পৰিৱৰ্তন


https://biriyaa.com/

গজুৰ বিকাশৰ বাবেই মানুহ অন্য জীৱ জন্তুতকৈ আগবাঢ়ি আহিল। চিন্তা চৰ্চাই নতুন জ্ঞান দিলে। বিজ্ঞানে আধুনিক সভ্যতা দিলে। মানুহে যদি চিন্তা-চৰ্চা নকৰিলেহেঁতেন, তেন্তে আমি আজিৰ অৱস্থা নাপালোঁহেঁতেন। ধৰ্ম প্ৰৱৰ্তক বা সমাজ সংস্কাৰকসকলেও নতুন নতুন চিন্তাৰে সমাজৰ পৰিৱৰ্তন কৰি আহিছে। তেওঁলোকেও পূৰ্বৰ পৰা চলি অহা নীতি নিয়মবোৰ শুদ্ধ বুলি ধৰা হ’লে নতুন ধৰ্মৰ প্ৰৱৰ্তনেই নহ’লহেঁতেন।

কিন্তু এতিয়াও আমাৰ সমাজত ধৰ্ম বা পৰম্পৰাৰ নামত এনে কিছুমান নীতি নিয়ম চলি আছে, সেইবোৰ আধুনিক সমাজৰ পৰিপন্থী। কিছুমানৰ ইচ্ছা নাথাকিলেও তাক পালন কৰিবলৈ বাধ্য কৰোৱা হয়। এইবোৰৰো পৰিৱৰ্তন হ’ব। লাগিব আধুনিক চিন্তা আৰু সাহস। তেতিয়া নতুন পৰিৱৰ্তনৰ জোৱাৰ আহিব। 
ইয়াত ৰাজনৈতিক পৰিৱৰ্তনৰ কথা সামৰা হোৱা নাই।

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous চুনীহঁতৰ সপোন
Next ডিছলেক্সিয়া : প্ৰধান মন্ত্ৰীৰ তাচ্ছিল্য আৰু ৰোগীৰ যন্ত্ৰণা