Posts in category
অন্যান্য আলাপ

ভাছিলি ইভান’ৱিছৰ কোঠাটো
ভ্লাডিমিৰ নাব’কভ- সাহিত্যৰ জগতত এক পৰিচিত নাম; বিশেষকৈ ‘ললিতা’ নামৰ গ্ৰন্থখনৰ বাবে। অৱশ্যে, এইকথা ক’বলৈ মোৰ দ্বিধা নাই যে কিতাপখন মই পঢ়া নাই আৰু সম্ভৱতঃ পঢ়াও নহ’ব। ইয়াৰ কাৰণ অৱশ্যে নাব’ক’ভ নহয়, বৰঞ্চ ক্ৰমে ‘কাহিনীমূলক বা ফিকচন’ৰ পৰিৱৰ্তে ‘নন-ফিকচন’ৰ প্ৰতি মোৰ বৰ্ধিত আগ্ৰহহে। পিছে ময়ো কাহিনী, যেনে ভাল চুটি গল্প একোটা পঢ়িবলৈ ভাল পাওঁ আৰু …

গণিতৰ এক পীঠস্থান : গটিনগেন
বিজ্ঞানৰ অন্যান্য বহু বিভাগতকৈ অধ্যয়নৰ বিষয় হিচাপে গণিতৰ ইতিহাস যথেষ্ট দীঘলীয়া আৰু বৈচিত্ৰ্যময়। গণিতৰ এনে এক দীঘলীয়া ইতিহাসৰ মূলতে অনেক কাৰকে ক্ৰিয়া কৰিলেও, মুখ্যতঃ গণিত অধ্যয়নৰ জনপ্ৰিয়তাত অনুঘটক হিচাপে কাম কৰিছিল সা-সম্পদৰ গণনা তথা সম্ভৱতঃ প্ৰাচীন সাম্ৰাজ্যসমূহৰ কৰ-কাটলৰ গণনাৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰোপযোগীতাই। অৱশ্যে, ইয়াৰ ইমান পুৰণা ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল এয়ে যে, ই আছিল …