হুদিন আগৰ কথা৷ মহাত্মা গান্ধী তেতিয়াও জীয়াই আছে৷

কথা চলিছিল পেন্টাঙ্গুলাৰ  ক্ৰিকেট্ টুৰ্নামেন্ট এখন অনুষ্ঠিত হ’ব৷ মুঠ পাঁচটা দল। পাৰ্চী , হিন্দু , মুছলিম , ইউৰোপীয়ান আৰু অৱশিষ্ট ভাৰত৷ এই খবৰে গান্ধীজীক বিচলিত কৰিলে৷ চাৰিওফালে বিষাক্ত সাম্প্ৰদায়িক পৰিবেশ, তাৰ মাজতে এনেধৰণৰ দলৰ মাজত টুৰ্নামেন্ট৷ কি হ’ব পৰিস্থিতি!

সুঁতে বেনাৰ্জী;
ফটো সৌজন্য : গেটি ইমেজেছ

কৰ্মকৰ্তাসকলে তেওঁক আশ্বস্ত কৰিলে।
খেল কেৱল পথাৰতেই হ’ব৷ ক্ৰিকেটৰ স্পিৰিট মতে৷

সময়ত টুৰ্নামেন্ট আৰম্ভ হ’ল৷

হিন্দু ভাৰ্চেচ্ মুছলিম টীমৰ খেল৷ হিন্দু টীমৰ হৈ বলিং কৰিছে সুঁতে বেনাৰ্জীয়ে৷ সেই! বেনাৰ্জী সেই সময়ৰ এক নিৰ্ভৰযোগ্য মিডিয়াম পেচাৰ৷ সুঁতে বেনাৰ্জীৰ এটা বল গুড লেংথৰ পৰা এবনৰমেল বাউঞ্চ হৈ বেটচমেন দিলৱাৰ হুছেইনক আঘাত কৰিলে৷ দিলৱাৰে সতৰ্ক হৈয়েই খেলিছিল, কিন্তু আকস্মিক বাউঞ্চত দিলৱাৰে সেয়া অনুমান কৰিব নোৱাৰিলে৷ কোনোমতে হিট্ উইকেট্ হোৱাৰ পৰা ৰক্ষা পৰিল যদিওঁ ভালকৈ খেলত মনোযোগ দিব নোৱাৰিলে৷ সোনকালেই পেভেলিয়নমূখী হ’ল দিলৱাৰ৷ 

ক্ৰিকেট টুণাৰ্মেণ্টত মুঠ পাঁচটা দল। পাৰ্চী , হিন্দু , মুছলিম , ইউৰোপীয়ান আৰু অৱশিষ্ট ভাৰত৷ এই খবৰে গান্ধীজীক বিচলিত কৰিলে৷ চাৰিওফালে বিষাক্ত সাম্প্ৰদায়িক পৰিবেশ, তাৰ মাজতে এনেধৰণৰ দলৰ মাজত টুৰ্নামেন্ট৷ কি হ’ব পৰিস্থিতি!

 

এসময়ত হিন্দু দলৰ বেটিং আৰম্ভ হ’ল৷ কেইটামান উইকেট্ পৰাৰ পিছত সুঁতে বেনাৰ্জী বেটিং ক্ৰীজলৈ আহিল৷ তেওঁক ক্ৰীজলৈ অহা দেখিয়েই মুছলিম দলৰ কেপ্টেইনে তেওঁলোকৰ বেষ্ট ব’লাৰৰ হাতত বল তুলি দিলে৷

মহম্মদ নিচাৰ!
অবিভক্ত ভাৰতৰ একমাত্ৰ প্ৰকৃত ফাষ্ট ব’লাৰ৷

– শুন৷ একেবাৰে বগৰাই দিবি ইয়াক৷
– সুঁতেক?
– ন’হলে আৰু কাক? দেখা নাই আমাৰ দিলক কেনেকৈ বলিং কৰিছিল? বাম্পাৰ মাৰি তাৰ অৱস্থা বেয়া কৰি দে৷

মহম্মদ নিছাৰ
ফটো সৌজন্য – জে. গাইগাৰ/টপিকেল প্ৰেছ এজেন্সী-গেটি ইমেজেছ

সেই সময়ত বাউঞ্চাৰক বাম্পাৰ বুলি কোৱা হৈছিল৷

নিচাৰ অবাক ।
– কিন্তু সুঁতে স্পেচিয়েলিষ্ট বেটচমেন নহয়!
– তাতে কি হ’ল? তোক বাম্পাৰ দিবলৈ দিছো৷ চিধাচিধি দে৷

 

নিচাৰ আম্পায়াৰৰ কাষলৈ আগুৱাই গ’ল৷ আম্পায়াৰৰ হাতৰ পৰা নিজৰ টুপীটো লৈ পুনৰ কেপ্টেইনৰ কাষলৈ আহিল৷
– ‘কপ্তান চাব৷ আপ কিচি অউৰ চে বলিং কৰৱা লিজিয়ে৷

 

নিচাৰে টুপীটো পিন্ধি নিজৰ পূৰ্বৰ ফিল্ডিং পজিচনলৈ আগুৱালে৷

এয়া বহুদিন আগৰ কথা!

অ মি তা ভ ম হ ন্ত

ঘৰ, অফিচ, বজাৰ সমাৰ, স্পোৰ্টচ্ চেনেলৰ মাজত ডুবি থকা এজন অতি সাধাৰণ লোক। বিৰিয়াৰ ক্ৰীড়াবিষয়ক স্তম্ভলেখক।

Previous ৰাষ্ট্ৰসংঘৰ ঘোষণা : ২০২১-২০৩০ হ'ব পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰৰ দশক
Next কৃপণ