প্ৰতিবেদন

ওদালগুৰিত হাতী-মানুহৰ সংঘাত ৰোধৰ অভিনৱ প্ৰয়াস
অসমত হাতী-মানুহৰ সংঘাত কোনো নতুন কথা নহয়৷ সুদীৰ্ঘ দিন ধৰি হাতী-মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰি আহিছে৷ চৰকাৰী তথ্য মতেই বিগত পাঁচ বছৰত (২০১৫ চনৰ পৰা ২০১৯ চনলৈ) কেৱল ওদালগুৰি জিলাখনতে হাতী মানুহৰ সংঘাতৰ ফলত প্ৰায় ৮০জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ২৯টা বন্যহস্তী মানুহৰ হাতত নিধন হৈছে৷ ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰা এই সংঘাত ৰোধৰ …

বিপৰ্য্যস্ত অসম: বান আৰু মহামাৰীৰ উপৰ্য্যুপৰি আঘাতত অথাউনি ৰাইজ
প্ৰতিবছৰৰ দৰে এই বৰ্ষতো নৈপ্ৰধান ৰাজ্য অসমক বানে বিধ্বস্ত কৰিছে। এফালে কৰ’না অতিমাৰীৰ প্ৰকোপ আৰু আনফালে বাৰিষাৰ প্ৰথমটো বানে অসমৰ নৈপৰীয়া ৰাইজক জ্বলা-কলা খুৱাইছে। প্ৰায় বিধ্বস্ত হৈ পৰিছে গ্ৰাম্য অৰ্থনীতি। যোৱা কিছুদিন ধৰি ৰাজ্যখনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ২৭ খন জিলাৰ ৭৫ টা ৰাজহ চক্ৰ জলমগ্ন হৈছে। মুঠ ২,৭৬০ খন গাঁও বানৰ কবলত পৰাৰ লগতে …

সাধুকথা, পুতলা নাচ আৰু শিশু নাটৰ বৰণীয়া কাৰ্য্যসূচী আয়োজন অন্তৰংগৰ
গুৱাহাটীস্থিত সামাজিক সাংস্কৃতিক অনুষ্ঠান অন্তৰংগই অহা ২৬ মাৰ্চ তাৰিখে আয়োজন কৰিবলৈ লৈছে সাধুকথা, পুতলা নাট আৰু শিশু নাটৰ এক বৰণীয়া অনুষ্ঠান। ২০ মাৰ্চৰ বিশ্ব সাধুকথা কোৱা দিৱস, ২১ মাৰ্চৰ বিশ্ব পুতলা নাট দিৱস তথা আগন্তুক ২৭ মাৰ্চৰ বিশ্ব নাট্য দিৱস উপলক্ষে আয়োজন কৰিবলৈ লোৱা এই অনুষ্ঠানত সাধুকথা কোৱাৰ অনুষ্ঠানৰ লগতে পুতলা নাট তথা শিশু নাটিকা …

আজি বিশ্ব জল দিৱস : ভাৰতৰ একৈশ শতাংশ ৰোগৰ কাৰক প্ৰদূষিত পানী
আজি বিশ্ব জল দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত বহনক্ষম জল ব্যৱহাৰৰ প্ৰতি সজাগতা আনিবলৈ আৰু জল সম্পৰ্কীয় সমস্যাবোৰৰ সমাধানৰ বাবে এক সংহত প্ৰচেষ্টাৰ বাবে প্ৰতি বছৰৰ ২২ মাৰ্চত পালন কৰা এই দিৱসৰ এইবাৰৰ মূল বিষয় হ’ল – ‘সকলোৰে বাবে পানী; কাকো বাদ নিদিওঁ আমি’। এইখিনিতে মন কৰিবলগীয়া যে, বিশ্বৰ মুঠ ১৬ % জনসংখ্যাৰ দেশ ভাৰতত বিশ্বৰ অলৱণীয় …

ইতিহাস গঢ়িলে কৰেণ য়ুলেনবেক-এ : সমৃদ্ধ হ’ল গণিতবিজ্ঞান
গণিত বিজ্ঞানৰ ইতিহাসত পোন প্ৰথমবাৰলৈ এবেল পুৰস্কাৰেৰে সন্মানিত হ’ল এগৰাকী মহিলা – নাম কৰেণ কেছকুলা যুলেনবেক। আজি সন্ধিয়া ‘নৰৱেইয়ান একাডেমী অৱ চাইঞ্চ এণ্ড লেটাৰছ‘ৰ পৰা কৰা এক ঘোষণাত ৭০ৰো উৰ্ধৰ আমেৰিকান গণিতজ্ঞগৰাকীলৈ এই বছৰৰ গণিতবিজ্ঞানৰ নোবেল ৰূপে জনাজাত এই পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰা হয়। গণিতবিজ্ঞানৰ সামগ্ৰিক জগতখনলৈ বিপ্লৱৰ সূচনা কৰা তেওঁৰ ‘জ্যামিতিক বিশ্লেষণ তথা …

মনোহৰ পাৰিকৰ : কৰ্মনিষ্ঠ ৰাজনীতিৰে ল’লে বিদায়
শাৰীৰিক যন্ত্ৰণায়ো ৰুদ্ধ কৰিব নোৱাৰা এক কৰ্মঠ জীৱন সামৰি অৱশেষত বিদায় ল’লে গোৱাৰ মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰাক্তন প্ৰতিৰক্ষামন্ত্ৰী মনোহৰ পাৰিকৰে। আজি সন্ধিয়া ৬-৪০ বজাত পানাজীস্থিত নিজৰ পুত্ৰৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰা নেতাগৰাকীৰ বয়স হৈছিল ৬৩ বছৰ। আই আই টি ব’ম্বেৰ পৰা ১৯৭৮ চনত ধাতৱীয় অভিযন্ত্ৰণ বিষয়ৰ স্নাতক পাৰিকাৰ আছিল ভাৰতৰ কোনো ৰাজ্যৰ বিধায়ক হিচাপে …

ৰাষ্ট্ৰসংঘৰ ঘোষণা : ২০২১-২০৩০ হ’ব পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ দশক
সমগ্ৰ বিশ্বতে ক্ৰমশ: অৱনতিৰ গ্ৰাসত পৰা প্ৰাকৃতিক পৰিৱেশ আৰু পৰিস্থিতিতন্ত্ৰৰ সুস্থতা ঘূৰাই আনিবলৈ ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত বিশ্বজুৰি ২০২১-২০৩০ৰ দশকটো পালন কৰা হ’ব – পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ দশকৰূপে। ৰাষ্ট্ৰসংঘৰ ১ মাৰ্চত অনুষ্ঠিত সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। নিৰ্বনানীকৰণ, প্ৰদূষণ আদি বিভিন্ন কাৰকৰ গ্ৰাসত পৰি দ্ৰুত গতিত বৃদ্ধি পোৱা প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰসমূহৰ অৱক্ষয়ৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা …

পক্ষী গণনাৰে চি ভি ৰমনলৈ শ্ৰদ্ধাৰ্ঘ্য কটন বিশ্ববিদ্যালয়ত : ২৮ বিধ ভিন্ন প্ৰজাতিৰ পক্ষী লিপিবদ্ধ
আজি ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ অধীনত সম্পন্ন হয় এক পক্ষী গণনা কাৰ্য্যসূচী। মানুহৰ কাষলৈ বিজ্ঞানক লৈ যোৱাৰ এক আন্তৰিক প্ৰচেষ্টাৰে আয়োজিত ‘চি ভি ৰমন পক্ষী গণনা’ শীৰ্ষক এই কাৰ্য্যসূচীত পুৱাৰ সেমেকা বতৰকো নেওচি কটন বিশ্ববিদ্যালয়, পাণ্ডু মহাবিদ্যালয় তথা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ১৭ জন শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। …

বিজ্ঞান দিৱস : ড০ ভূপেন্দ্ৰ নাথ গোস্বামী, ড০ মনষিতা বৰা আৰু নেইষ্ট’লৈ বিজ্ঞান বঁটা
ৰাজ্যত বৈজ্ঞানিক গৱেষণাৰ প্ৰসাৰ আৰু বৈজ্ঞানিক উদ্ভাৱনৰ বাবে অনুকূল পৰিৱেশ গঠনৰ উদ্দেশ্যৰে প্ৰদান কৰি অহা ৰাজ্যিক বিজ্ঞান বঁটাৰ ২০১৯ চনৰ প্ৰাপকসকলৰ নাম আজি ঘোষণা কৰা হয়। এই বৰ্ষত বৈজ্ঞানিক উৎকৰ্ষতাৰ জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়োৱা হৈছে শান্তিস্বৰূপ ভাটনাগৰ বঁটা বিজয়ী প্ৰথিতযশা বতৰবিজ্ঞানী ড০ ভূপেন্দ্ৰ নাথ গোস্বামীলৈ। পুনেস্থিত ভাৰতীয় ক্ৰান্তীয় বতৰবিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক হিচাপে গুৰুদায়িত্ব পালন কৰি …

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত পক্ষী গণনা
আগন্তুক ২৮ ফেব্ৰুৱাৰীৰ ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ অধীনত এক পক্ষী গণনা কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। সকলো ৰাইজৰ বাবে মুকলি এই কাৰ্য্যসূচীত আগ্ৰহী ৰাইজে অংশ ল’ব পাৰিব আৰু বিভাগটিৰ বিশেষজ্ঞসকলৰ তত্বাৱধানত কটন বিশ্ববিদ্যালয় চৌহদত পক্ষী নিৰীক্ষণ আৰু গণনা কৰিব পাৰিব। উল্লেখনীয় যে, প্ৰত্যেক বছৰে নোবেল বঁটা বিজয়ী ভাৰতীয় …