Posts in category
বোধৰ আখৰ

খেলবোৰ শেলবোৰ
অসমৰ ৰাজনীতিত বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাৱমূৰ্তি এজন ভদ্ৰলোক হিচাপেই প্ৰতিষ্ঠিত আছিল। মতদ্বৈধতাৰ উৰ্ধত সৰ্বানন্দ সোণোৱালৰ কথা-বতৰা আচাৰ-ব্যৱহাৰক লৈ সকলো আছিল প্ৰশংসাত একমুখ। আজি কেইদিনমানৰ পৰা তেখেতে মৌনতা ভংগ কৰিছে। হাত জোকাৰি কথা ক’বলৈ আৰম্ভ কৰিছে। কথা কোৱাৰ সুৰ আৰু শৈলী সলনি হৈছে। নিজে নিবিচৰা কাম এটা কৰোঁতে মানুহে আতিশয্য কৰিবলগীয়া হয়। জোৰ দি ক’বলৈ …

জ্যোতিপ্ৰসাদ
জ্যোতিপ্ৰসাদৰ নাম প্ৰথম কেতিয়া শুনিছিলোঁ মনত নাই। মনত থকাৰ আগৰে পৰাই যে জ্যোতিপ্ৰসাদ মনত আছিল, সেইটো জানো। সৰুতে স্কুললৈ যোৱাৰ সময়তেই মায়ে এটা এটা আখৰ জোঁটাই জোঁটাই মাতিবলৈ শিকাইছিল ‘অকণমাণিৰ প্ৰাৰ্থনা’। সেইভাঁজেই জ্যোতিপ্ৰসাদৰ সৈতে আমাৰ সংশ্ৰৱ। আজিলৈ এজনে আনজনক এৰা নাই – জ্যোতিপ্ৰসাদে মোৰ চিন্তালৈ আহিবলৈ বাদ দিয়া নাই – মই জ্যোতিপ্ৰসাদক ভাবিবলৈ বাদ দিয়া …