Posts in category

বিৰিয়াৰ প্ৰতিবেদন


দশক দশক ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত আৰু অৱলেহিত দেশৰ কৃষকে আকৌ এবাৰ নামিবলগীয়া হ’ল ৰাজপথত৷ তিনিখন কৃষকবিৰোধী বিধেয়ক সংসদত গৃহীত হোৱাৰ পূৰ্বৰ পৰাই কৃষকৰ প্ৰতিবাদত উত্তাল হৈ আছিল দেশ৷ এই বিধেয়কৰ প্ৰতিবাদত ইতিমধ্যে কেবিনেট মন্ত্ৰী এগৰাকীয়ে মোডী কেবিনেটৰ পৰা পদত্যাগ পৰ্যন্ত কৰিছে৷ কিন্তু তাৰপিছতো দেশৰ কৃষকৰ প্ৰতি ন্যূনতমো সহানুভূতি নাই মোডী চৰকাৰৰ৷ দেশৰ অন্নদাতাৰ ক্ষোভত …

কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু দীৰ্ঘ লকডাউনৰ ফলত গৃহবন্দী হৈ থাকিবলগীয়া হোৱাত শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাঙি পৰিছে৷ শিশু বিশেষজ্ঞ সকলে ইতিমধ্যে সকীয়াই দিছে যে  যিসময়ত শিশুসকলে খেলধেমালি, দৌৰাদৌৰি কৰি থকাটোৱেই আছিল স্বাভাৱিক আচৰণ সেই সময়তে শিশুসকল দীৰ্ঘ সময় ধৰি হৈ থাকিব লগা হৈছে গৃহবন্দী৷ স্বাভাৱিকতে ই শিশুৰ মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত ভীষণ ক্ষতিকাৰক ৰূপে …

দেশৰ মুঠ জাতীয় উৎপাদনৰ হাৰ  -২৩.৯ শতাংশলৈ নিম্নগামী হোৱাৰ সমান্তৰালভাৱে দেশ সন্মুখীন হ’ব ধৰিছে সীমাহীন সমস্যাৰ৷ কিছুদিন পুৰ্বে কেন্দ্ৰীয় চৰকাৰে দেশবাসীক জনাইছিল যে দেশৰ অৰ্থব্যৱস্থা এতিয়া গভীৰ সংকটত৷ জি.ডি.পিৰ হাৰ নিম্নগামী হৈ পৰিছে -২৩.৯ শতাংশলৈ৷ কৰ’না মহামাৰীৰ ফলত যোৱা এপ্ৰিল মাহৰ পৰা জুন মাহলৈকে হোৱা তিনিমহীয়া গণনাত ওলাই পৰিছে যে দেশৰ জিডিপি সংকুচিত হৈ পৰিছে …

মহামাৰীৰ ধাক্কাত অৱশেষত দেশৰ মুঠ জাতীয় আয়ৰ পৰিমাণ নিম্নগামী হৈ নামিলগৈ ২৩.৯ শতাংশলৈ৷ দেশৰ অৰ্থনীতিবিদ সকলে বাৰম্বাৰ উল্লেখ কৰি আহিছিল যে এচিয়াৰ ভিতৰতে বৃহত্তম ভাৰতৰ অৰ্থনীতিলৈ নামি আহিব পাৰে গভীৰ সংকট৷ দেশৰ অৰ্থনীতিবিদসকলে এই কথাও দোহাৰিছিল যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহত কমিব পাৰে দেশৰ জি.ডি.পিৰ হাৰ৷ এই কথা সত্য প্ৰমাণিত কৰি যোৱা সোমবাৰে …

কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি তচনচ কৰি দৰিদ্ৰ সীমাৰেখাৰ তললৈ নমাই লৈ গৈছে বিশ্বৰ অগণন লোকক৷ কৰ’না মহামাৰীৰ কৱলত হোৱা এই অৰ্থনৈতিক বিপৰ্যয়ে বিশ্বৰ দহ কোটি মানুহক দৰিদ্ৰ সীমাৰেখাৰ তললৈ নমাই লৈ যোৱাৰ সম্ভাৱনা আছে৷ হয়তো অনাগত দিনত বৃদ্ধি হ’ব পাৰে এই সংখ্যাৰ৷ এই আশংকা ব্যক্ত কৰা হৈছে বিশ্ব বেংকৰ তৰফৰ পৰা৷ বিশ্ব বেংকৰ শেহতীয়া …

আকৌ বনজুইৰ প্ৰকোপত আমেৰিকাৰ কেলিফৰ্নিয়া৷ চাৰিওপিনে দাউ দাউকৈ জ্বলিছে জুই৷ এফালৰ পৰা জ্বলি ছাই হৈ গৈছে অৰণ্য৷ অৰণ্য দহনৰ লগে লগে ধোঁৱা আৰু ক’লা ছাইৰে ছানি ধৰিছে কেলিফৰ্নিয়াৰ আকাশ-বতাহ৷ ঘৰ বাৰী বাট পথ সকলোতে এতিয়া ছাই৷ উশাহ- নিশাহৰ সমস্যাৰ পৰা সীমাহীন সমস্যাত আক্ৰান্ত কেলিফৰ্নিয়াৰ বাসিন্দাসকল৷ ধোঁৱা ছাই আৰু জুইৰ প্ৰকোপত  শিশুৰ পৰা আৰম্ভ কৰি প্ৰাপ্তবয়স্কলৈকে …

পাৰিৱেশিক প্ৰভাৱ নিৰূপণ খচৰা,২০২০চমুকৈ ই আই এ ৰ দৰে অতি স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত আপত্তি দৰ্শোৱাৰ আজি অন্তিমটো দিন৷ গণতান্ত্ৰিক দেশ এখনৰ নাগৰিক হিচাপে এই দেশৰ প্ৰকৃতি আৰু পৰিৱেশক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰতিগৰাকী ব্যক্তিয়ে চৰকাৰে মুকলি কৰি দিয়া ই-মেইল আই ডিত ( eia2020-moefcc@gov.in) মেইল কৰাৰ সুবিধা দিয়া হৈছিল৷ এই ক্ষেত্ৰত সচেতন ব্যক্তি সকলে নিশ্চয় নিজ নিজ …