সাম্প্ৰতিক মহামাৰীৰ ভয়াৱহতাত লকডাউনৰ মাজতে আমাৰ মনত লহপহকৈ সঁজাল ধৰা মধ্যবিত্তীয় বিলাসীতাৰ দৃষ্টিভংগীৰে সামাজিক মাধ্যম সমূহত দেখা পাইছিলোঁ যে ক্ষণিকৰ বাবে হ’লেও যান্ত্ৰিকতাৰ পৰা মুক্ত পৃথিৱীখন প্ৰদূষণমুক্ত হৈছে৷ কথাবোৰে আমাক ইমানেই আহ্লাদিত কৰি ৰাখিছিল যে হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকৰ ৰক্তাক্ত ভৰিবোৰৰ মাজেদিয়ে প্ৰদূষণ বিহীন আকাশত কোনো অত্যুৎসাহীৰ চকুত ধৰা দিছিলহি সুদূৰৰ এভাৰেষ্ট অথবা কাঞ্চনজংঘাই৷ মধ্যবিত্তীয় লাহ বিলাসৰ তেনে ধামখুমীয়াৰ মাজতে দপদপাই জ্বলি উঠিছিল একুৰা জুই৷ বাঘজানৰ তেল খাদৰ জুই৷ যি জুইৰ লেলিহান শিখাই মুহূৰ্তৰ ভিতৰতে চাৰখাৰ কৰি পেলাইছিল ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যাণৰ সমীপৱৰ্তী এক বিস্তীৰ্ণ অঞ্চল৷ এইকুৰা জুইয়ে সমান্তৰাল ভাৱে চাৰখাৰ কৰিছিল প্ৰকৃতিপ্ৰেমৰ বিলাসিতাত নিমজ্জিত এচাম মধ্যবিত্তৰ চিন্তা চেতনাক৷

মহামাৰীৰ ভয়াৱহতাই ৰাইজক আতংকগ্ৰস্ত কৰি  সময়তে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ সংৰক্ষণৰ নামত এনে কিছু বিধি প্ৰণয়ন কৰিবলৈ তৎপৰ হৈছে যিসমূহে পৰিৱেশ সুৰক্ষাৰ দিশটো মজবুত কৰাতকৈ পৰিৱেশ বিনষ্টকাৰী শক্তিবোৰকহে বৈধতা প্ৰদান কৰাৰ আশংকাই দেখা দিছে৷ মহামাৰীৰ বিৰুদ্ধে দেশে যুঁজ কৰি থকাৰ সময়তে এনেধৰণৰ স্পৰ্শকাতৰ বিষয়ত আইন প্ৰণয়নৰ কাৰবাৰটো ৰহস্যজনক৷

শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে পৰিৱেশ সংৰক্ষণৰ বিষয়টোৱে প্ৰাধান্য পাইছে আৰু বহুক্ষেত্ৰত ৰাইজো পূৰ্বতকৈ সজাগ হৈছে৷ কিমান আন্তৰিকতাৰে কৈছে তাক জনা নগলেও সম্প্ৰতি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰনেতাসকলৰ ৰাজনৈতিক বক্তব্য বোৰত পৰিৱেশ সংৰক্ষণ অথবা বহনক্ষম উন্নয়ন জাতীয় কথা বাৰ্তাই ঠাই পোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ মহামাৰীৰ ভয়াৱহতাই আতংকগ্ৰস্ত কৰি ৰখা ৰাইজৰ মাজতো পৰিৱেশ, জীৱবৈচিত্ৰ্যৰ গুৰুত্ব আদি চৰ্চা অব্যাহত আছে৷ তেনে এক সময়তে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে পৰিৱেশ সংৰক্ষণৰ নামত এনে কিছু বিধি প্ৰণয়ন কৰিবলৈ তৎপৰ হৈছে যিসমূহে পৰিৱেশ সুৰক্ষাৰ দিশটো মজবুত কৰাতকৈ পৰিৱেশ বিনষ্টকাৰী শক্তিবোৰকহে বৈধতা প্ৰদান কৰাৰ আশংকাই দেখা দিছে৷

মন কৰিবলগীয়া যে ক’ৰনা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে ২৪ মাৰ্চৰ পৰা দেশজুৰি তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰাৰ এদিন আগত অৰ্থাৎ ২৩ মাৰ্চত ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে পাৰিৱেশিক প্ৰভাৱ নিৰূপণৰ খচৰা ২০২০ (Environment Impact Assessment Draft 2020) চমুকৈ ইআইএ প্ৰকাশ কৰে৷ এই কথা কাকতালীয় নে অন্য কিবা জনা নগলেও মহামাৰীৰ বিৰুদ্ধে দেশে যুঁজ কৰি থকাৰ সময়তে এনেধৰণৰ স্পৰ্শকাতৰ বিষয়ত আইন প্ৰণয়নৰ কাৰবাৰটো ৰহস্যজনক৷

যিহেতু ইআইএৰ ওপৰত ৰাইজৰ মতামত বিচাৰি চৰকাৰে খচৰা প্ৰকাশ কৰি উলিয়াইছে গতিকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বিষয়টো সন্দৰ্ভত ৰাইজে মতামত ব্যক্ত কৰা উচিত৷ প্ৰথম অৱস্থাত এই সময়সীমা ৩০ জুনলৈকেহে আছিল যদিও আদালতৰ হস্তক্ষেপত চৰকাৰে এই সময়সীমা ১১ আগষ্টলৈকে বৃদ্ধি কৰিবলৈ বাধ্য হৈছে৷ মন কৰিবলগীয়া বিষয় যে পৰিৱেশ সম্পৰ্কীয় বিষয় সমূহত জাত পাত, ভাষা ধৰ্ম আদি বিষয়ত কৰিব পৰা ধৰণৰ সংকীৰ্ণ ৰাজনীতিৰ অৱকাশ নিচেই সীমিত বাবেই হয়তো এনেধৰণৰ পৰিৱেশ বিৰোধী আইনৰ ক্ষেত্ৰত যি ধৰণে ৰাইজক সজাগ কৰিব লাগিছিল তাত প্ৰায়বোৰ নেতৃত্বকে সম্পূৰ্ণৰূপে বিফল হোৱা দেখা গৈছে৷ যাৰ ফলত এনেধৰণৰ আইনৰ ক্ষেত্ৰত যি প্ৰতিৰোধ গঢ়ি উঠিব লাগিছিল, বাস্তৱত সেইয়া হোৱা দেখা পোৱা নাই৷ উল্লেখ্য যে এনেধৰণৰ আইনীয় খচৰা সমূহৰ ব্যাখ্যা সকলোৰে বাবে সহজসাধ্য নোহোৱাৰ বাবেও বহুতে বিষয়টোক এৰাই চলিছে বা গুৰুত্ব প্ৰদান কৰা নাই৷
তেনেস্থলত ৰাইজ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে ইআইএ২০২০ ৰ কেইটামান স্পৰ্শকাতৰ বিষয়ৰ চমু অৱলোকন ইয়াত আগবঢ়োৱাৰ প্ৰয়াস কৰিছো-

১) প’ষ্ট ফেক্ট’ ক্লিয়েৰেন্স : ইআইএ২০২০ ৰ জৰিয়তে প’ষ্ট ফেক্ট’ ক্লিয়েৰেন্সৰ কথা কোৱা হৈছে৷ অৰ্থাৎ কোনো অঞ্চলত উদ্যোগ বা কল কাৰখানা স্থাপনৰ বাবে চৰকাৰৰ পৰা যি আগতীয়া অনুমতি লব লাগে এই খচৰাত উদ্যোগ স্থাপনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতো পৰিৱেশ সুৰক্ষাৰ অনুমতিৰ বাট প্ৰশস্ত কৰা হৈছে৷ ই বৃহৎ বনাঞ্চল আদিক ধ্বংসৰ মুখলৈ ঠেলি দিব৷

২) আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল: এই খচৰা অনুসৰি আন্তঃৰাষ্ট্ৰীয় সীমাৰ ১০০ কিঃমিঃ আকাশী দূৰত্বৰ ভিতৰৰ যিকোনো অঞ্চলত পাইপলাইন বা পথ নিৰ্মাণৰ দৰে প্ৰকল্পৰ ক্ষেত্ৰত নাগৰিকে কোনো প্ৰশ্ন, আপত্তি কৰিব নোৱাৰিব৷ এই নিয়মৰ বাবে জীৱবৈচিত্ৰ্যৰ চহকী ভঁ‌ৰাল উত্তৰ পূৰ্ব্বাঞ্চলৰ ৰাজ্য সমূহেই অধিক ক্ষতিৰ সন্মূখীন হ’ব৷ চীন সীমান্তৰ সমীপৱৰ্তী উজনি অসমৰ বিস্তীৰ্ণ বনভূমি, ভূটানৰ সমীপত মানাহ ৰাষ্ট্ৰীয় উদ্যান আদিত ইয়াৰ সৰ্বাত্মক প্ৰভাৱৰ আশংকাই দেখা দিছে৷
৩) ষ্ট্ৰেটেজিক প্ৰকল্প: ইআইএ২০২০ত উল্লেখ কৰা হৈছে ‘ষ্ট্ৰেটেজিক’ প্ৰকল্পত ৰাজহুৱা শুনানি নহ’ব৷ কিন্তু এতিয়া কোনবোৰ প্ৰকল্প ‘ষ্ট্ৰেটেজিক’ হিচাপে পৰিগণিত হ’ব সেয়া নিৰ্ধাৰণ কৰিব চৰকাৰে৷ বিভিন্ন ৰাজনৈতিক হেঁচা আৰু পূঁজিপতিৰ চাপত যিকোনো প্ৰকল্প এটাক ষ্ট্ৰেটেজিক বুলি কৈ দিলেই ৰাইজৰ ওজৰ আপত্তি সেইক্ষেত্ৰত অৰ্থহীন হৈ পৰিব৷ গতিকে এই ক্ষেত্ৰত ৰাষ্ট্ৰই প্ৰাকৃতিক সম্পদসমূহৰ ক্ষেত্ৰত লুণ্ঠনৰ বাট প্ৰশস্ত কৰিছে৷ ই অতি চিন্তনীয়৷
৪) ইআইএৰ পৰা বহু প্ৰকল্পক ৰেহাই: ৰাষ্ট্ৰীয় ঘাইপথ বহলীকৰণ আৰু সম্প্ৰসাৰণ, জলসিঞ্চন প্ৰকল্পৰ আধুনিকীকৰণ, আভ্যন্তৰীণ জল পৰিবহন আদি বিষয়ত পৰিৱেশ সম্পৰ্কীয় প্ৰভাৱৰ কোনো মূল্যায়নৰ প্ৰয়োজন নহব৷ যিয়ে অনাগত দিনত বন ধংস আৰু জীৱবৈচিত্ৰ্যৰ অনিষ্ট সাধনত অৰিহণা যোগাব৷ পূৰ্বৰ ২০,০০০ বৰ্গ মি. ৰ পৰিৱৰ্তে এই খচৰাত ১,৫০,০০০ বৰ্গ মি.লৈকে নিৰ্মাণ প্ৰকল্প প্ৰমুখ্যে এক বুজন সংখ্যক প্ৰকল্পক আগতীয়া অনুমতি আৰু ৰাজহুৱা আলোচনাৰ পৰা আঁতৰত ৰখা হৈছে৷

পৰিৱেশ সম্পৰ্কীয় বিষয় সমূহত জাত পাত, ভাষা ধৰ্ম আদি বিষয়ত কৰিব পৰা ধৰণৰ সংকীৰ্ণ ৰাজনীতিৰ অৱকাশ নিচেই সীমিত বাবেই হয়তো এনেধৰণৰ পৰিৱেশ বিৰোধী আইনৰ ক্ষেত্ৰত যি ধৰণে ৰাইজক সজাগ কৰিব লাগিছিল তাত প্ৰায়বোৰ নেতৃত্বকে সম্পূৰ্ণৰূপে বিফল হোৱা দেখা গৈছে৷

৫) ৰাজহুৱা আপত্তি আৰু শুনানী: ইআইএ২০২০ অনুসৰি যিকোনো পৰিৱেশ সুৰক্ষাৰ উলংঘনৰ ক্ষেত্ৰত কোনো ৰাইজ বা দল সংগঠনে নহয়, চৰকাৰী বিভাগ বা সেই বিশেষ উদ্যোগটোৱেহে অভিযোগ দিব পাৰিব৷ পৰিৱেশ সংৰক্ষণত এনেবোৰ হঠকাৰি সিদ্ধান্তৰ প্ৰভাৱ সহজেই অনুমেয়৷ যিকোনো প্ৰকল্পৰ ক্ষেত্ৰত হ’বলগা ৰাজহুৱা শুনানীৰ ক্ষেত্ৰত ৰাইজে ওজৰ আপত্তি জমা দিয়াৰ দিন পূৰ্বৰ ৩০ দিনৰ পৰা ২০ দিনলৈ হ্ৰাস কৰা হৈছে৷ সাধাৰণতে পৰিৱেশ সম্পৰ্কীয় আইন, নিয়মাৱলী সম্পৰ্কে সাধাৰণ মানুহ অজ্ঞাত৷ সেয়ে এই সীমা বঢ়োৱাৰ সলনি কমাই অনাৰ কথাটোৱেই পৰিৱেশ আৰু জন সমাজত যে বিৰূপ প্ৰভাৱ পেলাব সেইয়া নিশ্চিত৷
তদুপৰি পূৰ্বে ছমাহৰ মূৰে মূৰে উদ্যোগ, প্ৰকল্পসমূহে দিয়া পাৰিপাৰ্শ্বিক নীতি পালনৰ প্ৰতিবেদনৰ সময়সীমাও এই খচৰাত এবছৰলৈ বৃদ্ধি কৰাৰ প্ৰ্স্তাৱ দিয়া হৈছে৷

পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬ অনুসৰি পৰিৱেশৰ সুৰক্ষাক অধিক শক্তিশালী কৰাৰ অৰ্থে প্ৰকাশ কৰা বুলি চৰকাৰে দাবী কৰা পৰিবৰ্তে ইআইএ২০২০ৰ খচৰাই এক বিপৰীত ছবিহে তুলি ধৰিছে৷ এজন আইনৰ ছাত্ৰ হিচাপে এই খচৰাত পৰিৱেশৰ ভাৰসাম্য অধিক বিনষ্ট কৰিব পৰা নিয়মৰ প্ৰয়োভৰে বিষয়টো সন্দৰ্ভত চৰকাৰৰ সদ্ভাৱ আৰু সদ্দিচ্ছা সম্পৰ্কে আমাৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে স্বভাৱতে৷

পূৰ্বতে বাহাল থকা ২০০৬ চনৰ ইআইএ নিয়মৰ তুলনাত অধিক শক্তিশালী মূল্যায়ন পদ্ধতিৰ সাম্প্ৰতিক সময়ত প্ৰয়োজনীয়তা সম্পৰ্কে আমাৰ দ্বিমত নাই৷ কিন্তু পূৰ্বতকৈ অধিক দূৰ্বল আৰু এচাম বিশেষ ব্যৱসায়িক গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে আনিব খোজা এনেধৰণৰ চৰকাৰী পদক্ষেপ অতি দূৰ্ভাগ্যজনক৷
গতিকে এই স্পৰ্শকাতৰ বিষয়টোত ৰাইজৰ মতামতৰ বাট যিহেতু এতিয়াও প্ৰশস্ত হৈ আছে সেয়ে এই বিষয়ক আপত্তিসমূহ ৰাইজে চৰকাৰক অৱগত কৰা উচিত৷ চৰকাৰে মুকলি কৰি দিয়া ইমেইল আইডি eia2020-moefcc@gov.in ত ইচ্ছুক সকলে নিজৰ মতামত জনাব পাৰিব। এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে ৰাইজৰ দেশৰ প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত থকা দায়িত্বক ইয়াৰ জৰিয়তে আমিও পালন কৰিব পাৰোঁ৷ আশাকৰো ভৱিষ্যতৰ এখন সেউজ পৃথিৱীৰ স্বাৰ্থত চৰকাৰৰ হঠকাৰীতাক প্ৰত্যাহ্বান জনোৱাসকলৰ এজন হিচাপে মূৰ তুলি ইতিহাসত নিজৰ নাম সংকলিত কৰিবলৈ আপুনিও যত্নবান হ’ব৷

Previous ঋতুকালীন প্ৰকৃতিপ্ৰেমী ক'তেইনো লুকাল!
Next ডাকচ্ ,নিউবাৰিপৰ্ট: জিকিবলৈ সক্ষম নোহোৱা এটা প্ৰিয় ভিডিঅ গেম