Posts in category
প্ৰাসংগিক

মধ্যপ্ৰদেশৰ নিৰ্যাতিত কৃষক দম্পতী আৰু দেশৰ খাদ্য সৈনিকৰ কৰুণ ছবিখন
ভাৰতবৰ্ষত কৃষকৰ ওপৰত চলা অত্যাচাৰৰ সকৰুণ ছবিখন পুনৰবাৰ স্পষ্ট ৰূপত ফুটি উঠিল মধ্যপ্ৰদেশৰ গুণাত সংঘটিত ঘটনাটোৰ পৰা৷ যোৱা মঙলবাৰে ৰাজ্যখনত এক কৃষক দম্পতীৰ ওপৰত কৰা পুলিচ প্ৰশাসনৰ নিৰ্মম অত্যাচাৰৰ এক ভিডিঅই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ নিজৰ পুত্ৰৰ সন্মূখতে কৃষক দম্পতীৰ ওপৰত পুলিচৰ এই নিৰ্মম অত্যাচাৰে বিজেপি শাসিত ৰাজ্যখনত আত্মনিৰ্ভৰশীল ভাৰতৰ শ্লোগান দিয়া তথা …

লকডাউনৰ সময়সীমাঃ ভাইৰাছ নে ভোকত মৰিব জনতা?
কৰ’না আৰু ৰাজনীতিৰ মাজত আছে নেকি কিবা যোগসূত্ৰ? অসমত আজিৰ প্ৰেক্ষাপটত যিমানেই কৰ’না পজিটিভ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে, সিমানেই প্ৰশ্ন উত্থাপিত হৈছে কৰ’না আৰু ৰাজনীতিৰ মাজত থকা যোগসূত্ৰক লৈ৷ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে৷ বাকবিতণ্ডা আৰু মুখ চুপতিৰ এই নাটকত তল পৰি যাব ধৰিছে প্ৰকৃত তথ্য আৰু সৰ্বসাধাৰণৰ আচল সমস্যাৰাজি৷ ইফালে বাঢ়ি গৈ …