পুনৰায় এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হোৱাৰ সুযোগ এই জুলাই মাহতে। বিগত ১৪ জুলাইৰ পৰা  উত্তৰ-পশ্চিম আকাশত সন্ধিয়া পৰত দৃশ্যমান হৈছে নিঅ’ৱাইজ (C/2020 F3) নামৰ নকৈ আৱিস্কৃত ধূমকেতু এটা।  ১৪ জুলাই পৰ্য্যন্ত পুৱা বেলি উঠাৰ সময়ত দৃশ্যমান  হৈ থকা ধূমকেতুটোৱে স্বাভাৱিকতেই আগ্ৰহী মহাকাশ পৰ্য্যবেক্ষণকাৰীসকলৰ মন আকৰ্ষিত কৰিছে, কিয়নো ইয়াক আগন্তুক ৬,৮০০ বছৰলৈ পৃথিৱী বাসীয়ে দেখা নাপাব।
বিভিন্ন তাৰিখত ধূমকেতুটোৰ অৱস্থান
                                                  উৎস: স্কাই এণ্ড টেলিস্কোপ
১৪ জুলাই পৰ্য্যন্ত পুৱা বেলি উঠাৰ সময়ত দৃশ্যমান  হৈ থকা নিঅ’ৱাইজ ধূমকেতুটোৱে স্বাভাৱিকতেই আগ্ৰহী মহাকাশ পৰ্য্যবেক্ষণকাৰীসকলৰ মন আকৰ্ষিত কৰিছে, কিয়নো ইয়াক আগন্তুক ৬,৮০০ বছৰলৈ পৃথিৱী বাসীয়ে দেখা নাপাব।
যোৱা ২৭ মাৰ্চ, ২০২০ তাৰিখে নাছাৰ নিঅ’ৱাইজ দূৰবী‌ক্ষণ যন্ত্ৰৰ সহায়ত আৱিস্কৃত ধূমকেতুটোৰ নাম ৰখা হয় আৱিস্কাৰক সঁজুলিৰ নামেৰেই। ১৯৯৭ চনৰ হেল-ব’প’ ধূমকেতুৰ পাছত এইটোৱেই খালী চকুৰে দেখা পোৱা সৰ্বাধিক উজ্জ্বল ধূমকেতুবোৰৰ অন্যতম। উত্তৰ-পশ্চিম আকাশৰ ১০ ডিগ্ৰী উচ্চতাত বেলি মাৰ যোৱাৰ পৰা প্ৰায় ৪০ মিনিটৰ বাবে দেখা পাব লগা ধুমকেতুটো আগন্তুক ২০ দিনলৈ আকাশত খালী চকুৰে দৃশ্যমান হৈ ৰ’ব।  ২২ জুলাইৰ দিনা ই পৃথিৱীৰ পৰা ১০৩.৫ মিলিয়ন কিলোমিটাৰ দূৰত্বৰে পাৰ হৈ যাব।  অন্যহাতে, ১৯ জুলাইৰ সন্ধিয়া ই উত্তৰ পশ্চিম আকাশৰ সৰ্বোচ্চ ২০ ডিগ্ৰী উচ্চতাত থাকিব বাবে আমি ইয়াক ভালদৰে দেখা পাম। দেখাত টৰ্ছলাইটৰ পৰা নিৰ্গত পোহৰৰ সদৃশ এই ধূমকেতুৰ দৃশ্যই ইতিমধ্যেই বিভিন্ন স্থানৰ মহাকাশ পৰ্য্যবেক্ষণকাৰীসকলক আকৰ্ষিত কৰিছে।
আন্ত:ৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা নাছাই তোলা নিঅ’ৱাইজ
কেনেকৈ চাব ধূমকেতুটো? 
  • খালী চকুৰে, উত্তৰ পশ্চিম আকাশত, সূৰ্য্যাস্তৰ পাছত ২০ ৰ পৰা ৪০ মিনিট পৰ্য্যন্ত
  • দিগন্তৰেখাৰ পৰা ১০-২০ ডিগ্ৰী উচ্চতাত
  • ২০ ডিগ্ৰী কোণ মানে – চকুৰ সন্মুখত হাতখন দীঘলকৈ মেলি হাতৰ পতাখন মেলি ধৰিলে, বৃদ্ধ আৰু কণিষ্ঠ আঙুলিৰ মাজত প্ৰায় ২২ ডিগ্ৰী কোণ সৃষ্টি হয়।
  • মুকলি পথাৰ, সুস্পষ্টকৈ দিগন্ত ৰেখা দেখা পোৱা ঠাই, কম প্ৰদূষণ থকা ঠাই আৰু ডাৱৰে আৱৰি নথকা আকাশ – এই কেওটা পৰিস্থিতিয়ে ধূমকেতুটো চোৱাত সহায় কৰিব।
মনত ৰাখিব ধূমকেতু মানে কোনো অপায়-অমংগলৰ আগজাননী নহয়। গতিকে নিৰ্ভয়ে, মুক্ত মনে আমাৰ মহাকাশত দৃশ্যমান হ’বলগীয়া এই বিৰল দৃশ্যক উপভোগ কৰক। 

 

Previous গামোচাৰ ৰহস্য আৰু বান বিধ্বস্ত অসম!
Next মধ্যপ্ৰদেশৰ নিৰ্যাতিত কৃষক দম্পতী আৰু দেশৰ খাদ্য সৈনিকৰ কৰুণ ছবিখন