কথাছবি

চাৰিখন শেহতীয়া মালায়ালম চিনেমা
ভাৰতীয় চিনেমা বুলিলেই বলিউদৰ কথাই আটাইৰে মনলৈ আহে৷ কিন্তু সঁচাকে জানো বলিউদেই ভাৰতৰ ছবিজগতৰ প্ৰথম আৰু শেষ কথা? আৰম্ভণিৰে পৰাই ভাৰতৰ ছবিজগতত আঞ্চলিক চিনেমা সমূহৰ এটা বিশেষ স্থান আছে৷ কিন্তু এতিয়া হয়তো সেই সময় আহি পৰিছে য’ত ষ্টাৰ আৰু ষ্টাৰ পুত্ৰ-কন্যা সম্বলিত নিম্ন মানদণ্ডৰ হিন্দী চিনেমাৰ সিটো পাৰে থকা সুৰুচিপূৰ্ণ, সুঅভিনয় সম্বলিত আঞ্চলিক ভাষাৰ চিনেমা …

দুখন চিনেমা আৰু কিছু সমাজ বাস্তৱতা
বলিউদত এইসময়ত যথেষ্ট গৰম বতাহ চলি আছে৷ প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুটৰ আত্মহননৰ পিছত বলিউদৰ ৰংচঙীয়া পৃথিৱীৰ আঁৰৰ কলা অধ্যায়ক লৈ প্ৰতিদিনেই সংবাদ মাধ্যমত যথেষ্ট পৰিমাণে মুখৰোচক খবৰে চৰ্চা লাভ কৰিছে৷ ন ন অভিযোগ প্ৰতি-অভিযোগৰ খবৰে বিষয়টো গভীৰৰ পৰা গভীৰতালৈ গতি কৰিছে৷ ঘাইকৈ নেপ’টিজিমক লৈ এইবাৰ বলিউদৰ বতাহ গৰম৷ বলিউদৰ বাহিৰৰেই নহয়, বলিউদৰ ভিতৰৰে ভালেখিনি …

বৰ্তমানৰ বলিউদ আৰু নাৰীৰ ‘মনমৰ্জিয়া’
দাদা চাহেব ফাল্কেই আৰম্ভ কৰা ভাৰতীয় চিনেমা জগতখনে ইতেমধ্যে পাৰ কৰিলে কেইবাটাও পৰ্যায়৷ পোন প্ৰথমে ভাৰতীয় চলচ্চিত্ৰসমুহ মূলতঃ নিৰ্মাণ হৈছিল পৌৰাণিক গল্পৰ ওপৰত৷ কিন্তু সময়ৰ সোঁতত লাহে লাহে এই ধাৰা সলনি হৈ বৰ্তমানৰ পৰ্যায় পাইছে৷ বিগত বৰ্ষৰ এখন আলোচিত চলচ্চিত্ৰ আছিল ফেন্টম ফিল্মছ হাউছ আৰু কালাৰ ইয়েল্ল’ প্ৰডাকচন হাউছৰ দ্বাৰা প্ৰযোজিত আৰু জনপ্ৰিয় পৰিচালক অনুৰাগ কাশ্যপ …