Posts in category

শুনা শুনা সৰ্বজন


নাম-উপনাম

Read More

শিল্পী!

Read More

টেনশ্বন যুদ্ধ আৰু ৰাহু

Read More

মানুহৰ নাম ৰখাটো এটা কম কথা নহয়। কোৱা হয় যে মাংস / নামৰ পৰাই মানুহজনৰ বিষয়ে কেইবাটাও বস্তু উলিয়াব পাৰি। কিন্তু কেতিয়াবা সেইটো নিমিলে। আমাৰ কাষতে এটা মানুহ থাকে। জীৱনত সি কাহানিও স্কুলত ভৰি থৈ নাপালে। তাৰ নাম ‘বিদ্যাসাগৰ’। আৰু এটা ভিখাৰী বহে আমাৰ ঘৰৰ কাষতে। নাম তাৰ ‘ৰাজা’। এইবোৰৰ লগতে আৰু এটা সাংঘাটিক বস্তু …

স্বৰ্গত এখন সভা বহিছে। সভাখনত স্বনামধন্য শিল্পীবোৰ যেনে দ্যোতি, আভা, ৰূপেন, বগেনৰ মিটিং। মিটিংৰ উদ্দেশ্য হ’ল ‘শিল্পী’ শব্দটোৰ এটা সঠিক অৰ্থ নিৰুপণ কৰা। দ্যোতিয়ে মাইক লৈ নিজৰ ভাষণ আৰম্ভ কৰিলে : “হেৰা সৰ্বজন, ওৰে জীৱন আমি সংগ্ৰাম কৰি কৰি কৰ্ম কৰিলো। আমাৰ পুণ্যভূমিখনক জাতিস্কাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিলো। এতিয়া দেখিছো যে শিল্পীৰ সংগ্ৰামৰ ঠাই লৈছে …

ক টেনশ্বন আমাৰ চিৰ লগৰীয়া। ঘৰত গেছ নাথাকিলে টেনশ্বন, পেটত গেছ থাকিলে টেনশ্বন। ৰাষ্টা বন্ধ থাকিলে টেনশ্বন আৰু স্কুল খোলা থাকিলে টেনশ্বন। দেশত যুদ্ধ হ’লে টেনশ্বন, যুদ্ধ নালাগিলেও টেনশ্বন। এই টেনশ্বনৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় বিচাৰি জুকাৰবাৰ্গ দাই উলিয়ালে ‘ফেচবুক’। বোলো ৰাইজে ৰাইজক লগ পাব, নতুন চা- চিনাকি হ’ব, কথা বতৰা হ’ব আৰু টেনশ্বনবোৰ কমিব। …

আমি অসমীয়াবোৰ বৰ হোজা। বৰ চিধা। প্ৰতিবাৰেই আমাক লাটুমটোৰ নিচিনাকৈ যিফালে মন যায় সেইফালেই ঘূৰাই দিব আৰু আমি ঘূৰি থাকিম। আমি আশা কৰিবলৈ বাদেই নিদিওঁ। অমুকে বেয়া কৰিলে তমুকে ভাল কৰিব। ভাল কৰিবলগীয়াজনে বেয়া কৰিলে সেইকাৰণে আগতে বেয়া কৰাজনে ভাল কৰিব বুলি ভাবি জিকাই দিওঁ আৰু একেটাই কৰে। হাঁহি উঠে আজিকালি নেতা মন্ত্ৰী ৰাজনৈতিক যিকোনো …

সসৰুৰে পৰাই দেউতাক দেখি দেখি ব্যংগ লিখিবলৈ চেষ্টা কৰিছিলো। তেতিয়া অৱশ্যে ব্যংগৰ নামত গোবৰ কিছুমানহে ওলাইছিল মোৰ। এতিয়া ব্যংগ লিখিবলৈ লৈছো ভালকৈ। কি ওলাইছে নাজানো আৰু লিখি গৈছো মুঠতে। আজিকালি অৱশ্যে ব্যংগ লিখাটো বৰ ৰিস্কি কাম। কোন সময়ত কোন আৱেগিক জনে বেয়া পাই যায় তাৰ গেৰেন্টি নাই। লাগি যাব আপোনাৰ পিছত ষাঁড় গৰুৰ নিচিনাকৈ। কিন্তু …

এটা সময় আছিল যেতিয়া ঘড়ীটোৰ এটা নিৰ্দিষ্ট মাত আছিল। ঘড়ীটোৱে টিক টিক কৰে বুলি কৈছিলো আমি সৰুতে। কিন্তু আজিকালি ঘড়ীবোৰে টিক টিক নকৰে; ঘড়ীবোৰে টিক্‌ টক্‌ কৰে। অ’ ৰাম ৰাম প্ৰভু, বনোৱাজনেও এইটো কি অদ্ভুত বস্তু বনালে হে? লিপ চিংক কৰালৈ ঠিকেই আছে বাৰু!  কিন্তু তাৰ বাহিৰে কাপোৰ কানিৰ পৰা লিপষ্টিক সানি যেতিয়াই তেতিয়াই এইটোৰ মায়াতেই …

 গীত লিখাটো সহজ কথা নহয়। ‘তোমাক দেখিলো মই মাহটো আছিল জুন…তোমাৰ নাম মুন….তুমি মোৰ জীৱনৰ সোণ’ টাইপ গীতবোৰ হৈ পৰিছে আজিকালি। কিয় লিখিছে কাৰ কাৰণে লিখিছে একো ঠিক নাই…কিয় গাইছে তাৰো একো ঠিক নাই। ভাল গান এতিয়াও আছে অসমত। নোহোৱা নহয়। কিন্তু কথাটো হ’ল যে যি ধৰণৰ গীতবোৰে প্ৰাধান্য পাইছে সমাজত সেইবোৰ গীতে আমাক সত্য …

ইলেকশ্বন এই বছৰতেই হ’ব। না না প্ৰতিশ্ৰুতি না না কথাৰে আপোনাক মোক ভুলাবলৈ ইতিমধ্যে সকলো প্ৰস্তুত হৈ গৈছে। ইতিমধ্যে আমি পৰোক্ষভাৱে একো একোজন ৰাজনৈতিক বিশ্লেষক হৈ পৰিছো। কাক ভোট দিম আৰু কাক মৰি গ’লেও ভোট নিদিও মনতেই প্ৰায় ঠিক কৰি লৈছো। আজিকালি আকৌ শাসক দলক সমালোচনা কৰিলেও বোলে কিবা ইন্টলা ইন্টে কি…. অ ইন্টলাৰেন্ট বুলি …

অগপ! কিমান আশা, কিমান আকাংক্ষা লৈ গঠন হৈছিল এই দলটি। অসমৰ মানুহৰ স্বাভিমান স্বৰূপ হাতীটো দেখিলে গৰ্বেৰে বুকুখন ফুলি উঠিছিল। এই হাতীটো আমাৰ, ভালেই হওক বেয়াই হওক দলটো আমাৰ। এতিয়া পিছে হাতীটো বুঢ়া হ’ল, দাঁত দুটাও দুৰ্বল হ’ল আৰু এলেহুৱা হ’ল। কথা ক’ব নজনা হ’ল, গপ মাৰিব নজনা হ’ল ৰাজনীতিৰ বিষয়ে। সেইকাৰণেই হয়তো ‘অ-গপ’। যিখিনি …

‘জীৱন জুখিবা কৰ্মেৰে’। হয় একদম সত্য কথা। কিন্তু মোৰ মাজে মাজে অনুভৱ হয় যে মানুহ এজনক জুখিব পৰা আন কিছুমান ধুনীয়া বস্তু আমাক প’ষ্ট মডাৰ্ণিজিম দি থৈ গৈছে। ধৰি লওক মানুহ এজনৰ সৈতে আপুনি নতুনকৈ চিনাকী হৈছে। চিনাকী হ’ল, কথা পাতিলে। আকৌ লগ পালে বেলেগ এদিন। কথা পাতিলে। এনেকে দুবাৰ তিনিবাৰমান লগ পোৱাৰ পিছত আপুনি …