কৰ’না মহামাৰীৰ সংকট: বিশ্বত বৃদ্ধি হ’ব দৰিদ্ৰ লোকৰ সংখ্যা৷


ৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি তচনচ কৰি দৰিদ্ৰ সীমাৰেখাৰ তললৈ নমাই লৈ গৈছে বিশ্বৰ অগণন লোকক৷ কৰ’না মহামাৰীৰ কৱলত হোৱা এই অৰ্থনৈতিক বিপৰ্যয়ে বিশ্বৰ দহ কোটি মানুহক দৰিদ্ৰ সীমাৰেখাৰ তললৈ নমাই লৈ যোৱাৰ সম্ভাৱনা আছে৷ হয়তো অনাগত দিনত বৃদ্ধি হ’ব পাৰে এই সংখ্যাৰ৷ এই আশংকা ব্যক্ত কৰা হৈছে বিশ্ব বেংকৰ তৰফৰ পৰা৷ বিশ্ব বেংকৰ শেহতীয়া এক তথ্য অনুসৰি তথা বিশ্ব বেংকৰ সভাপতি ডেভিড মালপাশে সদৰি কৰা এক তথ্য মতে অতি সম্প্ৰতি যদি কৰ’না সংক্ৰমণৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেন্তে বিশ্বত দহ কোটিতকৈ অধিক লোক সন্মুখীন হ’ব ভয়ানক অৰ্থনৈতিক সংকট আৰু সন্মুখীন হ’ব চৰম দৰিদ্ৰতাৰ৷

বিশ্ব বেংকৰ সভাপতি গৰাকীয়ে জনাইছে যে এই সময়ত যিবোৰ গৰীৱ দেশৰ ওপৰত অত্যধিক পৰিমাণৰ ঋণৰ বোজা আছে সেইবোৰ দেশত ঋণৰ বোজা হ্ৰাস কৰাটো অতি জৰুৰী৷ ঋণ প্ৰদান কৰা সংস্থা আৰু কৰ্তৃপক্ষই এই বিষয়ত গুৰুদায়িত্ব গ্ৰহণ কৰাটো দৰকাৰী বিষয়৷ ইতিমধ্যে প্ৰথম বিশ্বৰ দেশসমূহে তুলনামূলকভাৱে গৰীৱ দেশসমূহৰ পৰা ঋণ আদায় নকৰাৰ সিদ্ধান্ত লৈছে৷ আনকি প্ৰয়োজনত অধিক সাহায্য প্ৰদানৰ কথাও ভবা হৈছে৷

তলাবন্ধৰ সময়ত হ্ৰাস পাইছে খাদ্য সামগ্ৰীৰ উৎপাদন৷ বৃদ্ধি হৈছে নিত্য ব্যবহৃত বয়বস্তুৰ দাম৷ এইবোৰৰ লগে লগে তললৈ নামি গৈছে মানুহৰ জীৱন যাপনৰ মানদণ্ড৷ আমাৰ ভাৰতবৰ্ষৰ দৰে দেশত মানুহৰ দৈনিক উপাৰ্জন ১৪৪ টকা বা তাতকৈও কম আয় হোৱাৰ সম্ভাৱনাই দেখা দিছে

বিশ্ব বেংকে ইতিমধ্যে ঘোষণা কৰিছে যে আগন্তুক সময়ত বিশ্বৰ ১০০খন দেশক প্ৰায় ১২ লাখ কোটি টকাৰ অৰ্থ সাহায্য কৰিব বিশ্ব বেংকৰ তৰফৰ পৰা৷ কিন্তু ইমানৰ পিছতো এই অৰ্থনৈতিক অচলাৱস্থা দুৰ হবনে নাই সেই ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে খোদ বিশ্ব বেংক কৰ্তৃপক্ষই৷ ইয়াৰ কাৰণ হিচাপে কৰ’নাকালীন সময় আৰু তাৰ কিছু পূৰ্বৰে পৰা অসংখ্য লোকে কৰ্মসংস্থাপন হেৰুৱাব লগা হোৱাটো এক উল্লেখযোগ্য কাৰণ৷ তলাবন্ধৰ সময়ত হ্ৰাস পাইছে খাদ্য সামগ্ৰীৰ উৎপাদন৷ বৃদ্ধি হৈছে নিত্য ব্যবহৃত বয়বস্তুৰ দাম৷ এইবোৰৰ লগে লগে তললৈ নামি গৈছে মানুহৰ জীৱন যাপনৰ মানদণ্ড৷ আমাৰ ভাৰতবৰ্ষৰ দৰে দেশত মানুহৰ দৈনিক উপাৰ্জন ১৪৪ টকা বা তাতকৈও কম আয় হোৱাৰ সম্ভাৱনাই দেখা দিছে অতি সম্প্ৰতি৷ অৰ্থনীতিবিদ সকলে ইয়াক আখ্যা দিছে ‘পেনডেমিক ডিপ্ৰেছন’ বুলি৷ অনাগত দিনত হয়তো তিষ্ঠি থকাৰ যুদ্ধখন হ’ব মহামাৰীৰ সতে মুখামুখি হোৱাতকৈও কঠিন যুদ্ধ৷

কৰ’না ভেকচিনৰ সমবিতৰণ সমস্যাঃ
কৰ’না ভেকচিন প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে বিশ্বত গুণাগথা হৈছে আন এক জৰুৰী বিষয়ৰ ওপৰত৷ সেয়া হৈছে ভেকচিন প্ৰস্তুত প্ৰণালী সমাপ্ত হোৱাৰ পিছত বিভিন্ন দেশত ইয়াৰ সমবিতৰণ সমস্যাটো৷ বিশ্ব স্বাস্থ্য সংস্থাই এই ক্ষেত্ৰত আশংকা প্ৰকাশ কৰিছে যে কোভিড-১৯ ৰ ভেকচিন যাতে ধনী দেশবোৰে অধিক পৰিমাণে মজুত নাৰাখে আৰু ইয়াৰ সমবিতৰণ কৰি সমগ্ৰ বিশ্বৰ দেশসমূহক যাতে সমপৰিমাণে বিতৰণ কৰে৷

এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিষয়টো গ্ৰহণ কৰিছে এক প্ৰত্যাহ্বান হিচাপে৷ কাৰণ বিশ্বৰ বিভিন্ন ধনী দেশে নোভেল কৰ’নাভাইৰাচৰ ভেকচিনৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভৰ বাবে কৰিব পাৰে বিভিন্ন বিকল্প ব্যৱস্থা৷ কিন্ত নিৰ্দিষ্ট পৰিমাণৰ ঔষধ যাতে সকলোৱে লাভ কৰে এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই ল’ব লাগিব অধিক সতৰ্কতা৷ ভেকচিন প্ৰস্তুত হবলৈ হয়তো বৰ বেছি সময়ৰ প্ৰয়োজন নহব৷ অহা বৰ্ষত হয়তো বিশ্ববাসীৰ মাজলৈ আহিব পাৰে সেই ভাল খবৰ৷ সমগ্ৰ বিশ্বৰ জনস্বাস্থ্যক শক্তিশালী কৰাৰ ক্ষেত্ৰত অনাগত দিনত বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকা হ’ব লক্ষণীয়৷ সমগ্ৰ বিশ্বৰ লোকসকলে সন্মিলিত ভাৱে এই মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰিলেহে সফল হ’বলৈ সক্ষম হ’ব বিশ্বৰ পীড়িত লোকসকল৷ অন্যথা সফলতা অহাৰ সম্ভাৱনা ক্ষীণ৷ এই আশংকা ব্যক্ত কৰা হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা৷

Previous ঘোষিত হ’ল ২০২০ বুকাৰ পুৰস্কাৰ বিজয়ীৰ নাম
Next নিম্নগামী জি.ডি.পিঃ দেশৰ মিডিয়া ব্যস্ত ৰিয়া চক্ৰৱৰ্তীক লৈ