ইমচ্‌ৰ আধাৰশিলা স্থাপনৰ বাবে কালিয়ে গুৱাহাটীত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই আগমনৰ বিৰোধিতাৰে সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছে প্ৰতিবাদ৷ আজিৰ আধাৰশিলা স্থাপনৰ কাৰ্য্যসূচীত প্ৰধান মন্ত্ৰী মোডীৰ এক মন্তব্যই ইতিমধ্যেই বিতৰ্কৰ সৃষ্টি কৰিছে৷ নাগৰিকত্ব (সংশোধনী) বিধেয়কখনক লৈ শেহতীয়াকৈ অসমৰ সংবাদ মাধ্যমসমুহে গ্ৰহণ কৰা  স্থিতিত ক্ষোভিত হৈ পৰিছে প্ৰধান মন্ত্ৰী মোডী৷ আৰু সেয়ে আজি প্ৰধান মন্ত্ৰীৰ বক্তব্যত এই ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিল৷ চৰকাৰী কাৰ্য্যসূচীত অংশ লৈও দলীয় সভাত বক্তব্য আগবঢ়োৱাৰ লেখীয়াকৈ তেওঁ সংবাদ মাধ্যমক সমালোচনা কৰাটোৱে বিধেয়কৰ বিৰুদ্ধে ৰাজ্য তথা উত্তৰ-পূবত গঢ়ি উঠা বিক্ষোভে যে তেওঁলোকক হতাশ আৰু শংকিত কৰিছে সেই কথাই প্ৰতিয়মান হ’ল। “আজিৰ এই সভাত বহু লোকৰ আগমন হৈছে৷ কিন্তু কাইলৈৰ বাতৰিত এই খবৰ প্ৰকাশ নাপায়”৷ প্ৰধান মন্ত্ৰী মোডীৰ এই হতাশাগ্ৰস্ত বক্তব্য সম্প্ৰচাৰিত হোৱাৰ পিছতেই এতিয়া ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ সংবাদ মাধ্যমে নিজস্বতাৰে সংবাদ পৰিৱেশন কৰাৰ বিপৰীতে ৰাজনৈতিক দলসমুহৰ আদৰ্শৰে পৰিচালিত হোৱাটো উচিত বুলি  প্ৰধানমন্ত্ৰীগৰাকীয়ে আওঁপকীয়াকৈ মত প্ৰকাশ কৰিলে নেকি?

আজিৰ এই সভাত বহু লোকৰ আগমন হৈছে৷ কিন্তু কাইলৈৰ বাতৰিত এই খবৰ প্ৰকাশ নাপায়”৷ প্ৰধান মন্ত্ৰী মোডীৰ এই হতাশাগ্ৰস্ত বক্তব্য সম্প্ৰচাৰিত হোৱাৰ পিছতেই এতিয়া ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

নে সংবাদ মাধ্যমসমুহ বাৰুকৈ শাসকীয় দলৰ বহতীয়া হৈ থকাৰ পোষকতা কৰে শাসকীয় দলটোৱে? আজি এই বক্তব্যৰ পিছতেই এনে বহু প্ৰশ্নৰ  উত্থাপন হৈছে সচেতন লোকৰ মাজত৷ শেহতীয়াকৈ দেশত সংবাদ মাধ্যমৰ স্বাধীনতাৰ হাৰ বহু তললৈ অৱনমিত হৈছে৷ নিৰ্মমভাৱে হত্যা, অত্যাচাৰ, মানসিক নিৰ্য্যাতন আদিকে  ধৰি বিভিন্ন হিংসাৰ বলি হৈছে সাংবাদিকসকল৷ সাংবাদিকতা ক্ষেত্ৰখন হৈ পৰিছে বিপজ্জনক৷ সংবাদমাধ্যমসমুহ সদায় নিৰপেক্ষ তথা জনতাৰ উন্নয়নৰ বাবে হ’ব লাগে বুলি সমগ্ৰ পৃথিৱীৰ বৌদ্ধিক মহলে কৈ আহিছে, ঠিক তেনেসময়তে দেশৰ প্ৰধান মন্ত্ৰীৰ এনে বক্তব্যই আজি পুনৰ প্ৰতিষ্ঠা কৰিলে যে, দেশৰ সংবাদ মাধ্যম আৰু সৰ্বসাধাৰণ জনতাই দিবা-নিশি তেওঁৰেই বন্দনা কৰি থাকিব লাগে বহতীয়াৰ দৰে। য’ত সমালোচনা বা বিৰোধৰ কোনো স্থান নাই। অৰ্থাৎ সংবিধান আৰু গণতন্ত্ৰই দিয়া বাক্‌-স্বাধীনতা তথা সমালোচনাৰ অধিকাৰকণো তেওঁ কাঢ়ি ল’ব খুজিছে। আচলতে ক’ৰবাত তেওঁ মাৰাত্মক ভুল কৰি থৈছে, যিটো তেওঁৰ জ্ঞাত, সেয়ে তেওঁ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পক্ষপাতী নহয়। কাৰণ ইতিমধ্যেই তেওঁ আৰু তেওঁৰ দল-চৰকাৰৰ প্ৰকৃত স্বৰূপ ফাদিল হৈছে। 

ৰ শ্মি ৰে খা দা স

সুলেখক, সাংবাদিক তথা 'বিৰিয়া'ৰ নিয়মীয়া বিশ্লেষক।

Previous
Next ক'লা পতাকাবোৰে কি বুজাইছে?