থাবোৰে আওবাট লৈছে। মূল বিষয়ৰ পৰা ৰাইজক আঁতৰাই ৰাখি সমগ্ৰ বিষয়টোৰ গুৰুত্বকে তৰল কৰি তোলাৰ এনে প্ৰক্ৰিয়াবোৰ আজিৰ নহয়, ৰাইজে কথাষাৰ জানে। পিছে জানিলেও, কেতিয়াবা হাত নাও তৰাং পানীতে টুলু-ভুটুং হোৱাদি, ৰাইজৰ বিবেকো মূল কথাৰ পৰা বেলেগ পিনলৈ গতি কৰে। এইবেলিও তেনেই হৈছে। নাগৰিকত্ব (সংশোধনী) বিধেয়ক লাগে বুলি সভাই-সমিতিয়ে, বিয়াই-সবাহে, খেলে-পথাৰে টেটু ফালি চিঞৰিও ৰাইজৰ মন সেইপিনে টলাব নোৱাৰি যেনিবা প্ৰাতঃস্মৰণীয় ব্যক্তিজনক ভাৰতৰত্ন দি ফুচুলাব খুজিছিল। নোৱাৰিলে, ৰাইজ ভোল নগ’ল। বৰঞ্চ কাৰচাজি বুলি পুনৰ বিধেয়কৰ বিৰোধিতাত মাত দিলে। গতিকেই, শেষ ৰক্ষা হিচাপে ব্ৰক্ষ্মাস্ত্ৰ পাত এৰি দিলে। ‘চুকতে খাই বুকুত কামোৰা’ এচাম চেলাপেটী জোক হেন ‘ফেন’ৰে কোনোবাই ৰাইজৰ বুকুৰ আমঠু গায়কজনৰ বিতৰ্কিত ভিডিঅ’ এটা এৰি দিলে!

বিভ্ৰান্তিৰ সূত্ৰপাত হৈ গ’ল মূহুৰ্ততে। কোনোবাই গায়কক সমৰ্থন কৰিলে, কোনোবাই সমালোচনা। পিছে এইবোৰৰ ধামখুমীয়া চলি থাকোঁতেই এদিন পাছত ৰাজ্যসভাৰ অধিবেশনত বিধেয়কখন গৃহীত হোৱাৰ চেষ্টা চলিব। সেই চেষ্টা চলাবলৈকে এই কাৰবাৰ। চৰকাৰ বা চৰকাৰৰ ‘মন্ত্ৰণাদাতা’ই জানে ৰাইজৰ বাবে পৰচৰ্চা বৰ লোভনীয়। তাতে ‘তাৰকা’ শিল্পীৰ বিতৰ্ক আৰু লোভনীয়। বিষয় এটাক শেষ কৰিবলৈ ইয়াতকৈ ডাঙৰ ঢৌ আৰু নেলাগে। পিছে, এইমূহুৰ্তত সকলো পৰিহৰি নিজৰ বিবেকৰ নিৰ্দেশনা লৈ মূল বিষয়ত নেৰোপানীকৈ লাগি থকাহে এই সময়ত যুগুত। নহ’লে বিভ্ৰান্তিৰ ধুমুহাৰে জাতিৰ নাৱৰ দিশ ওলোটাপিনে নি, অসমীয়া জাতিৰ ভৱিষ্যতক মাজপানীত ডুবাবলৈ কেতপৰ লাগে! কথাষাৰ মনত ৰাখি আগবাঢ়িব পাৰিলেই আমাৰ বাবে মংগল। 

সম্পাদক

✉ editor@biriyaa.com

Previous নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যপালৰ ভাষণত বাধাঃ একত্ৰিত হ’ল বিৰোধী
Next দিনটোৰ প্ৰ তি ফ ল ন

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে