Posts in category

নৰাৰ পেঁপাৰ মাত


শুশ্ৰূষা                        “কেতিয়াবা বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যেন হাত যোৱা বুলাই…” জয়ন্ত হাজৰিকাৰ কণ্ঠত এই গীতটি শুনিলে এক পৰিৱেশ ভাহি উঠে— যেন নৰীয়াপাটীত কেঁকাই থাকোতে মাই কপালত হাত বুলাই দিছে আৰু সেই যাদুকৰী পৰশত সমস্ত যন্ত্ৰণাৰ উপশম হৈছে৷  ৰোগ আৰোগ্যৰ ক্ষেত্ৰত দৰৱৰ লগতে শুশ্ৰূষাৰ …

যান্ত্ৰিক ব্যস্ততাৰ মাজতে অকণমান সুৰুঙা উলিয়াই সোঁৱৰণিৰ পাত লুটিয়াব পাৰিলে ভাল; আদিগন্ত পথাৰৰ আলিত থিয় হৈ উৰি যোৱা বগলীজাক দিগবলয়ত হেৰাই যোৱালৈকে আত্মবিভোৰ হোৱা ভাল; দুপৰ নিশা দূৰৈৰ পৰা উটি অহা বাঁহীৰ মাত শুনি দুধাৰি চকুলো ওলালে ভাল; “দেশ-কি-হ’ল?” বুলি শেহ নিশা কেতেকীৰ বিলাপত টোপনি ভাগিলে ভাল— মানুহ হৈ জীয়াই আছোঁ যেন লাগে। শিৱসাগৰৰ ডা° …

কিছুমান অনাকাংক্ষিত ঘটনা হঠাতে ঘটি যায়। আচলতে ঘটনা বুলি নকৈ দুৰ্ঘটনা বুলি কোৱাহে যুগুত। আৰু আচম্বিতে ঘটা এনে দুৰ্ঘটনাৰ বাবে মানসিকভাৱে প্ৰস্তুত নথকাৰ ফলত সেই পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ বহু কষ্ট হয়। মানুহ সদায় আশাবাদী প্ৰাণী; কাইলৈ কি হ’ব কোনো ঠিকনা নথকা সত্বেও আমি দূৰ ভৱিষ্যতৰ পৰিকল্পনা কৰোঁ। মহাভাৰতৰ কাহিনী এটাত ধৰ্মৰাজে যুধিষ্ঠিৰক সুধিছিল, পৃথিৱীৰ …

  যোৱা ২২ জুন ২০২০ তাৰিখে অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ত এটা বকুলৰ পুলি ৰুই গছপুলি ৰোপণ কাৰ্যৰ শুভ সূচনা কৰে। বিটিচিৰ অন্তৰ্গত চাৰিখন জিলাত ১০ লাখকৈ ৪০ লাখ গছপুলি ৰোৱাৰ লক্ষ্য স্থিৰ কৰি  বন বিভাগৰ প্ৰত্যক্ষ হস্তক্ষেপত কেবালাখো পুলি ইতিমধ্যে ৰোৱা হৈছে বুলি তেওঁৰ ভাষণত সদৰী কৰিলে। ইয়াৰ অন্তৰালৰ মূল কথা …

আমাৰ ঘৰৰ পিছফালে খেতিপথাৰ। তাতে মহানন্দৰ বাপেকে হাল বায়। মহানন্দ মানে মহানন্দ খুৰা, তেওঁৰ জীয়ৰী চানেকি আমাৰ লগত পঢ়িছিল; মাহঁতে ‘মহানন্দৰ বাপেক’ বুলিয়ে হাল বাই থকা আদহীয়া মানুহজনক দেখুৱাই দিছিল─তেওঁৰ নামটো কোনেও নেজানে! এহাল গৰুৰে তেওঁ হাল বায়; কেতিয়াবা আৰু এজন হালোৱাই তেওঁৰ পিছে পিছে হাল বায়। একেডৰা মাটিতে আহু আৰু শালি খেতি কৰা দেখিছোঁ। …