প্ৰেক্ষাপট -১ : বৈদিক যুগ

ভাৰতীয় দৰ্শনে ঈশ্বৰত্ব প্ৰদান কৰা ৰামচন্দ্ৰই “শম্বুক” নামৰ শূদ্ৰ দলিত শ্ৰেণীৰ ব্যক্তিজনক দেৱত্বলৈ উত্থানৰ ইচ্ছা পোষণ কৰি বেদৰ বাণী পঢ়াৰ বাবেই হত্যা কৰিছিল বুলি উল্লেখ। কথাষাৰ বিৰ্তকৰ আবৰ্তত।

শিল্পকৰ্ম- প্ৰবীণ কুমাৰ নাথ

প্ৰেক্ষাপট -২ :ঊনবিংশ শতিকা

লিত সম্প্ৰদায়ৰ নাৰীসকলৰ নাছিল স্তনক এখনি বস্ত্ৰৰ আৱৰণৰ দ্বাৰা লজ্জা নিবাৰণ কৰাৰ অধিকাৰ, আৰু নাৰীৰ মমতাৰ চিহ্ন স্তন থকাৰ বাবেও উচ্চ শ্ৰেণীক কৰ দিবলগীয়া হৈছিল দলিত শ্ৰেণীৰ নাৰীসকলে। এই প্ৰথাৰ বিৰোধিতা কৰা “নাংগেলী” সেইগৰাকী নাৰী, যাক বাধ্য কৰোৱা হৈছিল নিজৰ স্তন নিজেই কাটিবলৈ আৰু ৰক্তক্ষৰণ হৈ মৃত্যুমুখত পৰিছিল নাংগেলী।

 

“কুকুৰ, শৃগাল, গদৰ্ভৰো আত্মা ৰাম” বাণীৰে শংকৰদেৱে কৰিছিল বৈষম্যৰ বিৰোধিতা। কিন্তু আজিও সকলো সত্ৰই আকোঁৱালি ল’ব নোৱাৰিলে মিছিং, ৰাভা, কাৰ্বি, ডিমাছা কিম্বা কৈৱৰ্ত সম্প্ৰদায়ৰ লোকক । আজিও আমি বাৰে বাৰে অনুভৱ কৰিবলৈ ব্যৰ্থ যে – বৃত্তৰ এটা বিন্দুও যদি কক্ষচ্যুত হয়, এটি বৃত্ত কেতিয়াও সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয়।

 

প্ৰেক্ষাপট-৩ : বিংশ শতিকাৰ অন্তিমাৰ্ধ

সংৰক্ষণৰ ভিত্তিত প্ৰদান কৰা সুৰক্ষাই শৰ্মাৰ ল’ৰাজনৰ লগত পাঠ গ্ৰহণ কৰাৰ অধিকাৰ প্ৰদান কৰিলে দাসৰ ল’ৰাজনক। সমাজ, আৰ্থিক আৰু শৈক্ষিক দিশৰ পৰা অলপ হ’লেও আগুৱাই গ’ল।  তথাপি, বাকী থাকিল মনৰ জাতিভেদ। জাতিভিত্তিক সংৰক্ষণৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰা সংৰক্ষণশীল জনতাই মন্দিৰৰ পূজাৰী আৰু সত্ৰৰ সত্ৰাধিকাৰৰ পদটো কিন্তু এটি বিশেষ শ্ৰেণীৰ বাবেহে সংৰক্ষণ কৰি থলে।

প্ৰেক্ষাপট-৪ : একবিংশ শতিকাৰ ২য় দশক

ভাৰতবৰ্ষই লাভ কৰিলে দলিত সম্প্ৰদায়ৰ এজন ৰাষ্ট্ৰপতি। গণতন্ত্ৰৰ মুৰব্বীস্বৰূপ ৰাষ্ট্ৰপতিজনক দলিত হোৱাৰ বাবেই বাধা দিয়া হ’ল জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ। গণতন্ত্ৰৰ মুৰব্বীৰে যদি এই অৱস্থা, সাধাৰণ প্ৰজাৰ অৱস্থা কি?

শিল্পকৰ্ম- প্ৰবীণ কুমাৰ নাথ

সময় আগুৱাই আহিল। কিন্তু একেই থাকিল একাংশৰ মানসিকতা, যি মানসিকতা আজিও সমাজৰ দলিত, হৰিজন, শূদ্ৰসকলক সদায় দমন কৰাৰ অভিসন্ধিত লিপ্ত আৰু সেয়ে সংৰক্ষণৰ অবিহনে কোনোদিনেই নাপালেহেঁতেন সমতা, শিক্ষাৰ অধিকাৰ , জীৱন নিৰ্বাহৰ মানদণ্ড উন্নীতকৰণৰ অধিকাৰ। “কুকুৰ, শৃগাল, গদৰ্ভৰো আত্মা ৰাম” বাণীৰে শংকৰদেৱে কৰিছিল বৈষম্যৰ বিৰোধিতা। গুৰুজনাৰ হাতত আইন প্ৰণয়নৰ অধিকাৰ তেতিয়া নাছিল। কিন্তু আমি একবিংশ শতিকাৰ প্ৰজন্ম। সংবিধানৰ আদৰ্শৰেও কিন্তু দীক্ষিত হ’ব নোৱাৰিলে উত্তৰাধিকাৰীসকল। আজিও সকলো সত্ৰই আকোঁৱালি ল’ব নোৱাৰিলে মিছিং, ৰাভা, কাৰ্বি, ডিমাছা কিম্বা কৈৱৰ্ত সম্প্ৰদায়ৰ লোকক । আজিও আমি বাৰে বাৰে অনুভৱ কৰিবলৈ ব্যৰ্থ যে – বৃত্তৰ এটা বিন্দুও যদি কক্ষচ্যুত হয়, এটি বৃত্ত কেতিয়াও সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয়।

একবিংশ শতিকাৰ এয়া ঊনবিংশতম বৰ্ষ।  গণমাধ্যমত কিম্বা সংবাদ মাধ্যমত আনকি সভাই-সমিতিয়ে বিশাল মানসিকতাৰ দূৰদৰ্শী লোকসকলৰ বক্তব্য শুনি আমাৰ এনে লাগে যেন জাতিভেদ নাই।  জাতিভেদ কেতিয়াবাই উঠি গৈছে। একেখিনি লোকেই দাসৰ ল’ৰাটোৰ লগত শৰ্মাৰ ছোৱালীজনীৰ প্ৰেমৰ খবৰ ইকাণ-সিকাণকৈ শুনিলে বিয়নী মেল পাতে। উপাধি মিলা পাত্ৰ বিচাৰি ফুৰে। বোপা-ককাৰ সঁচ বুলি জাতিভেদ মনে-মনে পুহি ৰাখে। আনহে নালাগে অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ পৰিৱৰ্তে  “ল’ৱাৰ কাষ্ট” ( নীচ জাতিৰ ) বুলি ক’বলৈ ভাল পায়। আনহাতে সংবিধানে সুৰক্ষা প্ৰদান কৰা দলিত,অনুসূচিত কিম্বা জনজাতিৰ লোকসকলেও তথাকথিত সাধাৰণ শ্ৰেণীৰ লোকসকলৰ লগত বিবাহ আদি সম্পৰ্ক কৰিবলৈ অসন্তোষ প্ৰকাশ কৰে। এই মানসিকতা শয়ন কক্ষতে লুকুৱাই ৰাখিব পৰাকৈ পিছে সকলো এতিয়া সুদক্ষ অভিনেতা-অভিনেত্ৰী।

দেখা যায়, শিশুৰ মানিসকতাই জাতিভেদ নাজানে। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে গোড়ামি আৰু সংকীৰ্ণতা দুয়োটাই বাঢ়ে।  অষ্টম শ্ৰেণীৰ পৰা ভাল লগা হুচেইনৰ ছোৱালীজনীক বিয়া পতাৰ সপোন স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ পাছত শৰ্মাৰ ল’ৰাটোয়ে বাদ দিলে। কাৰণ পিতাকে তাজ্যপুত্ৰ কৰিব। কাৰণ, নিজেও অনুভৱ কৰিলে কথাবোৰ নিমিলে । গৰু-গাহৰি, আমিষ- নিৰামিষ বহুত অংক। শূদ্ৰ,ব্ৰাহ্মণ, জনজাতীয় মূলৰ আদি বিভাজন মনে মনে আমিয়ে ধৰি ৰাখো। আনহে নালাগে প্ৰতিটো জনজাতিৰ মাজত পৃথক দেৱাল এখন আমিয়ে গঢ়িছোঁ।

নব্বৈ শতাংশ নম্বৰ পাই আই.আই.টি.ত পঢ়িলেও দাসৰ ল’ৰাটোয়ে “কোটা” আছে বাবেহে পালে বুলি টিপ্পনী কৰাটো, আৰু সাধাৰণ শ্ৰেণী হোৱাৰ বাবেই নব্বৈ শতাংশ লাভ কৰিও পঢ়িবলৈ মনে বিচৰা শিক্ষানুষ্ঠান নোপোৱা দুয়োটাই অশুভ।

শিল্পকৰ্ম- প্ৰবীণ কুমাৰ নাথ

আচলতে, নৃগোষ্ঠীয় পৰিচয় ধৰি ৰখাটো ভাল। ই নিজৰ আইক ভাল পোৱাৰ দৰেই। কিন্তু মোৰ আইৰ শ্ৰেষ্ঠ বুলিবলৈ যদি তুলনাত্মক দৃষ্টিভংগীৰে আনৰ আইক হীন বুলি কওঁ, তেতিয়া কিন্তু সেই ভালপোৱা সমাজৰ বাবে হানিকাৰক হৈ পৰে। কাৰণ, তুলনাৰ তুলাচালনী ভালপোৱাত নথকাই ভাল। 

জাতিভিত্তিক সংৰক্ষণে আজি সমাজত ব্যৱধান বঢ়াইছেনে কমাইছে সেইয়া আজি ডাঙৰ প্ৰশ্ন! নব্বৈ শতাংশ নম্বৰ পাই আই.আই.টি.ত পঢ়িলেও দাসৰ ল’ৰাটোয়ে “কোটা” আছে বাবেহে পালে বুলি টিপ্পনী কৰাটো, আৰু সাধাৰণ শ্ৰেণী হোৱাৰ বাবেই নব্বৈ শতাংশ লাভ কৰিও পঢ়িবলৈ মনে বিচৰা শিক্ষানুষ্ঠান নোপোৱা দুয়োটাই অশুভ। কিন্তু স্বাধীনতাৰ প্ৰথম দশক কেইটাত জাতিভিত্তিক সংৰক্ষণ যে প্ৰয়োজনীয় আছিল আৰু জাতিভিত্তিক সংৰক্ষণৰ দ্বাৰাহে যে সমাজৰ এটা নিপীড়িত শ্ৰেণীয়ে সম মৰ্য্যাদা পাবলৈ এখোজ আগবাঢ়ি গ’ল। কিন্তু জাতিভিত্তিক সংৰক্ষণ আঁতৰাই দিব পৰা দিন আজি আহিলেনে? সেই দিন অহালৈ আমি বাট চাম।

 

 

 শেষত, আজিৰ তাৰিখত গোস্বামীৰ ছোৱালীজনী দাসৰ ল’ৰাটোলৈ আহিলে কিমানে সুখ পাব আৰু কিমানে দুখ পাব সেই প্ৰশ্ন আপোনালোকলৈ এৰিলো। 

 

ক স্তু ৰী চু তী য়া

লেখক, তাৰ্কিক আৰু বিৰিয়াৰ নিয়মীয়া স্তম্ভলেখক।

 

Previous স্বতন্ত্রতা প্রাপ্তিৰ প্ৰথম খােজ
Next ব্যংগ লিখোঁ আহক