Posts in category

অনুপ্ৰেৰণা


প্ৰকৃতিয়ে দিয়া খ্যাতি: পদ্মশ্ৰী বঁটাৰে জিলিকিল দুই অগ্ৰগামিনী

Read More

শ্ৰেণী বৰ্জন গ্ৰেটা থানবাৰ্গৰ : মনোনীত শান্তিৰ নোবেল বঁটাৰ বাবে

Read More

জীৱন পথত আমি প্ৰত্যেকেই কিছুমান সপোন লৈ আগবাঢ়োঁ৷ সেই সপোনৰ পম খেদি খেদিয়েই প্ৰতিদিনে আৰম্ভ হয় আমাৰ যাত্ৰা। জীৱনৰ পথ কিন্তু অধিক সময়তেই মসৃণ নহয়৷ অনেক উত্থান-পতন, উজুটি-বিজুটি আছে এই যাত্ৰাত। কেতিয়াবা এনেকুৱা অনুভৱো হয়-কিজানি আৰু আগুৱাব নোৱাৰিমেই নেকি, ৰৈ দিয়াই ভাল হ’ব নেকি? সেই সময়ছোৱাত নিৰাশা-হতাশাবোৰে আহি আমাক বেঢ়ি ধৰে। উৱা-দিহ বিচাৰি নোপোৱা হওঁ …

“Failure is unimportant. It takes courage to make a fool of yourself.”~Charlie Chaplin এলবাৰ্ট আইনষ্টাইন। বিশ্বৰ সুখ্যাত কীৰ্তিমানসকলোৰ ভিতৰত তেওঁ হ’ল অন্যতম। ১৯২১ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বিজয়ী এই মহান কোৱাণ্টাম থিয়ৰীৰ স্ৰষ্টাগৰাকীৰ জীৱনৰ আৰম্ভণিৰ পৰাই সফলতাই কি খেদি ফুৰিছিল নেকি? জীৱনত তেওঁ কি বিফল হোৱাই নাছিল নেকি? কথাষাৰ সত্য নহয়। জীৱনৰ আৰম্ভণি কালত বিফলতা …

কমলা পূঝাৰী তেওঁৰ নাম। উৰিষ্যাৰ কৰাপুট জিলাৰ পাত্ৰপূত গাঁৱৰ এগৰাকী সাধাৰণ জনজাতীয় মহিলা।কৃষিয়েই জীৱন তেওঁৰ। দুই পুত্ৰৰ সতে পেটৰ ভাতমুঠিৰ বাবে খেতি কৰা ৭০ৰোৰ্ধৰ এইগৰাকী মহিলাই বুজিছিল, খেতিয়কৰ বাবে বীজেই জীৱন। বীজ থাকিলেহে থাকিব ভাত। সেয়েই এবিধ দুবিধ কৰি থলুৱা বীজবোৰ সাঁচি গৈছিল, সংৰক্ষণ কৰিছিল। ‘কালাজিৰা’ নামৰ এবিধ উৰিষ্যাৰ এবিধ সুগন্ধী ধানৰ জাতকে ধৰি এইদৰে …

নাম গ্ৰেটা থানবাৰ্গ। পৰিচয় –   ছুইডেনৰ এগৰাকী স্কুলীয়া কিশোৰী, যিয়ে সমগ্ৰ বিশ্বত জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ গুৰি ধৰিছে। ২০১৮ চনৰ আগষ্ট মাহত, বিশ্বত প্ৰথমবাৰলৈ ‘জলবায়ুৰ বাবে প্ৰথমটো বিদ্যালয় ধৰ্মঘট’ কাৰ্য্যসূচীৰ অৱতাৰণা কৰি গ্ৰেটাই ছুইডেনৰ সংসদৰ সন্মুখত অকলেই ধৰ্ণাত বহে আৰু তেতিয়াৰে পৰা তেওঁ প্ৰত্যেক শুক্ৰবাৰে স্কুলৰ শ্ৰেণী বৰ্জন কৰি জলবায়ু পৰিৱৰ্তন …

তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ যুগত  নতুন প্ৰজন্মই কৃষিকাৰ্যৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে। কৃষিক্ষেত্ৰখনক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰা যূৱক-যুৱতীৰ আজি অভাৱ। শ্ৰমবিমুখিতাই ইয়াৰ ঘাই কাৰণ। ফলত ভয়ংকৰ গতিত বৃদ্ধি পাইছে দেশৰ নিবনুৱা সমস্যা। ইয়াৰ বিপৰীতে পৰিশ্ৰমৰ বলত কৃষিশস্য উৎপাদনৰ যোগেদি উজ্জ্বলি উঠিছে বহুতো প্ৰগতিশীল কৃষক। কৃষিক্ষেত্ৰখনকে জীৱনৰ সাৰথি আৰু বিপুল সম্ভাৱনাময় ক্ষেত্ৰ জ্ঞান …