কৌ বনজুইৰ প্ৰকোপত আমেৰিকাৰ কেলিফৰ্নিয়া৷ চাৰিওপিনে দাউ দাউকৈ জ্বলিছে জুই৷ এফালৰ পৰা জ্বলি ছাই হৈ গৈছে অৰণ্য৷ অৰণ্য দহনৰ লগে লগে ধোঁৱা আৰু ক’লা ছাইৰে ছানি ধৰিছে কেলিফৰ্নিয়াৰ আকাশ-বতাহ৷ ঘৰ বাৰী বাট পথ সকলোতে এতিয়া ছাই৷ উশাহ- নিশাহৰ সমস্যাৰ পৰা সীমাহীন সমস্যাত আক্ৰান্ত কেলিফৰ্নিয়াৰ বাসিন্দাসকল৷ ধোঁৱা ছাই আৰু জুইৰ প্ৰকোপত  শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে সকলোৱে এতিয়া শ্বাসজনিত সমস্যাত আক্ৰান্ত হৈছে৷ জুইয়ে এফালৰ পৰা দহি গৈছে কেলিফৰ্নিয়া৷ নিজৰ ঘৰ এৰি পলায়ন কৰিছে হাজাৰ হাজাৰ লোক৷ এফালে কৰ’না মহামাৰীৰ ভয়াৱহ পৰিস্থিতি আনফালে বনজুইৰ তাণ্ডৱ৷ চাৰিওপিনৰ পৰা জৰ্জড়িত আজি কেলিফৰ্নিয়া৷

যোৱা এসপ্তাহৰো পূৰ্বৰে পৰা কেলিফৰ্নিয়াত সংঘটিত  হৈছিল ভয়াবহ বনজুই আৰু বজ্ৰপাতৰ তাণ্ডৱ৷ অৰণ্যৰ পৰা আৰম্ভ হোৱা এই বনজুইয়ে এতিয়া ঘেৰি ধৰিছে সমগ্ৰ কেলিফৰ্নিয়াক৷
আমেৰিকাৰ অংগৰাজ্য কেলিফৰ্নিয়াৰ বনজুইৰ ঘটনা নতুন নহয়৷ কিন্তু এইবাৰৰ দাৱানলৰ প্ৰকোপ যোৱা ২০১৮ চনতকৈও অতি ভয়াৱহতালৈ গতি কৰি আছে৷ ইতিমধ্যে এই দাৱানলত সুৰক্ষা কৰ্মীকে ধৰি ৬জন লোকৰ মৃত্যু ঘটিছে৷ আহত হৈছে ভালেসংখ্যক ব্যক্তি৷ লাখ লাখ লোক গৃহহীন হৈ থাকিবলগীয়া হৈছে আশ্ৰয় শিবিৰত৷ কেলিফৰ্নিয়াৰ গভৰ্ণৰ গেভিন নিউচমে ইতিমধ্যে ৰাজ্যখনত ঘোষণা কৰিছে জৰুৰী অৱস্থাৰ৷ প্ৰচণ্ড উত্তাপৰ মাজতো এই জুই নুমুৱাবলৈ ইতিমধ্যে দিনে নিশাই অভিযান অব্যাহত ৰাখিছে সুৰক্ষাকৰ্মীসকলে৷
কেলিফৰ্নিয়াৰ ডেথভেলি খ্যাত স্থানৰ পৰা নিৰ্গত প্ৰচণ্ড উত্তাপ, হাজাৰ হাজাৰ বজ্ৰপাত ইত্যাদিৰ কাৰণতে এই ভয়াবহ দাৱানলৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে বিজ্ঞানী আৰু স্থানীয় বাসিন্দাসকলে৷ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এতিয়ালৈকে ১, ৪১৭, ১৪৬ একৰ এলেকা এই দাৱানলত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় চাৰিহাজাৰ ঘৰবাৰী জাহ গৈছে এই জুইত৷ ৰাজ্যখনৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে নাপা ভেলি আৰু ভেকাভিল চহৰ৷ স্থানীয় বাসিন্দাসকলক ইতিমধ্যে সেই স্থানৰ পৰা  উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে৷

প্ৰতি বছৰে বাঢ়ি গৈ থকা এই উত্তাপে চিন্তিত কৰি তুলিছে ভূবিজ্ঞানীসকলক৷ ক্ৰমান্বয়ে বাঢ়ি গৈ থকা পৃথিৱীৰ উত্তাপ আৰু ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে বিজ্ঞানী সকলে ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে বিশ্ববাসীক৷

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামে প্ৰথমাৱস্থাত কেলিফৰ্নিয়াত সংঘটিত এই দাৱানল সম্পৰ্কে বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল যদিও শেহতীয়াকৈ ৰাজ্যখনৰ এই দুৰৱস্থা মোচনৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে৷

বিশ্বজুৰি কোভিড-১৯ মহামাৰীৰ আতঙ্কৰ মাজতে কেলিফৰ্নিয়াৰ দাৱানল আৰু প্ৰচণ্ড উত্তাপক সহজভাৱে লব খোজা নাই বিজ্ঞানীসকলে৷ যদিও কেলিফৰ্ণিয়াৰ ডেথভেলিৰ উত্তাপ অতি সহজ ঘটনা কিন্তু প্ৰতি বছৰে বাঢ়ি গৈ থকা পৃথিৱীৰ উত্তাপে চিন্তিত কৰি তুলিছে ভূবিজ্ঞানীসকলক৷ ক্ৰমান্বয়ে বাঢ়ি গৈ থকা পৃথিৱীৰ উত্তাপ আৰু ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে বিজ্ঞানী সকলে ইতিমধ্যে সতৰ্কবাণী প্ৰেৰণ কৰিছে বিশ্ববাসীক৷ পৃথিৱীৰ তাপমান বৃদ্ধিৰ কাৰণ হিচাপে অতি ক্ষতিকাৰক গ্ৰীনহাউচ গেছ, কাৰ্বনৰ উপস্থিতি, সমুদ্ৰৰ পৰা নিৰ্গত মিথেন গেছ আৰু মানবজাতিয়ে অত্যধিক হাৰত ব্যৱহাৰ কৰা কাৰ্বনেই মূল কাৰণ বুলি বিজ্ঞানী সকলে ঠাৱৰ কৰিছে৷ এই সকলোবোৰ কাৰণৰ বাবে ক্ৰমান্বয়ে ধ্বংসৰ মুখলৈ আগবাঢ়ি গৈ আছে পৃথিৱী৷

Previous এখন চিন্তাউদ্ৰেককাৰী গ্ৰন্থ:চেপিয়েনছ্, এ ব্ৰীফ হিষ্টৰী অফ মেনকাইণ্ড
Next ঘোষিত হ’ল ২০২০ বুকাৰ পুৰস্কাৰ বিজয়ীৰ নাম