Posts in category

তাৎক্ষণিক


ছ’চিয়েল মিডিয়াত ধৰ্ম প্ৰচাৰ

Read More

পৰিৱৰ্তন

Read More

গণতন্ত্ৰ

Read More

আমাৰ দেশখনত ধৰ্মীয় উন্মাদনা কিমান বাঢ়িছে, তাৰ কিছু আভাস আজিকালি ছ’চিয়েল মিডিয়াত পোৱা যায়। ধৰ্মৰ ভাল কথাবোৰ যিমান প্ৰচাৰ কৰা হয়, তাতকৈ বহুত বেছি প্ৰচাৰ হৈ আছে আন ধৰ্মৰ প্ৰতি ঘৃণা বা সাম্প্ৰদায়িকতা। এইবোৰত ডুবি থকা মানুহে সমাজৰ মূল সমস্যাবোৰ পাহৰি থাকে। এনেকি আধুনিক আৰু যুক্তিবাদী চিন্তা চৰ্চাৰ পৰাও নিজক আঁতৰাই ৰাখে। কিছুমানে পূণ্যৰ বাবে, …

151

মগজুৰ বিকাশৰ বাবেই মানুহ অন্য জীৱ জন্তুতকৈ আগবাঢ়ি আহিল। চিন্তা চৰ্চাই নতুন জ্ঞান দিলে। বিজ্ঞানে আধুনিক সভ্যতা দিলে। মানুহে যদি চিন্তা-চৰ্চা নকৰিলেহেঁতেন, তেন্তে আমি আজিৰ অৱস্থা নাপালোঁহেঁতেন। ধৰ্ম প্ৰৱৰ্তক বা সমাজ সংস্কাৰকসকলেও নতুন নতুন চিন্তাৰে সমাজৰ পৰিৱৰ্তন কৰি আহিছে। তেওঁলোকেও পূৰ্বৰ পৰা চলি অহা নীতি নিয়মবোৰ শুদ্ধ বুলি ধৰা হ’লে নতুন ধৰ্মৰ প্ৰৱৰ্তনেই নহ’লহেঁতেন। কিন্তু …

160

ভাৰতীয় গণতন্ত্ৰ এনে এটা পৰ্য্যায়ত আহি উপস্থিত হ’ল যে ধনাত্মক ৰাজনীতিতকৈ ঋণাত্মক ৰাজনীতিৰ পয়োভৰ বেছি হৈছে। ধনাত্মক ৰাজনীতি মানে কোনটো দলৰ চৰকাৰে ৰাইজৰ হকে কিমান ভাল কাম কৰিলে, দেশখনক কিমান আগবঢ়াই নিলে। আনহাতে ঋণাত্মক ৰাজনীতি সুস্থ গণতন্ত্ৰৰ পৰিপন্থী। ইয়াত বদনাম, চৰিত্ৰহনন, মিছা প্ৰচাৰ আদিয়ে ঠাই পায়। এনেকি মৃত ব্যক্তিকো ৰেহাই দিয়া নহয়। সিটো দলে কৰিব …

171

ধৰ্ম সেৱা মানেই সমাজ সেৱা নহয়। ই সমাজ সেৱাৰ এটা অংশহে। সমাজ সেৱাৰ পৰিশৰ বহুত বিশাল। আপুনি যদি ধৰ্ম সেৱা কৰে, তেন্তে সেয়া কেৱল আপোনাৰ ধৰ্মৰ মানুহৰ মাজতে সীমিত হৈ থাকিব। কিন্তু সমাজ সেৱাত সকলো মানুহক সামৰি লোৱা হয়। এটা কথা লক্ষ্য কৰিছোঁ – অৱসৰৰ পিছত প্ৰায়বোৰ মানুহ ধৰ্ম সেৱাত ব্যস্ত হৈ পৰে। সেয়া তেওঁলোকৰ …

166

হাউচে বিদ্যা, কৃপণে ধন । এই কথাষাৰত কৃপণ শব্দটোৰে নিশ্চয় মিতব্যয়ী মানুহৰ কথা বুজাইছে । কৃপণ মানুহৰধন জমা হয়, কাৰণ তেওঁলোকে খৰচ কৰিবলৈ টান পায় । কিন্তু তেওঁলোকে জীৱনটো ভালকৈ উপভোগ কৰিব নোৱাৰে । আনহাতে মিতব্যয়ী মানুহে হিচাবত খৰচ কৰে, আৰু জীৱনটোও উপভোগ কৰে । তাৰ বিপৰীতে , কিছুমান মানুহে আয় আৰু ব্যয় বুজি নাপায় …

162

মোৰ কাষতে থকা ভাৰাঘৰৰ ল’ৰাটোৱে নতুন গাড়ী এখন কিনিছে। ভিতৰৰ ছীট ক’ভাৰখিনি দেখুৱাই মোক সুধিলে – দাদা কেনেকুৱা লাগিছে? কালাৰ কম্বিনেছন সম্পৰ্কে মোৰ যি ধাৰণা, সেই ধাৰণা অনুসৰি ছীট ক’ভাৰখিনি গাড়ীৰ ৰঙৰ সৈতে একেবাৰে মিলা নাই। কিন্তু মই মিছা ক’লোঁ – ভাল লাগিছে। তেওঁৰ হাঁহিটো দেখি বুজিলোঁ – তেওঁ সুখ পাইছে। এইবোৰ সৰু সুৰা মিছা। …

167

বন্ধু দুজনমানৰ সৈতে আড্ডা মাৰি আছিলোঁ। সকলোৱে নিজৰ নিজৰ কথা কৈ আছে। এজনৰ মুখত কেৱল নিজৰ গাড়ী, মাটি, সম্পত্তিৰ কথা। হঠাতে মোৰ মনলৈ এটা প্ৰশ্ন আহিল। মই সুধিলোঁ – আমাৰ সমাজৰ মূল চালিকা শক্তি কি বাৰু? দুজনে ক’লে – টকা। এজনে ক’লে – বিশ্বাস। হয়, বিশ্বাস। মানুহৰ সমাজ বৰ্তি আছে বিশ্বাসৰ ওপৰত। এই বিশ্বাস প্ৰেমিক …

176

ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান মানসিকতা গঢ়িব নোৱৰাটো আমাৰ শিক্ষা ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ বিফলতা বুলি কোৱা হয়। এনেকি উচ্চ শিক্ষিত মানুহৰ মাজতো বিজ্ঞান মানসিকতাৰ বিপৰীতে অন্ধবিশ্বাসৰ দপদপনি দেখা পাওঁ। সেয়ে বিজ্ঞানপ্ৰেমী তথা কৰ্মীসকলৰ হাতত বহুত বেছি দায়িত্ব আহি পৰিছে। তাহানিতে মানুহে প্ৰাকৃতিক ঘটনাবোৰৰ বিষয়ে ভালকৈ নজনা বাবেই সেয়া ওপৰৰ পৰা কোনোবাই নিয়ন্ত্ৰণ কৰা বুলি ভাবিছিল। তাৰ …

186

টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’ আৰু আৰ্নেষ্ট হেমিংৱেৰ ‘হে যুদ্ধ বিদায়’ পঢ়িছোঁ। বিশ্ব যুদ্ধৰ অন্য কিতাপো পঢ়িছোঁ। ইংৰাজী ৱাৰ ফিল্ম কেইখনমান চাইছোঁ। হিন্দী ছবি ‘বৰ্ডাৰ’ চাইছোঁ। যুদ্ধৰ বিভীষিকা আৰু তাৰ পিছৰ পৰিৱেশ মই ভালকৈ অনুভৱ কৰিব পাৰোঁ। হিৰোছিমা , নাগাচাকিৰ কথা এতিয়াও মনত পৰে। সেয়ে কওঁ – যুদ্ধ নালাগে, শান্তি লাগে। বিশ্বৰ লাখ লাখ মানুহে কৈ …

209

অৱশেষত ৰাইজে আশা কৰা ধৰণে ভাৰতে উত্তৰ দিলে। বায়ুসেনাৰ আক্ৰমণত পাক অধিকৃত কাশ্মীৰত তিনিশৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে। ইয়াকে কয় – যেনে কুকুৰ, তেনে টাঙোন। ভাৰতৰ এই উত্তৰ ৰাইজে ভাল পাইছে। সেইবোৰ আছিল সীমাৰ বাহিৰৰ শত্ৰু। কিন্তু দেশখনৰ ভিতৰতো কিছুমান শত্ৰু আছে। চোৰাং কাৰবাৰী, ভেজালকাৰী, লুণ্ঠনকাৰী, বিভেদকামী আদি বিভিন্ন ৰূপত তেওঁলোকে দেশৰ ক্ষতি কৰি আছে। …

175