ৰাইৰ পিছতে পখিলাই বিশ্বজনীন জনপ্ৰিয়তা অৰ্জন কৰি, উৎসুকতা জাগ্ৰত কৰাৰ লগতে শিশুসকলৰ মাজত অতীৱ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ পখিলাই  ইতিমধ্যে প্ৰকৃতিবিদ আৰু বিজ্ঞানীসকলৰ মাজত চিন্তাৰ উদ্ৰেক কৰোৱা প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি বুলি পৰিগণিত হৈছে৷ পখিলাই ইয়াৰ সৌন্দৰ্য, ৰঙীণ অৱয়ৱৰ সংমিশ্ৰণ আৰু নান্দনিক সমাহাৰেৰে পতংগৰ জগতত এক সুকীয়া স্থান দখল কৰি আহিছে৷

উৎস: ইণ্টাৰনেট
পখিলাবোৰৰ নিঁখুতভাৱে আৱাসস্থল নিৰ্ধাৰণ আৰু নিৰ্দিষ্ট ঋতুপ্ৰৱণ প্ৰাণী হোৱাৰ লগতে পৰিৱেশতন্ত্ৰৰ এক পৰিমাপক হিচাপে চিহ্নিত হৈছে৷ বৰ্তমান সময়ৰ গোলকীয় উষ্ণতাৰ ফলত সৃষ্টি হোৱা পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তনৰ সমানে সমানে  আৰু সেই পৰিৱেশৰ এক অতি সংবেদনশীল প্ৰাণী হিচাপে পখিলাৰ বৈচিত্ৰ্যতাৰ ক্ষিপ্ৰ পৰিৱৰ্তনে বিজ্ঞানী সকলৰ মাজত পখিলাৰ এক অনবদ্য গুৰুত্ব বঢ়াই তুলিছে৷ পখিলাক অধ্যয়নক্ষেত্ৰৰ ব্যৱহাৰিক হাতপুথিৰ সহায়ত কোনো অনিষ্ট নকৰাকৈ সহজে পৰীক্ষণ আৰু চিনাক্তকৰণ কৰিব পাৰি৷
ভাৰতৰ এই প্ৰান্তৰ ৰাজ্যসমূহৰ ভিতৰত অকল অসমখনতেই প্ৰায় ৯৬২ বিধ প্ৰজাতিৰ পখিলাৰ আৱাসস্থল হিচাপে চিহ্নিত হৈছে৷ এই ক্ষেত্ৰত অসমে এক অতি চহকী বৈচিত্ৰ্যতাৰ চানেকি তুলি ধৰিছে।

         ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত পখিলাৰ অধ্যয়নৰ ক্ষেত্ৰখন এতিয়াও বহু সংকুচিত৷ এনে হোৱাৰ ফলত এই অঞ্চলত পখিলাৰ প্ৰকৃত মানদণ্ড, বিবিধতা আৰু সংৰক্ষণৰ অৱস্থা তেনেই চালুকীয়া হৈ পৰিছে৷ ফলস্বৰূপে এই নগণ্য তথ্যপাতিৰে এই অঞ্চলৰ জৈৱিক ক্ষেত্ৰ অধ্যয়ন, গৱেষণা আৰু শৈক্ষিক তথা বিদ্যায়তনিক কাম-কাজত আগবঢ়াই লৈ যাবলৈ যথেষ্ট প্ৰত্যাহ্বান আছে৷ তথাপিও ভাৰতৰ এই প্ৰান্তৰ ৰাজ্যসমূহৰ ভিতৰত অকল অসমখনতেই প্ৰায় ৯৬২ বিধ প্ৰজাতিৰ পখিলাৰ আৱাসস্থল হিচাপে চিহ্নিত হৈছে৷ এই ক্ষেত্ৰত অসমে এক অতি চহকী বৈচিত্ৰ্যতাৰ চানেকি তুলি ধৰিছে৷

পৰিৱেশৰ ভাৰসাম্যতা আৰু তাৰতম্যৰ দ্ব্যৰ্থহীন সংবেদনশীল মাপক হিচাপে পখিলাৰ গুৰুত্ব  অসীম৷ এই কথা অনুধাৱন কৰি অসমত দেখা পোৱা পখিলাসমূহৰ ভিতৰত পৰ্যবেক্ষণ তথা ফটোগ্ৰাফী কৰা কেইবিধমান পখিলাৰ এক সংক্ষিপ্ত বিৱৰণ দিবলৈ প্ৰয়াস কৰা হ’ল:
১) গ্ৰে’ পেনছি (Grey Pansy): বৈজ্ঞানিক নাম জুন’নীয়া এটলাইটছ  (Junonia atlites), নিমফালিডি (Nymphalidae) ফেমিলিৰ অন্তৰ্গত হিমালয়ৰ প্ৰায় ১৫০০ মিটাৰ উচ্চতালৈ পোৱা এবিধ পখিলা৷ সাধাৰণতে পানী থকা মুকলি ঠাইৰ ওচৰত থাকি ভাল পোৱা এই পখিলাবিধ বৰষুণৰ পৰিমাণ বেছি হোৱা অঞ্চলৰ সৰু পুখুৰী, শস্যৰ পথাৰ, অৰণ্যভূমিৰ দাঁতি-কাষৰীয়া মুকলি অঞ্চলত দৃষ্টিগোচৰ হয়৷
ভাৰতৰ শুষ্ক অঞ্চলসমূহ বাদ দি, নেপাল, ভূটান, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ, দক্ষিণ চীন, কম্বোডিয়া আদি দেশত পোৱা এই পখিলাবিধে মাটিৰ পৰা কম উচ্চতাত উৰি ফুৰে৷ বছৰৰ প্ৰায় সকলো সময়তে উপযুক্ত বাসস্থানত দেখা পোৱা এই পখিলাবিধৰ মৌচুমী ঋতুৰ ঠিক পিছত উপস্থিতি বেছিকৈ দেখা পোৱা যায়৷ ফুলৰ ওচৰত প্ৰায়ে অহা-যোৱা কৰি চমু অৱস্থান কৰা ধোঁৱা-বৰণীয়া বগা পখিলাবিধৰ ডাঠ মুগা বৰণৰ ৰেখাৰ লগতে শাৰীকৈ ফুটুকা-ফুটুকী ঘূৰণীয়া ডিস্ক (disc)ৰ নিচিনা চকুৰ গঠন সদৃশ (eyespot), বাহ্যিকভাৱে আধা ক’লা ৰঙৰ আৰু ভিতৰি আধা কমলা ৰঙৰ চকৰি দুয়োখন পাখিত দেখা পোৱা যায়৷ পাখিৰ মাজভাগলৈ eyespot বোৰ ক্ৰমশঃ নাইকিয়া হৈ অহা দেখা পোৱা যায়৷ পাখিৰ দৈৰ্ঘ্য ৫৫-৬৫ মিলিমিটাৰ৷ এই eyespot সমূহে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে৷
২) পিকক্ পেনছি (Peacock Pansy): বৈজ্ঞানিক নাম জুন’নীয়া আলমানা  (Junonia almana), নিমফালিডি ফেমিলিৰ অন্তৰ্গত আন এবিধ পখিলা৷ হিমালয়ৰ প্ৰায় ২০০০ মিটাৰ উচ্চতালৈকে পোৱা এই পখিলাবিধ ভাৰতবৰ্ষ, শ্ৰীলংকা, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ, পাকিস্তান আদি দেশত দেখা যায়৷ গোটেই বছৰজুৰি দৃষ্টিগোচৰ হোৱা এই পখিলাবিধ জলাশয়ৰ আশে-পাশে থকা উদ্ভিদ জগত, জোপোহা গছ, অৰণ্যভূমিৰ মুকলি অঞ্চল আৰু উদ্যান এলেকাত সঘনাই পৰিলক্ষিত হয়৷

পাখিৰ দৈৰ্ঘ্য ৫৫-৬৫ মিলিমিটাৰ৷ সুমথিৰা ৰঙৰ এই পখিলাবিধৰ পাখিৰ নিম্ন অংশত উজ্জ্বল ৰঙৰ ডাঙৰ ময়ূৰ চকুৰ আকৃতিৰ চিহ্ন আৰু পাখিৰ ওপৰৰ অংশত সৰু ময়ূৰ চকুৰ আকৃতিৰ চিহ্ন দেখিবলৈ পোৱা যায়৷ পাখিৰ ওপৰৰ অংশৰ দাঁতিত তিনিডাল ক’লা ৰঙৰ সমান্তৰাল পটি থাকে৷ ঋতুগত ভিন্নতাৰ বাবে বাৰিষা আৰু খৰাং কালত এই পখিলাবিধ পৈণত অৱস্থাত পাখিৰ গঠন, আকৃতি তথা ৰঙৰ পৰিৱৰ্তন ঘটি দুটা সম্পূৰ্ণ বেলেগ বেলেগ ৰূপ পৰিলক্ষিত হয়৷প্ৰধানকৈ পাখিৰ তলফালে এই পাৰ্থক্য বেছি সুস্পষ্ট হয়৷ খৰাং সময়ত কিছুমান চিহ্ন দেখা পোৱা পখিলাটোৰ পাখিৰ তলফালটো শুকান পাত এখিলাৰ দৰে হয়৷ বাৰিষা কালত পাখিৰ তলফালে অতিৰিক্ত চকুৰ নিচিনা চিহ্ন আৰু পটি সৃষ্টি হোৱা দেখা যায়৷ কোনো এক প্ৰজাতিৰ দ্বিৰূপ বা বহুৰূপ নিৰূপণত জৈৱ ৰাসায়নিক বিপাকীয় উৎপাদনত বিভিন্ন প্ৰটিন অণুৰ সংশ্লেষণ আৰু বাহ্যিক প্ৰকাশে মূখ্য ভূমিকা পালন কৰে বুলি ইতিমধ্যে আধুনিক গৱেষণাই নিশ্চিত কৰিছে৷

Previous এইচ.আই.ভি আক্ৰান্ত নাৰীৰ বিলৈ: লকডাউনৰ ফলত জীৱনদায়িনী ঔষধৰ বাবে হাহাকাৰ
Next কোনেও খাতিৰ নকৰা চেম্পিয়ন!