আৰ্থ-সামাজিক

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি : ভেঁকো-ভাওনাত পৰিণত হ’ব নেকি কৃষি মন্ত্ৰীৰ তদন্তৰ ঘোষণা?
প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি (পিএম-কিষাণ) আঁচনিখন ৰূপায়ন কৰিবলৈ গৈ ৰাজ্য চৰকাৰখনে যি কেলেংকাৰী সংঘটিত কৰিলে সেয়া নজিৰ বিহীন। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ল’ম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনৰ দিনত সাধাৰণ কৃষকৰ নামত যে ইমান দুৰ্নীতি সংঘটিত হ’ব পাৰে সেয়া বহুতৰ বাবেই কল্পনাৰ বাহিৰত আছিল। সি যিয়েই নহওক, ইতিমধ্যে সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ কথা স্বীকাৰ …

ঋণৰ চক্ৰবেহুত সৰ্বসাধাৰণৰ জীৱন
সৰভোগ। অসমৰ এখন মফচল। এই অঞ্চলৰ সৰু চাহ দোকান এখনৰ কৰ্মচাৰী এজনে ওচৰৰ দুই-চাৰিজন চিনাকীৰ ওচৰলৈ গৈ এটা বিশেষ বস্তু বিক্ৰী কৰাৰ কথা কৈছে। কথাটো শুনি ওচৰতে থকা অন্য দোকানী, ড্ৰাইভাৰ আৰু বজাৰ কৰিবলৈ অহা কিছুসংখ্যক লোকো কাষ চাপি আহিল। তেওঁৰ বিক্ৰী কৰিবলগীয়া সম্পত্তিটো আন একো নহয়, সেয়া আছিল এটা চিলিণ্ডাৰ। তেওঁ চিলিণ্ডাৰটোৰ বাবদ দুই …

যুঁজখন কাৰ বিপক্ষে?
বহু বিতৰ্ক, ভয়, জয় পৰাজয়, উত্থান পতনৰ মাজেৰে পাৰ হৈ গৈছে বিগত দিনকেইটা। কিছু যোগাত্মক, কিছু ঋণাত্মক ভৱিষ্যতৰ চানেকিৰ মাজেদি অসমীয়া মানুহে আগবাঢ়িছে। অতীতৰ বহু তিতা কেঁহা অভিজ্ঞতাই অসমীয়া সমাজক এনে এক অৱস্থালৈ লৈ গৈছে যে কোনো কথাকেই, কোনো উপহাৰকেই অসমীয়া মানুহে সন্দেহ নকৰাকৈ গ্রহণ কৰিব নোৱাৰা হৈছে। ইয়াৰ বাবে দায়ী অসমীয়া মানুহ নহয়, অসমীয়া …

প্ৰসংগ : অসম বাজেট ২০১৯- ২০
অসম চৰকাৰৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোনোৱাল চৰকাৰৰ চতুৰ্থখন বাজেট আজি অসম বিধানসভাত দাখিল কৰে ৷ অনাগত দিনত অসমক দেশৰ ভিতৰতে এখন উন্নত ৰাজ্য কৰাৰ সংকল্পৰে বিত্তমন্ত্ৰীগৰাকীয়ে ৯৯,৪১৮,৯১ টকা একত্ৰিত ব্যয় সাপেক্ষ এখন বাজেট সদনত উস্থাপন কৰে। এইবছৰৰ বাজেটত ৰাজহ শিতানত ৮৩,১৪৭,৯৯ আৰু মূলধন শিতানত ১৫,১৯১,০৬ টকা ধাৰ্য্য কৰা হৈছে। আনহাতে, প্ৰস্তাৱিত বাজেট মতে …