যাযাবৰৰ মনোকথা

মধ্যবিত্তৰ দুমুখীয়া সমাজ সচেতনতাৰ কেতিয়াবা অন্ত পৰিবনে?
যেতিয়া পৰিৱেশ বিশেষে ব্যক্তিগতভাৱে যিকোনো এজন ব্যক্তিৰ লগত দেশ, জাতি, সমাজ অথবা বা ৰাজনীতি বিষয়ক যিকোনো সমস্যাৰ কথা পতা হয় তেতিয়া সাধাৰণতে এনেদৰে কথা পতা প্রতিজন ব্যক্তিকে এইবোৰ বিষয় লৈ বেছ সচেতন যেন লাগে। অন্ততঃ আজিলৈকে যিমানজনৰ লগত কথা পাতিছো তাৰ ৯৫% ব্যক্তিৰ লগতে এই কথা প্রযোজ্য অথচ একেবোৰ মানুহেৰেই আবৃত্ত আমি বসবাস কৰা সমাজখন …

ছাৰ্জিকেল ষ্ট্রাইক- এটা সাময়িক ‘পেইন কিলাৰ’
আমাৰ দেশে পাকিস্তানৰ ওপৰত প্রতিশোধ ল’লে। ব’ম পেলালে, সন্ত্ৰাসবাদীৰ ঘাটি চাৰখাৰ কৰিলে। প্রায় ৩০০ সন্ত্ৰাসবাদী নিধন কৰিছে বুলি খবৰ ওলাইছে। পূৰ্বে কংগ্রেছ চৰকাৰৰ দিনত বিগত বহুকেইটা বছৰত পাকিস্তানে ভাৰতত কৰা বহু সন্ত্রাসবাদী আক্রমণৰ উত্তৰ এইদৰে কঠোৰতাৰে ভাৰতে দিয়া নাছিল। নৃশংসতা ইমানখনি পাইছিলগৈ যে ভাৰতীয় জোৱানৰ মূৰ কাটি ফুটবল খেলোতেও ভাৰত বা সেইসময়ৰ কংগ্রেছ চৰকাৰখনে পাকিস্তানৰ …

অসমীয়াৰ কফিন কোনে সাজিছে?
অসম ‘কাশ্মীৰ’ হ’ব নহয়, অসমক কাশ্মীৰ বনাইহে এৰিব। উন্মুক্ত, উদং সীমান্ত ব্যৱস্থাৰে বাংলাদেশীবোৰক এফালে হাত বাউল দি মাতিব আনহাতে এন. আৰ. চি. অথবা ‘আধাৰ’ ত কোটি-কোটি টকা ব্যয় কৰি বাংলাদেশী বিতাৰণ অথবা নাগৰিকত্ব বিষয়টো সুস্থিৰ কৰাৰ ভেকোভাওনা কৰিব। ধোবাং-বাং সীমান্ত লৈ প্ৰগতিৰ শ্ল’গান দিয়া আৰু দেহৰ ওপৰে ছ্যুট-টাই পিন্ধি তলে নাঙঠ হৈ থকা একেই কথা। …