বিশেষ পৰ্য্যালোচনা

আৰ.এক্স ১০০পৰা আৰ.এচ.এচ লৈ: অসমীয়াৰ জাতীয়তাবোধ আৰু জাতীয় চেতনা
অসম আন্দোলনৰ পিছত আশীৰ দশকত ডিঙিত গামোছা এখন মেৰিয়াই য়ামাহা আৰ এক্স ১০০ মটৰ চাইকেলত অহা যোৱা কৰা ডেকাবোৰেই আছিল জাতীয়তাবোধ সম্পন্ন অসমীয়া ডেকাৰ জাক, যাক সংযুক্ত মুক্তি বাহিনী,অসম অৰ্থাৎ আলফাৰ সদস্য বুলি আমি জানিব পাৰিছিলো৷ সামাজিক কাম কাজৰ আগৰণুৱা কোনো কোনোৱে আৰম্ভ কৰিছিল কৃষিকাৰ্যও৷ কিন্তু চৰকাৰে নিষিদ্ধ ঘোষণা কৰাৰ বাবে ঘৰ এৰিবলগীয়া হৈছিল ডেকাবোৰে৷ …

বানে কাঢ়িলে ৫৯ জনৰ প্ৰাণ: নদী পূজনত গুৰুত্ব দিয়া চৰকাৰে ঘোষণা আৰু আশ্বাসতে সামৰিলে দায়িত্ব
ৰাজ্যৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ যেন অতি জটিল ৰূপ লৈছে৷ এতিয়ালৈকে ৫৯ জন লোকে বানত মৃত্যুমুখত পৰাৰ লগতে ২৮ খন জিলাৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়ালৈকে ২৮ খন জিলাৰ ৩৩ লাখ মানুহ আক্ৰান্ত হৈছে৷ ৩,৩৭১ খন গাঁও পানীৰ তলত ডুব যোৱাৰ লগতে ৫১৭ টা আশ্ৰয় শিবিৰত ৪৪ সহস্ৰাধিক লোকে …

বাঁহৰ মূঢ়া, বগৰীৰ গুড়া আৰু এগৰাকী শিক্ষকৰ মনৰ কথা
পৃথিৱীৰ অসুখ। নতুনকৈ ক’বলগীয়া,পাতিবলগীয়া কথা নহয়। আচলতে অসুখ পৃথিৱীৰ নে? প্ৰকৃতি ভালে আছে, ভালে নাই মানুহ। সেই প্ৰসংগ বাৰু পাছলৈ থ’লো। অলপ ব্যক্তিগত কথাকেই কওঁ৷ লকডাউনৰ কেইদিন ঘৰত থাকিবলৈ পাইছো৷ পৰিয়াল আৰু স্বজনক চকুৰ সন্মুখত দেখিছো৷ নিশ্চয়কৈ ভাললগা কথা৷ বাহিৰৰ জগত বন্ধ৷ সেইবুলি আমি বন্ধ হ’ব নোৱাৰো৷ কাৰণ? কাৰণটো অকল চাকৰি নহয়। দায়িত্ব৷ আমি শিক্ষক৷ …

পাকিস্তানী মোল্লা-মৌলবাদীৰ ফটোৱা, দু-দেশৰ শাসকৰ পৰস্পৰ বিদ্বেষৰ ৰাজনীতি
পাকিস্তান অথবা ভাৰতবৰ্ষ বুলি ক’লে তাৰ জনসাধাৰণক বুজা যায় নে চৰকাৰী ব্যৱস্থাটোক বুজা যায়- সেয়া নাজানো, কিন্তু সাধাৰণ মানুহৰ পৰিচয় আচলতে কোনো দেশে দাঙি ধৰিব নোৱাৰে। দেশপ্ৰেম যেতিয়া ৰাজনৈতিক উন্মাদনা হৈ পৰে, তেতিয়া ফল ভুগিব লগা হয় জনতাই। পঞ্জাৱ, সিন্ধ, বেলুচ আৰু পাচটু প্ৰদেশৰে লৈ গঠন হোৱা পাকিস্তানৰ জনতাই যি ধৰ্মীয় উন্মাদনাৰ চিকাৰ হৈছে- তালৈ …

ডিছলেক্সিয়া : প্ৰধান মন্ত্ৰীৰ তাচ্ছিল্য আৰু ৰোগীৰ যন্ত্ৰণা
কিছুদিন আগতে বহুলভাৱে প্ৰচাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিডিঅ এটাই বিতৰ্কৰ সৃষ্টি কৰিছে৷ প্ৰধান মন্ত্ৰীজনে ডিছলেক্সিয়া ৰোগক লৈ আইআইটি খড়গপুৰৰ ভিডিঅ’ কনফাৰেঞ্চৰ অনুষ্ঠানত আগবঢ়োৱা এক টিপ্পনীয়ে এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ মূলতঃ ডিছলেক্সিয়া ৰ দৰে জটিল ৰোগক মোডীয়ে ৰাজনৈতিক অস্ত্ৰ কৰিব বিছাৰিছে বুলিও বহুজনে মত পোষণ কৰিছে৷ এই কথাৰ আঁত ধৰিয়েই আজি আমি লিখিব লৈছো মানসিক ৰোগৰ …

যুৱ ভাৰতে কি বিচাৰে?
প্ৰদূষণ সাম্প্ৰতিক সময়ৰ আটাইতকৈ উদ্বেগজনক সমস্যা৷ বিজ্ঞান-প্ৰযুক্তিক পুঁজিপতি বা ব্যৱসায়ীসকলে কেৱল মুনাফা উপাৰ্জনৰ আহিলা হিচাপে গণ্য আৰু ব্যৱহাৰ কৰাৰ ফলত প্ৰদূষণৰ সমস্যা মাত্ৰাধিক হাৰত বাঢ়িছে৷ উন্নয়নশীল আৰু অনুন্নত দেশসমূহত ইয়াৰ প্ৰভাৱ সৰ্বাধিক৷ উন্নত দেশসমূহৰ নাগৰিকসকলৰ শিক্ষা আৰু সচেতনতা তথা তাৰ আইন-কানুনে সততে প্ৰদূষণৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ আগবঢ়ায় আৰু প্ৰশাসনিক ব্যৱস্থা হাতত লয়৷ কিন্তু ভাৰতৰ …

ছহিদৰ চিতাৰ জুইত হাত সেকি সেকি গাম জানো ‘মোদী জিন্দাবাদ’?
যোৱা ১৪ ফেব্ৰুৱাৰীৰ দিনা জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত প্ৰায় অৰ্ধশতাধিক জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হ’ল৷ এই ঘটনাই সকলো মানুহকে ক্ষোভিত কৰিলে, সকলোৱে কন্দুৱালে৷ সকলোৱে ছহিদসকলৰ পৰিয়ালৰ কাষত থিয় দিলে, সন্ত্ৰাসবাদক ধিক্কাৰ দিলে৷ পুলৱামাৰ ঘটনা আৰু ছহিদৰ বলিদানক লৈ কোনেও যাতে ৰাজনৈতিক মুনাফা লাভৰ অংক নকৰে তাৰ বাবে শোকবিহ্বল নাগৰিকে সকিয়াই দিলে৷ বিৰোধী দলসমূহে মুহূৰ্ততে …

মোৰ নাম পানী
পাঠশালাত থাকোতে কুঁহিপাঠত আমি পঢ়িছিলো- ‘পানীয়েই প্ৰাণীৰ প্ৰাণ’৷ হাইস্কুলত বিজ্ঞানৰ পাঠ্যপুথিত পঢ়িলো- এটা পানীৰ অণুত দুটা হাইড্ৰ’জেন আৰু এটা অক্সিজেনৰ পৰমাণু থাকে৷ দুটা হাইড্ৰ’জেন গেছৰ অণুৱে এটা অক্সিজেন গেছৰ অণুৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি দুটা পানীৰ অণু উৎপন্ন কৰে৷ এটা হাইড্ৰ’জেন আৰু অক্সিজেন গেছৰ অণুত যথাক্ৰমে দুটাকৈ হাইড্ৰ’জেন আৰু অক্সিজেনৰ পৰমাণু থাকে৷ সৌভাগ্যৰ কথা যে …

কাশ্মীৰ : এটা ৰাজনৈতিক সাধু
স্বাধীনতাৰ সময়ত কাশ্মীৰ এখন ৰজা শাসিত ৰাজ্য আছিল। ৰজা হৰি সিং আছিল হিন্দু, য’ত কাশ্মীৰৰ ৭৮% শতাংশ লোকেই আছিল মুছলিম। হৰি সিং ভাৰত অথবা পাকিস্তান কোনো এখন দেশৰ লগতেই সন্মিলিত হ’ব বিচৰা নাছিল। আৰু কাশ্মীৰক স্বতন্ত্র কৰি ৰাখি নিজে এজন স্বতন্ত্র শাসক হৈ থাকিব বিচাৰিছিল। আনহাতেদি একেসয়তে নেচনেল কনফাৰেঞ্চৰ শ্বেখ আব্দুলই কাশ্মীৰত আৰম্ভ কৰিছিল এক …

প্ৰেম-ভালপোৱা অনাদি অসীম!
প্ৰেপ্ৰেম প্ৰেম বুলি জগত বলিয়া তথাপি প্ৰেম পাবলৈ নাই৷ ভেলেণ্টাইন ডে ’ৰ প্ৰস্তুতিৰে প্ৰেমাষ্পদে কি পিন্ধিব, কি উপহাৰ দিব, ক’ত ফুৰিবলৈ যাব, কি খাব ইত্যাদি ইত্যাদিৰে প্ৰেমৰ বিশেষ দিনটো কেনেকৈ উদযাপন কৰিব তাকে লৈ ভাবি গুণি পাৰ নোপোৱা উৎসাহেৰে আজি দিনটো পাৰ কৰিলে। কিন্তু প্ৰেমৰ বাবে ‘এটা বিশেষ দিন’ উচিত জানো? প্ৰকৃত প্ৰেমৰ কি দিন ৰাতি? মই নকওঁ …