গণতন্ত্ৰ


ভাৰতীয় গণতন্ত্ৰ এনে এটা পৰ্য্যায়ত আহি উপস্থিত হ’ল যে ধনাত্মক ৰাজনীতিতকৈ ঋণাত্মক ৰাজনীতিৰ পয়োভৰ বেছি হৈছে। ধনাত্মক ৰাজনীতি মানে কোনটো দলৰ চৰকাৰে ৰাইজৰ হকে কিমান ভাল কাম কৰিলে, দেশখনক কিমান আগবঢ়াই নিলে। আনহাতে ঋণাত্মক ৰাজনীতি সুস্থ গণতন্ত্ৰৰ পৰিপন্থী। ইয়াত বদনাম, চৰিত্ৰহনন, মিছা প্ৰচাৰ আদিয়ে ঠাই পায়। এনেকি মৃত ব্যক্তিকো ৰেহাই দিয়া নহয়। সিটো দলে কৰিব নোৱাৰিলে, গতিকে আমি নোৱাৰাটোও ডাঙৰ কথা নহয়-এয়াও ঋণাত্মক ৰাজনীতি। মিছা সপোন দেখুৱাই ৰাইজক বিভ্ৰান্ত কৰা হয়। ৰাইজৰ মাজত বিভাজন কৰা হয়। এনে ক্ষেত্ৰত ৰাইজে কি কৰিব? কম সচেতন ৰাইজ সহজে ভোল যায়। কিন্তু সচেতন ৰাইজে হিচাপ ৰাখিব ধনাত্মক দৃষ্টিৰে। ধনাত্মক ৰাজনীতিয়েহে সুস্থ গণতন্ত্ৰ দিব। 

ইফটিখাৰ হুছেইন

সমাজ, জীৱন আৰু সময়ক লৈ সচেতন লেখক তথা তাৎক্ষণিক টিপ্পনীকাৰ

Previous যুৱ ভাৰতে কি বিচাৰে?
Next ঋণৰ চক্ৰবেহুত সৰ্বসাধাৰণৰ জীৱন