মাতকৈ কিছু জ্যেষ্ঠসকলৰ লগত যেতিয়া চিনেমাৰ প্ৰসংগ ওলায় তেতিয়া জ্যেষ্ঠসকলে পোনছাটেই বৰ্তমান সময়ৰ চিনেমাৰ প্ৰতি একধৰণৰ ঋণাত্মক মত পোষণ কৰা দেখা যায়৷ তেওঁলোকৰ মাজৰে অৰ্ধেকসংখ্যকে বৰ্তমান সময়ৰ চিনেমা জগতৰ কাণ-কাৰখানাবোৰক একপ্ৰকাৰ মানি লবলৈ টান পায়৷ কাৰ বাবে চিনেমা, কিহৰ বাবে চিনেমা,সাধাৰণজনৰ জীৱনৰ লগত এই চিনেমাবোৰৰ সম্পৰ্কই বা ক’ত? তেওঁলোকে বিচাৰি ফুৰে চিনেমাত সঁচা জীৱনৰ প্ৰতিচ্ছবি৷ যিটো নেকি বৰ্তমান সময়ৰ চিনেমাবোৰত বিচাৰি নাপায় তেওঁলোকে৷ সেই মাডাৰ ইন্ডিয়াই হওক, দো বিঘা জমীনয়েই হওক বা চালাম বম্বেই হওক  নাইবা হালধীয়া চৰায়ে বাওঁধান খায়য়েই হওক – তেওঁলোকে প্ৰতিখন চিনেমাতে বিচাৰি ফুৰে সঁচা জীৱনৰ প্ৰতিচ্ছবি ৷

কাৰোবাৰ হৃদয়ত আঘাত কৰে, কাৰোবাৰ চকুপানী নিগৰাই দিয়ে, কোনোবা হয়তো অচিন-চিনাকি এক অনুভৱত ডুব যায়৷ এয়াই কি চিনেমা?

আচলতে কথাবোৰ কিমানদুৰ সত্য? চিনেমাৰ লগত জীৱনৰ সম্পৰ্ক কি অৱশ্যাম্ভী নেকি? চিনেমাই কি জীৱন জগতক তুলি ধৰিবই লাগিব নেকি? এক নিৰ্দিষ্ট সুত্ৰ মতেই চলিব নেকি চিনেমাৰ কথা কাহিনী৷ এইক্ষেত্ৰত দেখা পোৱা যায় ভিন্নজনৰ ভিন্ন মত৷ হাজাৰ কোটি টকা খৰচ কৰি উন্নত কাৰিকৰী চমকেৰে নিৰ্মিত বৰ্তমানৰ চিনেমা দেখোন এখনৰ পিছতএখনকৈ নিৰ্মাণ হৈয়েই আছে৷ বলিউড-টলিউড নামিছে বাজেট বঢ়োৱাৰ প্ৰতিযোগিতাত৷ কিন্ত তাৰপিছতো কি মানুহৰ অন্তৰ জয় কৰিব পাৰিছে? কিমান দিন মানুহে মনত ৰাখিব বাহুবলীক? ৰবট আৰু ৰবটৰ ছিকুৱেলক? কিন্তু তাৰপিছতো দেখোন অতি কম বাজেটেৰে নিৰ্মাণ কৰা ছবি কিছুমানক আদৰি লৈছে দৰ্শক ৰাইজে৷ প্ৰদৰ্শন হৈছে দেশৰ বাহিৰে-ভিতৰে আৰু উচ্চ সমাদৰ লাভ কৰিছে৷ দৰ্শকৰ ৰুচিবোধক অমান্য কৰি, শিল্পক বজাৰলৈ ৰূপান্তৰিত কৰি বেছিদিন সেই বজাৰ চলাব নোৱাৰি৷ চিনেমা এক শিল্প৷ এই শিল্পৰ পৰা মানুহে আশা কৰে এক সুস্থ ধাৰণা৷ সি জীৱন সম্বন্ধেই হওক বা জগত সম্বন্ধেই হওক৷ কোনোবাখিনিত হয়তো কিবা বিসংগতি পোৱা গৈছে৷ সেয়ে আমাৰ অগ্ৰজসকল নাৰাজ৷ কিন্ত অকল জ্যেষ্ঠ বা বয়স্কসকলেই নে? আজিৰ প্ৰজন্মই বা কি বিচাৰে? আমাৰ অসম মুলুকতে এটা সময়ত গাঁৱৰ মানুহে বাছ ভাড়া কৰি ছবিগৃহত অসমীয়া চিনেমা চাবলৈ গৈছিল৷ চহৰ বা মফচলৰ ছবিগৃহত লানি লাগিছিল অসমীয়া চিনেমাৰ দৰ্শকৰ৷ এক তৃপ্ত  মন লৈ তেওঁলোকে উভতিছিল ছবিগৃহৰ পৰা, আৰু বহুদিনলৈ সেই চিনেমাৰ কথা কাহিনী ছায়াছবিৰ দৰে তেওঁলোকৰ দৈনন্দিনতাৰ আশে-পাশে বিচৰণ কৰি ফুৰিছিল৷ কথাবোৰ সত্য৷ এতিয়াৰ প্ৰজন্মৰ ল’ৰা-ছোৱালীবোৰৰ বাবে যদিও কথাবোৰ সাধুকথাৰ দৰে লাগিব তথাপিও কিন্তু মানি ল’বই লাগিব যে এয়া সাধুকথা নহয়৷ এয়া জীৱনৰ দৰেই সত্য৷ আজিও সেইচাম মানুহে বিচাৰি ফুৰে আজলী নবৌজনীক, কোনোবা ধৰ্মকাইক, নাইবা সুৰুযক ৷ বিচাৰি ফুৰে প্ৰভাতী পখীৰ গানৰ সেই সংগ্ৰামী সমাজ সচেতন যুৱ চামক, কাৰোবাৰ মুখৰ আঁৰত জুমি চায় এন্টনীক ৷

আজি কেইদিনমান আগতে অসমত সৰ্বত্ৰে  ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰচ্ক লৈ চৰ্চা হৈ আছিল৷ ছবিখন উপভোগ কৰিবলৈ আমিও শাৰী পাতিছিলো টিকট কাউণ্টাৰৰ শাৰীত৷ হলভৰ্তি দৰ্শকৰ সৈতে বহুবছৰৰ মুৰত অসমীয়া ছবি চোৱাৰ সেই আনন্দই আছিল সুকীয়া৷ চিনেমাৰ অন্তত খুউৱ শ্ল’থ গতিত চিৰিৰে নামি গৈছে হলভৰ্তি দৰ্শকসকল ৷ আমাৰ কাষে-কাষে দুগৰাকী আদহীয়া ব্যক্তি পৰিয়াল সহিতে নামি আহিছে চিৰিৰে ৷ তেওঁলোকক দেখি এনেকুৱা অনুভৱ হৈছিল যে, তেওঁলোকৰ দেহৰ ভৰ যেন হঠাতে বাঢ়ি গৈছে আৰু মাল্টিপ্লেক্স হলৰ চিৰিয়ে সহিব পৰা নাই সেই ভৰ ৷ অজান অনুভৱৰ ভৰত তেওঁলোক যেন ভাৰী হৈ পৰিছিল ৷

 

“ছেঃ দাস ,মনটো বৰ বেয়া লাগি গ’ল হে! বহুদিনৰ মুৰত কিবা নিজকে বিচাৰি পোৱা যেন পালো ৷একদম ,একদম মনটো উৰি গৈছে গাঁওলৈ৷ শৈশৱৰ সেই খগেন-দীগাম্বৰহঁতলৈ  বৰকৈ মনত পৰি গৈছে  আজি৷ আমিও যে কিমান কি নকৰিছিলোঁ নহয়৷ এইহে আচলতে চিনেমা৷ আমাৰ এইমখাই যে কি চিনেমা চিৰিয়েলবোৰ চাই থাকে নহয় ৷”

দেহৰ ভাৰী ওজন লৈ তেওঁ ডাঙৰ চাইজৰ গাড়ীখনৰ কাষলৈ গতি কৰিছিল৷ পিছে পিছে অভিব্যক্তিবিহীন তেওঁৰ পৰিয়াল ৷

কাৰোবাৰ হৃদয়ত আঘাত কৰে, কাৰোবাৰ চকুপানী নিগৰাই দিয়ে, কোনোবা হয়তো অচিন-চিনাকি এক অনুভৱত ডুব যায়৷ এয়াই কি চিনেমা? জীৱনৰ কোনোবা মূহূৰ্তক যি তুলি ধৰে, যি মূহূৰ্তই আমাক মুখামুখি কৰি দিয়ে নিজৰ সতে, মুখামুখি হ’ব নোখোজা কিছু সত্যৰ সতে – এয়াই কিজানি জীৱনৰ চিনেমা ৷

বলিউদৰ এখন ব্যতিক্ৰমী চিনেমা – মাচান ৷ বাছ দুৰ্ঘটনাত নায়কৰ প্ৰেমিকাৰ মৃত্যু হৈছেু৷ প্ৰেমিকাৰ মৃতদেহ নায়কে নিজেই পেশাদাৰীত্বৰ খাতিৰত খৰি জাপি জ্বলাইছে৷ চিতাজুইৰ ফিৰিঙতিৰ কি সেই মৰ্মান্তিক দৃশ্য৷ আমি সাধাৰণ দৰ্শক আচৰিতভাবে  নিৰ্লিপ্ত হৈ পৰোঁ সেই দৃশ্যত৷ ইমান নিদাৰুণ নিৰ্দয় নে? কিন্তু তাৰ পিছৰ দৃশ্যত দেখা পাওঁ বন্ধুৰ সতে শোকত ভাগি পৰা নায়কে মদ্যপান কৰিছে আৰু হুকহুকাই কান্দি ঢলি পৰিছে-ইয়ে দুখ ক্যিউ খতম নেহী হতে ……! মাচান এখন অতি কম বাজেটৰ আড়ম্বৰহীন বলিউদী চিনেমা৷ অথচ দৰ্শকৰ মাজত সমাদৃত হৈছে৷ চিনেমাই  যুগ যুগ ধৰি মানুহক মোহাচ্ছন্ন কৰি আহিছে৷ চিনেমাৰ কথা কাহিনীয়ে আমাক প্ৰদান কৰি আহিছে অনাবিল সুখ অথবা অনুভৱ৷ কিন্তু দুখ? দুখকো আমি সমানেই ভাগ বিচাৰো চিনেমাত৷ কথাষাৰ মানি লওঁক-নলওঁক চিনেমাপ্ৰেমীয়ে, কিন্তু ই সূৰ্য্যৰ দৰেই সত্য ৷

এইখিনিতে মনত এক ক্ষোভ জাগি উঠে যে, কি কাৰণত অসমীয়া চিনেমা আজি এটা স্তৰতে ৰৈ যাবলগীয়া হৈছে৷ কি কাৰণত পুৰণি  অসমীয়া চিনেমাৰ দৰ্শকচামে বৰ্তমানৰ চিনেমাৰ কথা কাহিনীৰ সতে একাত্ম হব নোৱাৰে?

এইখিনিতে মনত এক ক্ষোভ জাগি উঠে যে, কি কাৰণত অসমীয়া চিনেমা আজি এটা স্তৰতে ৰৈ যাবলগীয়া হৈছে৷ কি কাৰণত পুৰণি  অসমীয়া চিনেমাৰ দৰ্শকচামে বৰ্তমানৰ চিনেমাৰ কথা কাহিনীৰ সতে একাত্ম হব নোৱাৰে? ইমান উন্নত কাৰিকৰী কলাকৌশল ,সুন্দৰ সাৱলীল অভিনয়, প্ৰচাৰৰ সীমাহীন আদব কায়দা তাৰপিছতো অসমীয়া  ছবিজগতৰ আজি এই দুৰবস্থা কিয়? প্ৰযোজক পৰিচালকে ভয় কৰে অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ৷ চিনেমা নিৰ্মাণ হয় ঠিকেই, কিন্ত দৰ্শক নাযায় ছবিঘৰলৈ৷ কিন্তু দৰ্শক জানো কাৰোবাৰ কিনা গোলাম?  চিনেমা কাহিনীৰ নামত বেবেৰিবাং এসোপা দেখুৱাই থাকিলে কি অসমীয়া চিনেমাৰ দৰ্শক ঢপলিয়াই থাকিব চিনেমা হললৈ? অথচ অন্য ৰাজ্যৰ চিনেমা উদ্যোগ ইমান উন্নত পৰ্য্যায়লৈ গুচি গৈছে আৰু আমাৰ অসমীয়া চিনেমাৰ  মানদণ্ড সেই পানীকেঁচুৱা অবস্থাতে ৰৈ গৈছে ৷ অতীতৰ চিনেমা আৰু বৰ্তমানৰ চিনেমাৰ মাজত তফাৎ নিশ্চয় নথকা নহয়৷  কিন্ত আচৰিত কথাটো হ’ল আগ্ৰহ৷ যি আগ্ৰহ বৰ্তমান সময়ত অসমীয়া চিনেমাৰ প্ৰতি নাই বুলিয়েই ক’ব পাৰি৷ তাৰে মাজত দুই এখন চিনেমা নিৰ্মাণ হয়, এচাম দৰ্শকৰ মাজত কিছুপৰিমাণে চৰ্চা লাভ কৰে, হয়তো বঁটা বাহনৰ বাবেও মনোনীত হয়৷ কিন্তু ৰাইজে আশ্বস্ত হ’ব পৰা অৱস্থাত আহিব পৰা নাই৷ সেই সোণালী দিন ঘুৰি আহিবনে অসমীয়া চিনেমাৰ মাজলৈ? আমি কিন্ত আশাবাদী৷ 
আগলৈ



অশান্ত ৰাজবংশী

দৃঢ় আৰু স্পষ্ট বাকেৰে বিবিধ বিষয়ৰ পৰ্য্যালোচক আৰু বিৰিয়াৰ সাঁউৰি

Previous তোমাক বিদায় নিদিও পাৰ্থ...
Next সো ণা ৰি!