Posts in category

প্ৰাসংগিক


অৰ্থনীতি আৰু কৰ্মসংস্থান

Read More

অসমীয়া আঞ্চলিকতাবাদৰ যৱনিকা!

Read More

আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ

Read More

সাম্প্ৰতিক সময়ত সাধাৰণ জনতাৰ সমস্যা সৃষ্টিৰ মূল কাৰণ হ’ল অৰ্থনীতি। ঘৰুৱা অশান্তিৰ পৰা আৰম্ভ কৰি কিছুমান জঘন্য সামাজিক কাণ্ডও অৰ্থৰ অভাৱতেই সংঘটিত হয়। তাৰ এটি জ্বলন্ত উদাহৰণ বাল্য বিবাহ। যোৱা কেইদিনমানৰপৰা দেখি আছো আৰ্থিকভাৱে দুৰ্বল কিছুমান মানুহক চৰকাৰে খেতিৰ নামত দুহেজাৰকৈ টকা, কিছুমানক টিনপাত, আন কিছুমানক চাৰিটাকৈ বাল্ব দিছে। এইখিনিৰে এটা পৰিয়ালে কিমানখিনি সকাহ পাব সেয়া …

ভাৰতবৰ্ষৰ দৰে এখন অতি বৈচিত্ৰপূৰ্ণ, বিষমতাৰে ভৰপূৰ, বৃহৎ গণতান্ত্ৰিক দেশত আঞ্চলিকতাবাদী ৰাজনীতি অতি প্ৰাসংগিক। কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বাবেই ভাৰতৰ সকলো অঞ্চলৰ ৰাইজক প্ৰতিনিধিত্ব কৰি বিকাশৰ পথত আগবঢ়াটো সম্ভৱপৰ নহয়। সেয়েহে সকলো ৰাজ্যৰ বা সকলো জনগোষ্ঠীৰ স্বাৰ্থ বজাই ৰাখি বিকাশৰ যাত্ৰা অব্যাহত ৰাখিবলৈ ভাৰতবৰ্ষত  আঞ্চলিকতাবাদী ৰাজনীতিৰ বিকল্প নাই। অসমৰ প্ৰেক্ষাপটত অসম গণ পৰিষদ (অগপ) এসময়ত …

সৰুপোনা শুই থাক..মোৰ বাছা অ’, নিশ্চিন্তে শুই থাক ধৰিত্ৰী আইয়ে বুজিব তোৰ কষ্টৰ  কথা… ৰ’দৰ চোক কমাই দিব…বোৱাই দিব শীতল বতাহ… আইৰ বুকুতেই এয়া হেপাহৰ কঠিয়া ৰুইছো বোপাই… জীয়াই থকাৰ হেঁপাহ.. তোক বৰ মানুহ কৰাৰ হেঁপাহ…   পথে-পথাৰে, ঘৰে-বজাৰে, অফিচে-চোতালে – দৃঢ়তা, নিষ্ঠা আৰু নৈতিকতাৰে ভূমিৰ পৰা ভূমামুখী হ’বলৈ অহৰহ পৰিশ্ৰমী এই পৃথিৱীৰ সকলো নাৰীলৈ …

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এটি চুটিগল্পত নায়ক মলখু ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ মোট সলাই মলখু গুছি মলখ গুইন গুইন চাহাব হৈছিলগৈ। পঢ়া-শুনা সমাপ্ত কৰি মলখু এদিন জিলাৰ কেছাৰিত হাকিম হ’ল আৰু গাঁ‌ৱৰ ঘৰখনলৈ পিঠি দিলে। বহুদিনৰ মূৰত যেতিয়া ধূতীৰ অভাৱত  লেংটি মৰা খেতিয়ক দেউতাকে জিলালৈ গৈ মলখুৰ ঘৰখন বিছাৰি উলিয়ালে, তেতিয়া ঘৰৰ পহৰাদাৰে বুঢ়াক গতিয়াই খেদিলে …

 “সহজ ভাঙনিত বি মানে বিশেষ, জ্ঞান মানে জ্ঞানেই; মিলাই লৈ বিজ্ঞান অৰ্থাৎ কোনো বিষয়ৰ সন্দৰ্ভত খৰচি মাৰি আহৰণ কৰা জ্ঞানেই হ’ল বিজ্ঞান৷” ঠিক এনেকৈয়ে বিজ্ঞান দিৱসৰ দিনটোত মাইকৰ আগত ভাষণ আগবঢ়াই বিজ্ঞানৰ সাধনা কৰা লোক চাগৈ দেধাৰ ওলাব৷ আৰু এই মুহূৰ্তত, আপুনি এই লেখাটো পঢ়ি থাকোতেও হয়তো ক’ৰবাত কোনোবাই মাইক এটাৰ আগত আপোনাৰ লগে লগেই …

অসমত কবি , গল্পকাৰ , গায়ক , অভিনেতা আদি কিমান আছে বাৰু ? হিচাব হয়তো দিবলৈ অসম্ভৱ। পিছে অসমত বাৰু বিজ্ঞানী কিমান আছে ? বহুতৰে ধাৰণা যে অসমত বিজ্ঞানী নাথাকে, সকলো উচ্চ শিক্ষা সাং কৰিয়েই বাহিৰলৈ যায়গৈ। ইউনিৰ্ভাচিটিবোৰৰ বাহিৰে অসমত বিজ্ঞানত উচ্চশিক্ষা থকা বা বিজ্ঞানত গৱেষণা কৰা লোক নাই। ইয়াৰ বিপৰীতে এইখন অসমতে কিন্ত বহু …

অসম দেশৰ কথা-কাণ্ডবোৰ সঁ‌চাকৈয়ে বিষম। পৃথিৱীৰ সমস্ত  নোহোৱা নোপজা ঘটনাবোৰ ঘটে এইখন দেশতে। বছৰটোৰ তিনিশ পয়ষষ্ঠিটা দিনতেই এইখন দেশৰ ক’ৰবাত নহয় ক’ৰবাত চুৰ্চুৰীয়াকৈ হ’লেও আন্দোলন চলে, গড়ে এশটামান দিন উদযাপিত হয় অসম বন্ধ, প্ৰায় ছমাহ ধৰি চলে ৰঙালী বিহু, ভোগালীৰ বতৰত আকৌ পথাৰৰ বুকুত অত্যুত্তম ভাস্কৰ্য্য কিছুমান তৈয়াৰ কৰি জ্ব্লাই দিয়া হয়। অন্য ঠাইত মৃত্যুৱে …

সমগ্ৰ ৰাজ্য বৰ্তমান শোকত ম্ৰিয়মান৷ শালমাৰাৰ চুলাই সেৱন কাণ্ডই মৰ্মাহত কৰিছে সকলোকে৷ চুলাই সেৱন কৰাৰ ফলতে চৰকাৰী হিচাব অনুসৰি মৃত্যু ঘটিছে ৭৭ জন লোকৰ আৰু বৰ্তমানেও চিকিৎসাধীন হৈ আছে প্ৰায় দুই শতাধিক লোক৷ এই ঘটনাৰ পিছতেই এতিয়া বিৰোধী দলসমুহে দোষাৰোপ কৰিছে শাসনাধিষ্ঠিত দলটোক৷ তদুপৰি আবকাৰী বিভাগ,আৰক্ষীৰ ভূমিকাৰ ওপৰতো উত্থাপন হৈছে প্ৰশ্ন৷ কিন্তু কিমানদিনলৈ থাকিব এই …

১৪ ফেব্ৰুৱাৰীত পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদী সংগঠন “জৈছ-ই-মহম্মদ”এ পুলৱামাত চি.আৰ.পি.এফৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ চলালে তাৰ প্ৰতিবাদত সমগ্ৰ দেশতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ভূমিকাকলৈ তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে ৷ পাকিস্তানৰ ওপৰত দৃষ্টান্তমূলক প্ৰতিশোধৰ দাবীত সমগ্ৰ ভাৰতবৰ্ষই প্ৰতিবাদমুখৰ হৈ পৰাৰ ক্ষণত, এনে ভয়ানক কাণ্ডৰ আঁৰত দেশৰ নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙাৰ কথাও অতি নিৰ্লজ্জকৈ ওলাই পৰিছে ৷ বিশেষকৈ কাশ্মীৰ উপত্যকাত বিদেশী …

ভাৰতবৰ্ষৰ ভিতৰত অসমেই এখন এনেকুৱা ৰাজ্য য’ত নাৰীক নাৰী হিচাপে সম্মান প্ৰদৰ্শন কৰা হয়। যিখন অসমত বিয়া পাতোতে কইনাক আ-অলংকাৰৰ পৰা পেটিকোটৰ ফিটাডালো দৰাই যোগান ধৰি স-সন্মানে সমাজক সাক্ষী কৰি হোমৰ পৱিত্ৰ জুইৰ কাষত বহি বেদ বাক্য উচ্চাৰণ কৰি বিয়া পাতি অনা হয়, তেনে এখন ৰাজ্যত আজি দাখিল কৰা অৰুন্ধতী নামৰ আঁ‌চনি খনে নাৰীক চৰম …