ৰাৰাজ্যসভাত এক ঐতিহাসিক ঘটনা সংঘটিত হ’ল। শাসকীয় দলে বহু চেষ্টা কৰিও নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ উত্থাপন কৰিব নোৱাৰিলে। মোদীৰ নেতৃত্বত ২০১৯ৰ মে’ৰ পিছত যদি পুনৰ এনডিএ বা বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে তেতিয়াহ’লে হয়তো অসম বিৰোধী এই বিধেয়কখন পুনৰ উত্থাপন নহয়। কিন্তু আশংকা ৰৈ যায় এইবাবে যে বিজেপিৰ বিকল্প হিচাপে এতিয়াও বিৰোধীৰ ঐক্য সু-সংগঠিত আৰু শক্তিশালী হৈ উঠা নাই। বিজেপিৰ মিথ্যাচাৰ আৰু গোৱেবলছীয় নীতিত এতিয়াও সাধাৰণ জনতা ভোল গৈয়েই আছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি বিৰোধী শক্তি (কিছুক্ষেত্ৰত বিজেপি নেতাও) একত্ৰিত হৈ বিদেশীক স্বদেশী কৰা বিধেয়কখন বিৰোধিতা কৰিছে যদিও বিকল্পৰ অভাৱত আৰু সাম্প্ৰদায়িক দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰিব নোৱৰাৰ বাবে গেৰুৱা দলটোৰ প্ৰতি নিৰ্বাচনত সমৰ্থন আগবঢ়াব পাৰে।
অৱশ্যে এইক্ষেত্ৰত সাম্প্ৰদায়িকতাবাদতকৈয়ো ক্ষমতাৰ খঁককহে নেতাসকলে অগ্ৰাধিকাৰ দিয়ে। ধৰ্মভীৰু মানুহসকলে বিজেপিৰ সাম্প্ৰদায়িক নীতিক যেনেদৰে সমৰ্থন কৰে একেদৰে সাম্প্ৰদায়িক ইছলামধৰ্মী লোকসকলেও এআইইউডিএফ বা বদৰুদ্দিন আজমলকে ত্ৰাণকৰ্তা বুলি ভাবে। কংগ্ৰেছ দলৰ সুদীৰ্ঘ কালৰ ভুল নীতি আৰু দুৰ্নীতিক প্ৰশ্ৰয় দিয়া ব্যৱস্থাৰ বাবে এতিয়া বিকল্পৰ সন্ধানত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। কিন্তু এই কথা ঠিক যে বিজেপি দল পুনৰ ক্ষমতালৈ আহিলে বিতৰ্কিত বিধেয়কখন আইনত পৰিণত কৰাৰ লগতে অসমীয়া জাতীয়তাবাদ চুৰমাৰ কৰি দিবলৈ নানা প্ৰকাৰে অপচেষ্টা চলাব।
ধৰ্মভীৰু মানুহসকলে বিজেপিৰ সাম্প্ৰদায়িক নীতিক যেনেদৰে সমৰ্থন কৰে একেদৰে সাম্প্ৰদায়িক ইছলামধৰ্মী লোকসকলেও এআইইউডিএফ বা বদৰুদ্দিন আজমলকে ত্ৰাণকৰ্তা বুলি ভাবে। কংগ্ৰেছ দলৰ সুদীৰ্ঘ কালৰ ভুল নীতি আৰু দুৰ্নীতিক প্ৰশ্ৰয় দিয়া ব্যৱস্থাৰ বাবে এতিয়া বিকল্পৰ সন্ধানত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে।
ইতিমধ্যে অসম গণ পৰিষদ দলটোক বিজেপিৰ তথাকথিত জাতীয় নায়ক আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে ছদ্মৱেশী নেতাই গ্ৰাস কৰি পেলালে। বহু অগপৰ নেতা-পালিনেতাই জাতীয়তাবাদী পোছাক সলাই গেৰুৱা পোছাকেৰে ভণ্ড তপস্বীৰ ৰূপত আত্মপ্ৰকাশ কৰিছে। এওঁলোকে আনকি ইতিহাস সলনি কৰাৰ বাবেও নানা প্ৰকাৰে চেষ্টা চলায়। মুছলমান মানেই বিদেশী বা বাংলাদেশী বুলি এওঁলোকে হিন্দু মানুহক একত্ৰিত কৰি ভোট সংগ্ৰহৰ অংক অব্যাহত ৰাখিছে। কিন্তু শেহতীয়াকৈ বিতৰ্কিত বিধেয়কখনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক একত্ৰিত কৰিলে আৰু বিজেপিৰ ষড়যন্ত্ৰ ওফৰাবলৈ ঐক্যৱদ্ধভাৱে নিৰ্বাচন পৰ্য্যন্ত সংগ্ৰাম চলাবলৈ মানসিকভাৱে শক্তি যোগালে। এইখন ৰণ প্ৰকৃতাৰ্থত ইটাখুলিৰ ৰণৰ দৰে হ’ব লাগে। স্বৰ্গদেউ গদাধৰ সিংহই নিজৰ আভ্যন্তৰীণ শাসন ব্যৱস্থা কিছু টনকিয়াল হোৱাৰ পিছতে দা-ডাঙৰীয়া আৰু বিষয়াবৰ্গক লৈ গুৱাহাটী দখল কৰি ৰখা বঙাল খেদিবলৈ ওলাই আহিছিল। সকলো বিষয়া আৰু ৰণুৱাক লগত লৈ আহোমে প্ৰথমে বাঁহবাৰী, পিছত কাজলী দখল কৰিলে। পিছত কুৰুৱা, সাউদৰ কোঠ, বৰনদী আদিত যুদ্ধ কৰিলে আৰু বঙালৰ লগত থৈয়া-নথৈয়া যুদ্ধ কৰিলে। মনছুৰ খাঁ নৱাবক খেদি আলুন বৰুৱাই ইটাখুলি দখল কৰিলে। ১৬০৪ শকৰ শাওণ মাহত আহোমে গুৱাহাটী পুনৰ উদ্ধাৰ কৰি মুছলমানক খেদি পঠিয়ালে আৰু তেতিয়াৰে পৰা মুছলমানে অসম আক্ৰমণ কৰা নাই। গদাধৰ সিংহও সমগ্ৰ ভাৰততে পৰিচিত এজন শক্তিশালী নেতা হৈ পৰিল। বিধেয়ক বিৰোধী আমাৰ নেতাসকলে ইটাখুলিৰ ৰণৰ নিচিনাকৈ দৃঢ়তাৰে ২০১৯ৰ নিৰ্বাচনত যুদ্ধ কৰিব লাগিব। বিদেশী যাতে কোনো কাৰণতে অসমলৈ আহিব নোৱাৰে আৰু কেতিয়াও যাতে অসমীয়া জাতীয়তাবাদ ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিব নোৱাৰে তাৰ বাবে সকলোৱে সংগ্ৰাম কৰিব লাগিব আৰু প্ৰয়োজন হ’লে মূলা গাভৰুৱে কবচ বৈও যুদ্ধলৈ আহিব লাগিব। অৱশ্যে এই যুঁজ বিদেশী শক্তিৰ বিৰুদ্ধে।

বিদেশী যাতে কোনো কাৰণতে অসমলৈ আহিব নোৱাৰে আৰু কেতিয়াও যাতে অসমীয়া জাতীয়তাবাদ ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিব নোৱাৰে তাৰ বাবে সকলোৱে সংগ্ৰাম কৰিব লাগিব আৰু প্ৰয়োজন হ’লে মূলা গাভৰুৱে কবচ বৈও যুদ্ধলৈ আহিব লাগিব।
সেয়া হিন্দুৱেই হওক বা মুছলমানেই হওক। অসমীয়া খিলঞ্জীয়া মুছলমান আহোমতকৈও আগেয়ে অসমলৈ আহিছিল। ১২০৪ খ্ৰীষ্টাব্দত গৌড় দেশৰ পৰা মহম্মদ ঘোৰীৰ ৰণুৱা হৈ অহা বহু ইছলাম ধৰ্মী লোক অসমত ৰৈ গৈছিল। ১৫৩২ চনতো অসমত মুছলমানৰ আক্ৰমণৰ সময়ত ৰৈ যোৱা লোকসকলে পিছত মৰীয়া বুলি পৰিচিত হয়। চুকাফাতকৈয়ো অসমলৈ যিসকল খিলঞ্জীয়া লোক আহিছিল তাৰ ভিতৰত ইছলাম ধৰ্মী লোকো আছিল। কিন্তু এতিয়া গেৰুৱা বাহিনীয়ে সকলো ইছলাম ধৰ্মী লোককে বাংলাদেশী সজাই হিন্দু ধৰ্মাৱলম্বী হ’লেই স্বদেশী খিলঞ্জীয়া হিচাপে আদৰণি জনোৱাৰ এক ব্যৱস্থা গঢ়ি তুলিছে। ইতিহাস বিকৃত কৰিব খোজা এইসকল লোকৰ বিৰুদ্ধে সকলো সময়তে সচেতন ৰাইজে সংগ্ৰাম চলাব লাগিব। নহ’লে ক্ষমতাৰ স্বাৰ্থত অমিত শ্বাহ, নৰেন্দ্ৰ মোদী, ৰাম মাধৱে অসম দখল কৰিবৰ বাবে অসমত সৰ্বা, হিমন্ত, ৰঞ্জিতৰ দৰে বদন সৃষ্টি কৰিয়েই থাকিব। তেওঁলোকে মনত ৰখা ভাল বদনৰ পুত্ৰ পিয়লিয়ে পিতৃৰ পাপ প্ৰায়শ্চিত্ত কৰিবলৈ ব্ৰিটিছৰ ফাঁচী কাঠত ওলমি ভাৰতবৰ্ষৰ প্ৰথমজন স্বাধীনতা সংগ্ৰামী হিচাপে নাম ৰাখি গৈছে।

https://biriyaa.com/

খিলঞ্জীয়া মুছলমানক সন্মান জনাই গদাধৰ সিংহৰ পিছত ৰুদ্ৰসিংহই উজনিত নি নৱাবৰ পৰিয়ালক সংস্থাপন দিছিল। ১৬৮৩ চনত ৰঙামাটিৰ নৱাব মনছুৰ খাঁৰ আক্ৰমণ গদাধৰ সিহংই প্ৰতিহত কৰাৰ পিছত উজনি অসমলৈ মুছলমানৰ আগমন বন্ধ কৰি দিছিল। কিন্তু ৰুদ্ৰসিংহই বুজিছিল যে, খিলঞ্জীয়া মুছলমানসকলৰ লগত মিলা-প্ৰীতিৰে থাকিলেহে দেশৰ ঐক্য আৰু সংহতি অটুত থাকিব। সেইবাবে তেওঁ গোৱালপাৰাৰ নৱাব পৰিয়ালক গড়গাঁও নগৰলৈ আনি অভয়পুৰত থিতাপি দিছিল। আহোম ৰজাদিনীয়া বিষয়াসকলৰ খিতাপৰ তালিকাত তেতিয়াৰে পৰা নৱাব অন্তৰ্ভূক্ত হয়। শিৱসাগৰৰ নৱাবৰ পুখুৰীয়ে এতিয়াও সেই স্বাক্ষৰ বহন কৰিছে। এইবোৰ কথা বিজেপিৰ নেতাসকলে নাজানে অথবা জানিও হয়তো নজনাৰ ভাও ধৰে। ইতিহাস বিকৃত নকৰিব, নহ’লে সময়ে আপোনালোকক ক্ষমা নকৰিব। 

বে দ ব্ৰ ত ব ৰা

জ্যেষ্ঠ সাংবাদিক, ৰাজনৈতিক বিশ্লেষক আৰু 'বিৰিয়া'ৰ স্তম্ভ লেখক।

Previous এয়া আকাশবাণী ডিব্ৰুগড় ... পঞ্চাশৰ বৰ্ণিল খোজ
Next ৰেডিঅ' গীতিমালা