জি ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ উপলক্ষে  কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ অধীনত সম্পন্ন হয় এক পক্ষী গণনা কাৰ্য্যসূচী।

পক্ষী গণনাত ভাগ লোৱাসকলৰ একাংশ
ফেঁচু চৰাই – কটন বিশ্ববিদ্যালয় চৌহদ

মানুহৰ কাষলৈ বিজ্ঞানক লৈ যোৱাৰ এক আন্তৰিক প্ৰচেষ্টাৰে আয়োজিত  ‘চি ভি ৰমন পক্ষী গণনা’  শীৰ্ষক এই কাৰ্য্যসূচীত পুৱাৰ সেমেকা বতৰকো নেওচি কটন বিশ্ববিদ্যালয়, পাণ্ডু মহাবিদ্যালয় তথা সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ১৭ জন শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। 

মুঠ ২৮ বিধ পক্ষী প্ৰজাতিৰ তথ্যৰে প্ৰস্তুত ৫ খন তথ্যসূচী দাখিল কৰা হয় মুক্ত উৎস ডাটাবেছ ই-বাৰ্ড পৰ্টেলত।

কটন বিশ্ববিদ্যালয়ৰ পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞান বিভাগৰ ভাৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড০ নাৰায়ণ শৰ্মাৰ তত্বাৱধানত আঢ়ৈ ঘণ্টা ধৰি চলা এই পক্ষী গণনা কাৰ্য্যত বিশ্ববিদ্যালয় চৌহদত মুঠ ১.৪ কিলোমিটাৰ জোৰা এলেকাত শিক্ষাৰ্থীৰ দলটোৱে ফেঁচু, হেতুলুকা আদিকে ধৰি মুঠ ২৮ বিধ  ভিন্ন প্ৰজাতিৰ পক্ষী লিপিবদ্ধ কৰিবলৈ সক্ষম হয়।

নীলকণ্ঠী হেতুলুকা-কটন বিশ্ববিদ্যালয় চৌহদ

পক্ষী গণনা আৰু নিৰীক্ষণৰ জৰিয়তে লাভ কৰা পক্ষীসমূহৰ বিস্তৃতি, প্ৰাচূৰ্য্য, বাসস্থানৰ গতি-প্ৰকৃতি, আচৰণ আদিকে ধৰি সমূহ তথ্যক মুঠ ৫ খন তথ্যসূচীত সন্নিৱিষ্ট কৰি দলটোৱে এই তথ্য  ই-বাৰ্ড পৰ্টেল নামৰ এক মুক্ত উৎস ডাটাবেছত জমা দিয়ে।

 

পক্ষী নিৰীক্ষণৰ এটি মুহুৰ্ত

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে পক্ষী নিৰীক্ষণ বিজ্ঞানৰ প্ৰতি শিক্ষাৰ্থী তথা সাধাৰণ ৰাইজক আগ্ৰহী কৰি তুলিবলৈ লোৱা এই প্ৰচেষ্টাই  বিজ্ঞানপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমী সকলক উৎসাহী কৰি তুলিছে। 

(ফটো  সৌজন্য – আদিত্য দাস আৰু ধীৰাজ দাস)

বিৰিয়াৰ সাঁউৰি
Previous বিজ্ঞান দিৱস বনাম শ্লোগান দিৱস
Next টেনশ্বন যুদ্ধ আৰু ৰাহু