কেৰিয়াৰ হিচাপে ভেষজ বিজ্ঞান বা ফাৰ্মাচিউটিকেল চায়েন্স


চ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ পৰীক্ষাৰ ফলাফলৰ পাছত বহু ছাত্ৰ-ছাত্ৰীয়ে বৃত্তিমুখী কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব বিচাৰে৷ বৃত্তিমুখী শিক্ষা গ্ৰহণে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নিজ নিজ অধ্যয়ন ক্ষেত্ৰত পাৰদৰ্শিতা লাভ কৰাৰ উপৰিও সংস্থাপন লাভ কৰাতো যথেষ্ট সুবিধা আগবঢ়ায়৷ আজি আপোনালোকলৈ আগবঢ়াইছো ভেষজ বিজ্ঞানক কিদৰে নিজৰ বিষয় হিচাপে নিৰ্বাচন কৰি প্ৰতিষ্ঠা লাভ কৰিব পাৰি৷

 

ফাৰ্মাচী পেছাটো প্ৰধানকৈ দৰৱ বা মেডিচিনৰ লগত জড়িত৷ সাধাৰণ মানুহৰ দৃষ্টিত এই পেছাৰ লোক সকলক কেৱলমাত্ৰ দৰৱৰ নাম শিকোৱা হয় বুলি ভবা হয়, এই কথাটো আচলতে সম্পূৰ্ণ অসত্য৷ স্বাস্থ্য বিভাগত চিকিৎসক আৰু ফাৰ্মাচীষ্ট হ’ল এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ যিহেতু ঔষধ অবিহনে চিকিৎসা অসম্ভৱ, সেয়েহে ফাৰ্মাচীষ্টৰ গুৰুত্বও অধিক৷ ঔষধ এবিধৰ গৱেষণা কৰি কি ধৰণে তৈয়াৰ কৰিব, ঔষধৰ বিকাশ, ঔষধৰ মানদণ্ড নিৰূপণ আদি সকলো তথ্যৰ পৰীক্ষা ফাৰ্মাচীষ্টৰ ওপৰত ন্যস্ত থাকে৷ ইয়াৰ উপৰিও ড্ৰাগ এণ্ড কচমেটিক এক্ট,১৯৪০অনুসৰি ৰোগীক দৰৱ প্ৰদান কৰা , ঔষধৰ সঠিক ব্যৱহাৰৰ পৰামৰ্শ প্ৰদান কৰা আদিৰ দায়িত্বও ফাৰ্মাচীষ্ট জনেই পালন কৰিব লাগে৷ ফাৰ্মাচী প্ৰেক্টিচ ৰেগুলেচন ২০১৫ ত উল্লেখ থকাৰ মতে, এজন ফাৰ্মাচিষ্টে ৰোগীক ঔষধ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়াব পাৰে৷ ভাৰতবৰ্ষত ১৯৩২ চনতেই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত ফাৰ্মাচী শিক্ষাৰ আৰম্ভণি হয়৷ সমগ্ৰ বিশ্বত তৃতীয় বৃহৎ পেছাগত স্বাস্থ্যকৰ্মী  হিচাপে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰি জনস্বাস্থ্যৰ সেৱা কৰি আহিছে ফাৰ্মাচীষ্ট সকলে৷ লগতে আমি সকলোৱে জানো যে বিশ্বৰ ভিতৰত ভাৰতবৰ্ষই সৰ্বাধিক জেনেৰিক ঔষধ নিৰ্মাণ কৰি বিক্ৰী কৰিবলৈ সক্ষম হোৱা দেশ, যাৰ জৰিয়তে দেশখনৰ অৰ্থনৈতিক ভেটি মজবুত কৰাত সহায়ক হৈছে৷

বিশ্বৰ ভিতৰত ভাৰতবৰ্ষই সৰ্বাধিক জেনেৰিক ঔষধ নিৰ্মাণ কৰি বিক্ৰী কৰিবলৈ সক্ষম হোৱা দেশ ,যাৰ জৰিয়তে দেশখনৰ অৰ্থনৈতিক ভেটি মজবুত কৰাত সহায়ক হৈছে৷

 কিন্তু সততে আমি ভাবি থকাৰ দৰে ফাৰ্মাচীষ্টৰ অনুজ্ঞাপত্ৰ বা  অনুজ্ঞাপত্ৰ ভাড়ালৈ দিয়া মানে কি বুজায়? এই কাৰ্য্য কিমান ন্যায় সংগত? আচলতে ফাৰ্মাচিষ্টৰ কোনো অনুজ্ঞাপত্ৰ নাথাকে, কিন্তু নিজ নিজ ৰাজ্যৰ ফাৰ্মাচী পৰিষদত নাম অন্তৰ্ভুক্ত কৰাৰ পাছত এটি  পঞ্জীয়ন নম্বৰ প্ৰতিগৰাকী ডিগ্ৰীধাৰী ফাৰ্মাচীষ্টে  লাভ কৰে৷ কোনো ফাৰ্মাচিষ্টে যদি এখন ফাৰ্মাচী দোকানত স্থায়ীভাৱে কাম কৰিম বুলি শপতনামাত চহী কৰে তেতিয়াহে  তেঁও আইনীভাৱে এখন ফাৰ্মাচী খুলিব পাৰে৷ কিন্তু বহুলোকে অত্যন্ত বেআইনীভাৱে নিজে উপস্থিত থাকিম বুলি প্ৰতিশ্ৰুতি দিয়া ফাৰ্মাচী খনত উপস্থিত নাথাকে আৰু অন্য কামত নিয়োজিত হৈ থাকে৷ ই অত্যন্ত অযুক্তিকৰ বা জনস্বাস্থ্যৰ প্ৰতিও ভাবুকিজনক, কাৰণ একমাত্ৰ ফাৰ্মাচিষ্ট এজনেই দৰৱ প্রদান কৰাৰ বাবে যোগ্য৷ সি যি কি নহওক ফাৰ্মাচী শিক্ষাই অসমতো প্ৰচাৰ -প্ৰসাৰ লাভ কৰাৰ ফলত এই ধৰণৰ বে-আইনী কাম বহু কমিছে যেন আমাৰ অনুমান হয়৷

 ফাৰ্মাচী পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীয়ে ডিপ্লমা (ডি ফাৰ্মা), ডিগ্ৰী (বি.ফাৰ্মা), মাষ্টাৰ ডিগ্ৰী (এম.ফাৰ্মা), পি.এইচ.ডি(গৱেষণা) বা ফাৰ্মা ডি ( ডক্টৰ অফ ফাৰ্মাচী) কৰিব পাৰে ৷ ডিপ্লমা কোৰ্চবোৰ দুবছৰীয়া হয়, ডিগ্ৰী কোৰ্চবোৰ চাৰি বছৰীয়া আৰু তাৰ পাছত দুবছৰীয়া স্নাতোকোত্তৰ (এম.ফাৰ্মা) আৰু শেষত পি.এইচ.ডি আদি বিভিন্ন পৰ্যায়ত গ্ৰহণ কৰিব পাৰি ৷ ইয়াৰ উপৰিও ফাৰ্মাচীৰ ডিগ্ৰী লোৱাৰ পাছত ছাত্ৰ- ছাত্ৰীয়ে ফাৰ্মাচীটিউকেল মেনেজমেন্ট,হস্পিটাল মেনেজমেন্ট,মাৰ্কেটিং এণ্ড চেলচ্,অপাৰেচন আদি বিভিন্ন বিষয়ত এম.বি.এ(মাষ্টাৰ অফ বিজনেচ মেনেজমেন্ট) কৰিব পাৰে৷ শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকিৎসা পদ্ধতিৰ আধাৰত ভাৰতবৰ্ষতো আন্তঃৰাষ্ট্ৰীয় শিক্ষা পদ্ধতিৰ সমতুল্য ফাৰ্ম ডি (ডক্টৰ অফ ফাৰ্মাচী) পাঠ্যক্ৰম সংযোজন কৰা হৈছে৷ য’ত ফাৰ্মাচিষ্ট জনে ডক্টৰ সকলোৰ দৰে নিজৰ নামৰ আগত ডাক্টৰ ব্যৱহাৰ কৰিব পাৰে আৰু ক্লিনিকেল প্ৰেকটিছ কৰিব পাৰে৷

ডিপ্লমা কোৰ্চবোৰ দুবছৰীয়া হয়, ডিগ্ৰী কোৰ্চবোৰ চাৰি বছৰীয়া

ফাৰ্মাচী শিক্ষা গ্ৰহণ কৰিবলৈ হ’লে কলেজখন বা শিক্ষানুষ্ঠানখন ভাৰতীয় ফাৰ্মাচী পৰিষদৰ আৰু ইউ জি চিৰ ৰ অনুমোদন থকাটো অত্যন্ত জৰুৰী৷ অসমত ফাৰ্মাচী শিক্ষা গ্ৰহণ কৰিব পৰা বা পঢ়িব পৰা কলেজ কেইখন হ’ল– বি.ফাৰ্ম কলেজ কেইখন হ’ল-

চৰকাৰী প্ৰতিষ্ঠান

১) ডিব্ৰুগড় বিশ্ববিদ্যালয় ( ৰাজ্য চৰকাৰৰ অধীনস্থ)

২)  অসম বিশ্ববিদ্যালয়, শিলচৰ ( কেন্দ্রীয় চৰকাৰৰ অধীনস্থ)

৩) অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, গুৱাহাটী ( ৰাজ্য চৰকাৰৰ অধীনস্থ)

ব্যক্তিগত প্ৰতিষ্ঠান সমূহ হ’ল

 (বহু কেইখন প্ৰতিস্থান নতুনকৈ স্থাপিত হোৱা)

১. গিৰিজানন্দ চৌধুৰী ইনস্টিটিউট অব ফাৰ্মাচিউটিকেল চায়েন্স, গুৱাহাটী

২. গিৰিজানন্দ চৌধুৰী ইনস্টিটিউট অব ফাৰ্মাচিউটিকেল চায়েন্স, তেজপুৰ

৩. অসম ডাউনটাউন বিশ্ববিদ্যালয়, গুৱাহাটী

৪. ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়, গুৱাহাটী

৫. কাজিৰঙা বিশ্ববিদ্যালয়, যোৰহাট

৬. এন. ই . টি .ই. এচ . ইনস্টিটিউট অব ফাৰ্মাচিউটিকেল চায়েন্স

৭. ৰহমান ইনস্টিটিউট অব ফাৰ্মাচিউটিকেল চায়েন্স এন্ড ৰিচাৰৰ্জ, গুৱাহাটী

৮.জে. বি . ইনস্টিটিউট অব ফাৰ্মাচি, গুৱাহাটী

৯.এন ই পি ই ডি এচ গ্ৰুপ অব ইনস্টিটিউট, গুৱাহাটী

১০.প্ৰতিক্ষা ইনস্টিটিউট অব ফাৰ্মাচিউটিকেল চায়েন্স, গুৱাহাটী

১১.এন ই এফ কলেজ অব ফাৰ্মাচি, গুৱাহাটী

১২.পি ই ডব্লিউ গ্ৰুপ অব ইনস্টিটিউট, গুৱাহাটী

১৩.য়ুনিভাৰ্চিটি অব চায়েন্স এণ্ড টেকনলজি, মেঘালয় ( গুৱাহাটীৰ নিচেই সমীপত)

১৪. খিচেইন্ট ইনস্টিটিউট অব ফাৰ্মাচি, গুৱাহাটী

১৫. আলমা টি.আৰ .কলেজ অব ফাৰ্মাচি, কৰিমগঞ্জ

ইয়াৰ উপৰিও ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ডিপ্লোমা পাঠ্যক্ৰমৰ সুবিধা আছে আৰু গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে বহুকেইখন বেচৰকাৰী প্ৰতিষ্ঠানত এম.ফাৰ্মা, আৰু পি.এইচ.ডি ৰ সুবিধা আছে৷

Previous গণিত চ’ৰাৰ ৱেবিনাৰ : এটি বাৰ্তা
Next পাৰিৱেশিক প্ৰভাৱ নিৰূপণৰ খচৰা আৰু আমাৰ দায়িত্ব