দিনটোৰ প্ৰ তি ফ ল ন


স ৰ ল প্ৰা ৰ্থ না 

                                                                                                                                                                     ফটো : দি গ ন্ত ৰা জ খো ৱা

 

 অৰুণাচল প্ৰদেশৰ মেচুকাৰ ৪০০ বছৰীয়া চামটেন যংছা বৌদ্ধমঠত প্ৰাৰ্থনাৰত এগৰাকী কণমানি ছোৱালী। পাহাৰৰ চূড়াত অৱস্থিত বৌদ্ধমঠটিৰ পৰা মেচুকা উপত্যকা আৰু য়াৰগ্যাপ চু নদীৰ অনুপম সৌন্দৰ্য্য বৰ সুন্দৰকৈ দেখা পোৱা যায়। অতি প্ৰাচীন এই বৌদ্ধমঠটি বৌদ্ধধৰ্মৰ মহাযান পন্থাৰ ভক্তসকলৰ।

মেনচুখা নামেৰেও জনাজাত মেচুকা হ’ল অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াঙ জিলাৰ মেচুকা উপত্যকাত সাগৰ পৃষ্ঠৰ পৰা ৬০০০ ফুট (১,৮২৯ মিটাৰ) উচ্চতাত অৱস্থিত এখন সৰু টাউন। মেন-চু-খাৰ মেন মানে হ’ল ঔষধ, চু মানে পানী আৰু খা মানে বৰফ বা মুখ অৰ্থাৎ বৰফৰ পৰা অহা ঔষধি পানী। মেনচুখাৰ প্ৰচলিত নামটো হ’ল মেচুকা বা মেচুখা।

 

বি ৰি য়া
Previous পতাকাফ'বিয়া
Next হুলাং

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে