰোৱা হৈছে৷ দিনে নিশাই মানুহক অপব্যাখ্যা সনা তথ্য, বিজ্ঞান মনস্কতাৰ বিপৰীতে অন্ধ আৱেগ, অন্ধবিশ্বাসেৰে ভৰপূৰ বা-বাতৰি দেখাই/শুনাই থকা হৈছে৷ কনমানি কিশোৰকো অস্থিৰ অশান্ত কৰি ভ্ৰান্ত বিকৃত ইতিহাসৰ পাঠ দিয়া হৈছে৷ যুৱক যুৱতীৰ পৃথিৱী সলাব পৰা ইচ্ছা অদম্য শক্তিক হাইজেক কৰি ক্ষোভ আৰু ঘৃণাৰে ভৰপূৰ একো একোটা বিধ্বংসী বোমাস্বৰূপে পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছে৷

সমগ্ৰ পৃথিৱীতে হয়তো এতিয়া গণতান্ত্ৰিক ব্যৱস্থাটোৱেই সংকটৰ গৰাহত৷ পুৰণি মদ নতুন বটলত ভৰোৱাৰ দৰেই দেশে দেশে গণতন্ত্ৰৰ মুখা পিন্ধি নিজৰ খেয়াল খুচিৰে দেশ পৰিচালনা কৰা দেশ প্ৰধানবিলাকে ক্ষমতা লাভ কৰিছে৷ ধৰ্ম আৰু যুদ্ধৰ উন্মাদনা এই দেশপ্ৰধানবোৰৰ ৰাজনীতিৰ মূলধন৷ নীতি আদৰ্শ বুলিবলৈ  ইহঁতৰ একো নাই। দেশপ্ৰেম এই অধ‌ইচ বেপাৰী বিলাকৰ বাবে অতি হাস্যকৰ কিবা এটা৷ সেয়েই হয়তো দেশপ্ৰেমৰ ধাৰণাহীন কুলাংগাৰসোপাই অৱলীলাক্ৰমে যিকোনো অযুহাততে সিহঁতক প্ৰশ্ন/বিৰোধ কৰা নিৰ্দিষ্ট কিছুমান মানুহক প্ৰতিশোধ ল’বলৈকে দেশদ্ৰোহী আখ্যা দিয়ে৷ (দেশপ্ৰেমিক বুলি দাবী কৰা আৰু বিজ্ঞাপন দিয়া দল এটাই শাসন কৰি থাকোঁতে হঠাৎ দেশদ্ৰোহীৰ সংখ্যা বাৰিষাৰ ভেকুলীৰ টোৰটোৰণি বঢ়াদি হুৰহুৰাই বাঢ়িছে যে মন কৰিছেনে?) কেইগৰাকীমান ধনকুবেৰে সমগ্ৰ পৃথিৱীৰ ধন সম্পদ  অকলেই ভোগ কৰিবলৈ ভেৰোণীয়া দালাল বিলাকক ৰাজনীতিৰ বেপাৰী সাজি বজাৰত মেলি দিছে৷ সেয়ে সকলোতে এতিয়া বজৰুৱা কথা বাৰ্তা। বজাৰ আৰু বেপাৰ বেয়া বুলিব বিচৰা নাই৷ কিন্তু বজাৰ আৰু বেপাৰ সৰ্বস্ব শিক্ষা, স্বাস্থ্য, পৰিবহণ, আদিকে ধৰি সমস্ত সামাজিক ব্যৱস্থা পৰিচালিত হ’লে নিশ্চয় চিন্তা কৰিব লগীয়া৷ এতিয়া সকলোবোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ  হৈছেগৈ৷ লাহে লাহে বিদ্যুতো প্ৰিপেইড হোৱাৰ পথত৷ প্ৰিপেইড অৰ্থাৎ আগতে মূল্য ভৰক পিছত সেৱা। ভোটাৰৰ ভোট কিনাৰে পৰা বিধায়ক/সাংসদ এনেকি দলকেই কিনা ধূৰ্ত ৰাজনীতিৰ বেপাৰীক এতিয়া জনসাধাৰণে প্ৰিপেইড ধৰণে লগাখিনি আদায় কৰিহে ভোটটো দিম বুলি হুমকি দিয়াৰ সময়৷ মন কৰিব, শিক্ষা সমাপ্ত কৰি চাকৰি এটা কৰিবলৈ সাক্ষাৎকাৰ দিবলৈ যোৱাজনকো অভিজ্ঞতা বিচৰা হয়, টিভিটো চাবলৈ আগতীয়াকৈ ৰিচাৰ্জ কৰাই ল’ব লাগে, হস্পিটেলত অপাৰেচনটোও আগতে ধন নিদিলে নহয়, এন জি অ’ এটাৰ পঞ্জীয়ন পাবলৈ আগতীয়া কামৰ খতিয়ানৰ প্ৰয়োজন হয়৷ তেনেস্থলত ভোটৰ ক্ষেত্ৰতো কথাবিলাক প্ৰিপেইড ধৰণৰ কৰা হ‌ওক৷ এনে ৰাজনীতিৰ বেপাৰীয়ে কেতিয়াও নকৰে৷ কিন্তু আমি সৰ্বসাধাৰণে কৰাব পাৰোঁ। ব্যক্তিগত আৰু সামূহিক লাভালাভ সম্পূৰ্ণ আদায় কৰিহে ভোট দিম বুলি স্থিৰ কৰি ল’লে৷ নেতা বোলাবলৈ অহাবিলাকৰ যোগ্যতাৰ পৰিমাপ আমি ল’ব লাগিব৷ নিৰ্বাচনক বজাৰ পতাসকলে মুখামুখি কৰিব লাগিব প্ৰিপেইড ভোটাৰৰ । হয়তো অচিৰেই সমাগত সেই দিন৷ 

Previous “আকৌ নতুন প্ৰভাত হব'': জনতাৰ শিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ ৭৭ সংখ্যক জন্মদিনৰ সোঁৱৰণ
Next লকডাউন সৃষ্ট দৰিদ্ৰতা: কাৰ ভুলত আওবাটে খোজ দিছে কন্যা সন্তান ?