যিজন বীৰ পুৰুষে  মহাপুৰুষ দুজনাক আশ্ৰয় দিছিল, কালাপাহাৰে ধ্বংস কৰি থৈ যোৱা কামাখ্যা মন্দিৰক পুনৰ নিৰ্মাণ কৰিছিল, সেইজন  চিলাৰায়ৰ দিৱসটো ১৯ ফেব্ৰুৱাৰীত কামাখ্যাৰ চৌহদত বা সমগ্ৰ অসমৰ নামঘৰ, সত্ৰ বা শংকৰদেৱ সংঘৰ দৰে অনুষ্ঠানে কিয় আনুষ্ঠানিকভাবে পালন নকৰে, সেয়া ভাবিবলগীয়া কথা। 

অসমৰ ইতিহাসৰ কথা আমি যেতিয়া আলোচনা কৰো, তেতিয়া স্বতঃস্ফূৰ্তভাবে আমি আহোমৰ ছশবছৰীয়া ৰাজত্বৰ কালছোৱাৰ কথাই মনলৈ আনো। কাৰণ, আধুনিক বুৰঞ্জীৰ প্ৰণেতাসকলে অসমৰ বাকীখিনি ইতিহাসক সিমান এটা গুৰুত্ব প্ৰদান আজিলৈকে নকৰিলে। সেয়ে আমি সাধাৰণ অসমীয়াই কোঁচ ৰাজ্য বুলি ক’লে মাথো নৰনাৰায়ণ বা চিলাৰায়ক চিনি পাওঁ, কছাৰী ৰজা আৰু ৰাজ্যও যে এইখন অসমতে আছিল সেই কথা আমি মনলৈকে নানো, আমি নাজানো তিৱা, কাৰ্বি, ডিমাছা বা মিচিঙৰ ইতিহাস, আৰু এনেবোৰ কাৰণৰ বাবেই  হয়তো আজিৰ তাৰিখত  চিলাৰায়ৰ দৰে ব্যক্তি এজন  লাহে-লাহে এজন অসমীয়া বীৰৰ পৰা মাথো কোঁচ বীৰলৈ পৰিণত হৈছে।

আমি সাধাৰণ অসমীয়াই কোঁচ ৰাজ্য বুলি ক’লে মাথো নৰনাৰায়ণ বা চিলাৰায়ক চিনি পাওঁ, কছাৰী ৰজা আৰু ৰাজ্যও যে এইখন অসমতে আছিল সেই কথা আমি মনলৈকে নানো, আমি নাজানো তিৱা, কাৰ্বি, ডিমাছা বা মিচিঙৰ ইতিহাস, আৰু এনেবোৰ কাৰণৰ বাবেই  হয়তো আজিৰ তাৰিখত  চিলাৰায়ৰ দৰে ব্যক্তি এজন  লাহে-লাহে এজন অসমীয়া বীৰৰ পৰা মাথো কোঁচ বীৰলৈ পৰিণত হৈছে।

 

আমি সকলোৱে  অসমৰ স্বাধীনতাৰ বেলি ১৮২৬ চনত মাৰ যোৱা বুলি আক্ষেপ কৰো, কিন্ত পাহৰি যাওঁ যে এইখন অসমক এসময়ত শাসন কৰা বৃহৎ কোঁচ সাম্ৰাজ্যৰ ক্ষীণ আভাস এটা সৌসিদিনালৈকে অৰ্থাৎ ১৯৪৭ চনলৈকে আছিল, যেতিয়ালৈকে কোচবিহাৰৰ মহাৰাজে স্বাধীন ভাৰতত চামিল হোৱাত প্ৰস্তাৱ দিয়া নাছিল।  যিটো সময়ত কোঁচবিহাৰৰ সাতলাখ বাসিন্দাৰ মাত্ৰ ত্ৰিশ হাজাৰহে বঙালীভাষী আছিল সেইসময়তেই অসমৰ ইতিহাস, ভাষা, সাহিত্য, সংস্কৃতিৰ অবিচ্ছেদ্য অংগ কোঁচবিহাৰক কৌশলেৰে অসমৰ পৰা আঁতৰাই পশ্চিমবংগত চামিল কৰি বঙালী-প্ৰধান কৰা হ’ল, আৰু তেনেকৈয়ে কাল আৰু ৰাজনীতিৰ কুটিল পাকচক্ৰত পৰি  আমাৰ গাৰ মঙহেই অচিনাকী হ’ল। অসমীয়া জাতি হিচাপে আমি সদায়েই এইবোৰ কথা  আওকাণ কৰি আহিছো আৰু মিছাতে বৃহত্তৰ অসমীয়া জাতি বুলি শ্ল’গান আওৰাইছো।

অসমীয়া নামৰ জাতিটোৰ গঠনত মহাপুৰুষ দুজনাৰ গুৰুত্ব অপৰিসীম, সেয়া অনস্বীকাৰ্য্য, কিন্ত তাতোকৈয়ো গুৰুত্ব চিলাৰায় নামৰ এই কিংবদন্তি বীৰ পুৰুষজনাৰ। কাৰণ, সেইসময়ত আহোম সাম্ৰাজ্যৰ পৰা বিতাৰিত শংকৰদেৱ  আৰু মাধৱদেৱে চিলাৰায়ৰ কৃপাত কোঁচৰাজ্যত আশ্ৰয় নোপোৱা হ’লে, সেই ঐতিহাসিক মুহূৰ্ত্বটোৰ কেতিয়াও  জন্ম নহ’লহেঁতেন; যিখিনিৰ আলমত মহাপুৰুষ দুজনাই জাতিটো গঠন কৰা কামত ব্ৰতী হৈছিল।

https://biriyaa.com/

সেয়ে এজন কোঁচ নহয়, এজন অসমীয়া বীৰ হিচাপে আমি চিলাৰায়ক আমাৰ অন্তৰত স্থাপন কৰিব লাগিব আৰু সাৱধান হ’ব লাগিব যাতে লাচিতক হাইজেক  কৰাৰ দৰে কোনো উগ্ৰ সাম্প্ৰদায়িক গেৰুৱা দলে চিলাৰায়ক কোনোবা হিন্দু বীৰ বুলি ঘোষণা কৰি চিলাৰায়ক অসমীয়া জাতিটোৰ পৰা আঁতৰাই লৈ যাব নোৱাৰে।

মাথো এজন বীৰ নহয়, অসমীয়া জাতিটোত প্ৰাণ প্ৰতিষ্ঠা কৰা অন্যতম যুগ-নায়ক হিচাপে আজি বীৰ চিলাৰায়ক শ্ৰদ্ধাৰে সোঁৱৰিছো। 

 

 

দেৱব্ৰত গগৈ

সমসাময়িক ঘটনাপ্ৰৱাহৰ টিপ্পনীকাৰ

Previous প দ ক্ষে প! 
Next ৰিজাল্ট