সা ম য়ি কী টো কা

লকডাউন সৃষ্ট পৰিহাসত ঋণগ্ৰস্ত নাৰীৰ হাহাকাৰ৷
আৰ্থিকভাৱে পিচপৰা আৰু ঋণগ্ৰস্ত এটি পৰিয়ালৰ এগৰাকী বোৱাৰীয়ে কেইদিনমান আগতে আত্মহত্যা কৰিলে৷ বোৱাৰীগৰাকী আছিল ১৮ মহীয়া এটি সন্তানৰ মাতৃ৷ জুলাই মাহত বোৱাৰীগৰাকীৰ স্বামীয়ে আৰ্থিক সংকটত পৰি আত্মহত্যা কৰিছিল৷ লকডাউন কালত পত্নীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন গোটাব নোৱাৰি চৰম সিদ্ধান্ত লোৱা স্বামীৰ দৰেই পত্নীয়েও একে পথেই ললে৷ কিন্তু সেই বোৱাৰীগৰাকীৰ আত্মহত্যাৰ অন্যতম কাৰণ হ’ল ঋণৰ বোজা৷ …

লকডাউন সৃষ্ট দৰিদ্ৰতা: কাৰ ভুলত আওবাটে খোজ দিছে কন্যা সন্তান ?
ৰাজপথৰ একাষে কাঠৰ সৰু ‘ৰেক’ এখনত তামোল-পান আৰু চকলেট, চানা-বাদামৰ কেবাটাও টেমা সজাই থোৱা আছিল৷ আচলতে সেই ‘ৰেক’খনকে পথৰ দাঁতিৰ এখন দোকানলৈ ৰূপান্তৰিত কৰা হৈছে৷ সেই ‘ৰেক’খনত ওলোমাই থোৱা আছিল কেইবা লানিও গুটখা জাতীয় পেকেট-শিখৰ, বিমল, কমলা-পচন্দ(কে-পি ) আদি৷ আৰু পথৰ দাঁতিৰ সেই ক্ষুদ্ৰ দোকানখনত বিক্ৰেতা হিচাপে আছিল এজনী কন্যা; যাৰ বয়স প্ৰায় দহ বছৰ৷ …

এইচ.আই.ভি আক্ৰান্ত নাৰীৰ বিলৈ: লকডাউনৰ ফলত জীৱনদায়িনী ঔষধৰ বাবে হাহাকাৰ
কেবা বছৰ পূৰ্বে এইচ.আই.ভি পজিটিভ হিচাপে চিনাক্ত হৈছিল ৰূপা দাস (নাম সলনি কৰা হৈছে) নামৰ মহিলাগৰাকী৷ ৪৫ বছৰীয়া মহিলাগৰাকী কেবল এইচ.আই. ভি আক্ৰান্তই নহয়, তেওঁ অকালতে হেৰুৱাব লগা হৈছিল নিজৰ স্বামীক৷ অকাল বৈধব্যক সাৱটি লব লগা হোৱা ৰূপাৰ আছে এটি সন্তান৷ অসমৰ কাছাৰ জিলাৰ শিলচৰ চহৰত স্বামীৰ কৰ্মসূত্ৰে বাস কৰিছিল মহিলাগৰাকীয়ে৷ তেওঁৰ প্ৰকৃত ঘৰ অসম …

লকডাউনৰ প্ৰভাৱত মহানগৰীৰ ৰাজপথ পদপথ উপপথত মহিলাৰ আধিপত্য
ৰাজপথৰ দাঁতিত ৰখাই থোৱা ৰিক্সা এখনৰ কাষত থিয় হৈ আছিল এগৰাকী মহিলা৷ যাত্ৰীৰ অপেক্ষাত নহয়, বৰং গ্ৰাহকৰ অপেক্ষাত ৰৈ আছিল মহিলা গৰাকী৷ ৰিক্সাখনত সজাই থোৱা আছিল বিভিন্ন ফল-মূল৷ কেইবাবিধৰ কল, আনাৰস, আপেল, ডালিম আদি ফল বিক্ৰীৰ বাবে সজাই ৰিক্সাখনক ৰূপান্তৰিত কৰা হৈছে এখন চলন্ত দোকানলৈ আৰু সেই ফলমূলৰ চলন্ত বিপনীখনৰ বিক্ৰেতা হৈছে মহিলাগৰাকী৷ গুৱাহাটী মহানগৰীৰ …

অনিৰ্বাপিত বাঘজান : পুঁজিবাদৰ হাতোৰাত বন্দী মানুহ-প্ৰকৃতি-ঐতিহ্য
স্বামীৰ মৃত্যুৰ পিছত বাঘজান গাঁৱৰ লাৱণ্য শইকীয়া নামৰ মহিলাগৰাকীয়ে তিনি সন্তান আৰু বৃদ্ধ শহুৰ-শাহুৰ সকলো দায়িত্ব মূৰ পাতি লবলগীয়া হৈছিল৷ উপাৰ্জনৰ বাবে লাৱণ্য শইকীয়াই পদূলিমুৰত সৰু পান দোকান এখন দিছিল৷ দোকানখন চলোৱাৰ উপৰিও মহিলাগৰাকীয়ে এডৰা মাটিত খেতি কৰিছিল, বাৰীখনৰ তামোল পান,শাকপাচলি উৎপাদন কৰি বিক্ৰী কৰিছিল৷ গিৰিয়েকে পাতি থৈ যোৱা এডৰা মাটিৰ সৰু চাহবাগানখনৰ চাহগছবোৰৰ যতন …

অসমীয়া সমাজ জীৱন বিধ্বস্ত কৰিবলৈ পুনৰ জাপি দিয়া হ’ব নেকি ৰাষ্ট্ৰসন্ত্ৰাস?
মোৰ ঘৰৰ সন্মুখতে য’ত আছিল আকাশৰ দৰে মুকলি এখন পথাৰ ঠিক সেইখিনিতে এতিয়া তেওঁলোকে ওলোমাই দিছে বিশাল বিশাল টেন্ট বনৰীয়া জন্তুবোৰৰ বাবে… বাঘতকৈয়ো নিষ্ঠুৰ আৰু কৰুণাবিহীন এই দ্বিপদ জন্তুবোৰৰ কথা এতিয়া প্ৰায় সকলোৱে জানে ৷ মোৰ ওচৰে-পাঁজৰে থকা প্ৰায় সকলো মানুহেই জানে এই জন্তুবোৰৰ খাদ্য হ’ল যুৱক যুৱতী… এই জন্তুবোৰ একেধাৰে শাসকৰ ৰক্ষক, খুনী আৰু …