পৰ্য্যালোচনা

ৰাফেল আৰু কিছু অন্য প্ৰসংগ
অৱশেষত কোটি কোটি নিৰন্ন মানুহৰ দেশ ভাৰতবৰ্ষত ৭০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ফ্ৰান্সৰ পৰা আহি পালে ৰাফেল যুঁজাৰু বিমান৷ আশা কৰা হৈছে যে বিদেশৰ পৰা আমদানিকৃত এই ৰাফেল বিমানে দেশৰ সামৰিক শক্তি বৃদ্ধি ঘটোৱাৰ লগে লগে আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰতো যোগাব শক্তি আৰু দেশবাসীৰ মনত যোগাই তুলিব অনুপ্ৰেৰণা৷ শক্তিধৰ দেশসমূহৰ ভিতৰত এতিয়া সোমাই পৰিল ভাৰতৰো নাম৷ …

দেশত অনলাইন শিক্ষাৰ গুৰুত্ব আৰু বৰ্তমানৰ বাস্তৱ ছবিখন
সম্প্ৰতি বিশ্বায়নৰ যুগত অনলাইন শিক্ষা ব্যৱস্থাই সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰিছে৷ শেহতীয়াভাৱে ভাৰতৰ লগতে অসমতো অনলাইন শিক্ষাৰ প্ৰাংসগিকতা বৃদ্ধি পাইছে৷ কৰ’না মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলগীয়া হোৱাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক চাহিদা পূৰণৰ বাবে বিভিন্ন ৰাজ্যত অনলাইন শিক্ষা পদ্ধতিক আঁকোৱালি লোৱা হৈছে৷ এই অনলাইন শিক্ষা ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৯০ চনতে আৰম্ভ হৈছিল৷ কিন্তু …

এখন কাকতৰ এটা সম্পাদকীয় আৰু অসমৰ শিক্ষক সমাজ
যোৱা ১১ জুলাই,২০২০ইং তাৰিখৰ এখন আগশাৰীৰ অসমীয়া দৈনিক কাকতৰ চাৰি নং পৃষ্ঠাৰ সম্পাদনা মেজত প্ৰকাশিত এটা লেখাই অসমৰ শিক্ষক সমাজক বাৰুকৈয়ে ক্ষোভিত কৰি তুলিছে৷ শিক্ষক সকলে সম্পাদকৰ উক্ত লেখাটো সম্পূৰ্ণ একপক্ষীয় তথা ভিত্তিহীন বুলি দাবী কৰি ইতিমধ্যে সামাজিক মাধ্যমত এক ডিজিটেল আন্দোলনৰ আৰম্ভ কৰিছে৷ লেখাটোৰ প্ৰথম শাৰীতে লিখা হৈছে যে, ভাল খবৰ বোৰ হেনো অসমৰ …

অসম চৰকাৰৰ কৃষি-ভুমি হস্তান্তৰৰ সিদ্ধান্ত: লাভান্বিত কৰিব উদ্যোগপতি-বণিয়াক
অতি সহজ অৰ্থত ক’বলৈ হ’লে এতিয়া সাধাৰণ কৃষকৰ খেতিৰ মাটি বৃহৎ উদ্যোগপতি আৰু বণিয়াৰ হাতলৈ যোৱাৰ পথ মুকলি হ’ল৷ অসম চৰকাৰৰ কেবিনেটে কৃষি ভুমি হস্তান্তৰ আৰু ভুমি শ্ৰেণী পৰিৱৰ্তনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই অসমৰ কৃষি ক্ষেত্ৰৰ লগতে অৰ্থনৈতিক দিশত বহু নেতিবাচক প্ৰভাৱ পেলাব৷ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেবিনেটত হোৱা সিদ্ধান্তৰ কথা সামাজিক মাধ্যম টুইটাৰত প্ৰকাশ …

পেলেষ্টাইনৰ কথাৰে এটা আশংকা
পৃথিৱী আহিছে একেবাৰে চাপি ভাবিছিলা জানো কেতিয়াবা তুমি হৈ পৰিম আমিও ইমান নিকট, ভাতৃৰ দৰে ১৯৮৯চনত যেতিয়া জাৰ্মানীৰ মানুহে বাৰ্লিন ৱাল ভাঙিছিল;সেই মুহূৰ্তটোক “স্কৰপিয়নচ্’’ নামৰ জাৰ্মান ৰ’ক বেণ্ডটোৱে উইণ্ড অৱ চেঞ্জ্ শীৰ্ষক গান এটাৰে বান্ধি থৈছিল৷ গানটোত ৰাজনৈতিক ভেদাভেদ পৰিহাৰ কৰি মানুহৰ মাজত ভাতৃত্ববোধৰ জয়গান গোৱাৰ প্ৰয়াস কৰা হৈছিল৷ কাৰণ ৰাজনৈতিক মতাদৰ্শ যিয়েই নহওক, মানুহক …

হাৰিবলৈও শিকোচোন কেতিয়াবা
বুজন হোৱাৰে পৰা আমাৰ জীৱনৰ উদ্দেশ্য হ’ল যিকোনো ক্ষেত্ৰতে জয়ী হোৱা, হাৰিলেই যেন আমাৰ লগতে আমাৰ পৰিয়ালৰ সন্মান লাঘৱ হ’ব। সাম্প্ৰতিক সৰ্বদিশত কেৱল প্ৰতিযোগিতা চলিছে; যাৰ ফলত শিশু, কিশোৰ-কিশোৰী এক অঘোষিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, কেনেদৰে আনতকৈ আগুৱাই যাব পাৰি, কেনেকৈ যিকোনো প্ৰকাৰে জিকিব পাৰি, কেৱল জয়ী হ’ব পাৰি। সৰুৰে পৰা মনে বিচৰা প্ৰতিটো বস্তু লাভ …

আমি কেতিয়া সজাগ হ’ম ?
কেইদিনমানৰ আগতে বলিউডৰ প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই সমগ্ৰ দেশতে খলকনিৰ সৃষ্টি কৰিছে। প্ৰতিভাশালী অভিনেতাজনৰ আত্মহত্যাৰ কাৰণ এতিয়ালৈ বাহিৰলৈ অহা নাই যদিও মৰণোত্তৰ পৰীক্ষাত এই কথা পোহৰলৈ আহিছে যে, বিগত কেইবামাহৰ পৰা ডিপ্ৰেছনত ভূগি আছিল অভিনেতাজন। বলিউডত মানসিক অৱসাদত ভূগি আত্মহত্যা কৰা ঘটনা এইটোৱে প্ৰথম নহয়। ইয়াৰ পুৰ্বেও বহু শিল্পীয়ে কেৱল মানসিক অৱসাদত ভূগি আত্মহত্যা …

ভাৰতীয় গণতন্ত্ৰ আৰু নিৰ্বাচন
পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতবৰ্ষৰ জন্মৰ সময়ত পৃথিৱীৰ আগশাৰীৰ প্ৰায়বোৰ ৰাজনৈতিক চিন্তাবিদেই দেশখনত গণতন্ত্ৰৰ ভৱিষ্যতৰ প্ৰতি সন্দেহৰ ভাৱ পোষণ কৰিছিল। কিছুমানেতো মুকলিকৈয়ে গণতান্ত্ৰিক ভাৰতৰ মৃত্যু তাৰিখ ঘোষণা কৰিছিল। ভাৰতবৰ্ষৰ ভৱিষ্যতৰ প্ৰতি সন্দেহৰ ভাৱ পোষণ কৰাৰ আঁৰত কিছুমান সৱল যুক্তি আছিল। সেই সময়ত ভাৰতবৰ্ষৰ শিক্ষিত মানুহৰ সংখ্যা আছিল মাত্ৰ ২৫ শতাংশ। শতকৰা ৮০শতাংশ মানুহে বসৱাস কৰিছিল …

ভাৰতীয় নাৰীবাদী চিন্তাধাৰা আৰু স্ত্রী শিক্ষাৰ চৰকাৰী সংজ্ঞা
ভাৰতীয় নাৰীবাদৰ সূতাডাল পশ্চিমীয়া নাৰীবাদৰ সূতাডালৰ এক বর্ধিত ৰূপ। ভাৰতীয় নাৰীবাদৰ এটা নিজা চৰিত্ৰ আজিও গঢ় লৈ নুঠিল। ইউৰােপীয় আৰু আমেৰিকান নাৰীবাদৰে এক প্ৰসাৰিত ৰূপ হিচাপে ভাৰতীয় নাৰীবাদ মূল ভাৰতীয় সুঁতিটোৰ পৰা নিলগতে ৰৈ গ’ল। সেয়ে ‘মি টু’ৰ দৰে সম্ভ্রান্ত নাৰীবাদী আন্দোলন এটাই চচিয়েল মিডিয়া অথবা টেলিভিছনৰ পৰ্দাত এক ধুমুহাৰ সৃষ্টি কৰে আৰু একে সময়তে …

জাতীয় মহানায়ক শুক্লধ্বজ
যিজন বীৰ পুৰুষে মহাপুৰুষ দুজনাক আশ্ৰয় দিছিল, কালাপাহাৰে ধ্বংস কৰি থৈ যোৱা কামাখ্যা মন্দিৰক পুনৰ নিৰ্মাণ কৰিছিল, সেইজন চিলাৰায়ৰ দিৱসটো ১৯ ফেব্ৰুৱাৰীত কামাখ্যাৰ চৌহদত বা সমগ্ৰ অসমৰ নামঘৰ, সত্ৰ বা শংকৰদেৱ সংঘৰ দৰে অনুষ্ঠানে কিয় আনুষ্ঠানিকভাবে পালন নকৰে, সেয়া ভাবিবলগীয়া কথা। অসমৰ ইতিহাসৰ কথা আমি যেতিয়া আলোচনা কৰো, তেতিয়া স্বতঃস্ফূৰ্তভাবে আমি আহোমৰ ছশবছৰীয়া ৰাজত্বৰ কালছোৱাৰ …