“চিন্তাৰ সাগৰ এখন লৈ মানুহজনীয়ে ৰুমটোত পায়চাৰি কৰি আছে৷ এফালে চীনৰ জাৰেড কোচনাৰৰ লগত হোৱা ৪০০ মিলিয়ন টকাৰ ব্যৱসায়িক চুক্তি খনৰ কথা, আনফালে যোৱা বছৰেই হেৰাই যোৱা আকাশী ৰঙৰ কাণফুলি জোৰ, যিযোৰ আজিও বিচাৰি নাপালে তাৰ চিন্তাই তেওঁৰ মনত দোলা দি আছে৷ একেসময়তে ফিলাডেলফিয়াৰ ১৭০টা ইহুদী কবৰস্থানৰ শিলাৰ কথা, দিনটোত গড়ে ২০০০ বাৰতকৈও অধিক নিজৰ ফোনটো খুচৰি থকাৰ সমীক্ষাটো, ৯৮ শতাংশ পোক পতংগ প’ৰ্টে ৰিক’ৰ ৰ পৰা হেৰাই যোৱা আদি হাজাৰটা চিন্তাই তেওঁ মনটোক জোকাৰি আছে৷ তেওঁ এইটো ভাবি আচৰিত হৈছে যে তেওঁ ইমান বেয়া পাৰ্টিটো কিয় দিছিল, বাথৰুমৰ ফ্ল’ৰত তিতি থকা টাৱেলখন কোনে পেলাই থৈ গল৷ তেওঁ এইটো ভাবি আৰু বেছিকৈ আচৰিত হ’ল যে, মৌ মাখিয়ে কেনেকৈ নিজৰ সেই অসহ্যকৰ শব্দ নিজে শুনি থাকিব পাৰে৷”

ডাকছ নিউবাৰিপৰ্ট আচলতে আমাৰ চৌপাশক লৈ সৃষ্টি হোৱা ভ্ৰম আৰু নিজক লৈ হোৱা হাজাৰটা চিন্তাৰ সমষ্টি৷

ওপৰৰ পেৰাগ্ৰাফটো ডাকচ, নিউবাৰিপৰ্ট নামৰ উপন্যাসখনৰ পৰা তুলি দিয়া হৈছে৷ লেখিকা  লুচি এলমেনৰ  ১০৩০ পৃষ্ঠাৰ এই উপন্যাসখন  সঁচা অৰ্থত এখন অসাধাৰণ উপন্যাস৷ গালে বেগাৰ প্ৰেছে ৪ জুলাই, ২০১৯ ত এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছে আৰু গ্ৰন্থখন বুকাৰ পুৰস্কাৰৰ বাবে চুড়ান্ত বাছনিত উঠা কিতাপসমূহৰ অন্যতম৷ ১০৩০ পৃষ্ঠাৰ উপন্যাসখন মাত্ৰ কেইটামান বাক্যৰ সমষ্টি বুলি কলেও বঢ়াই কোৱা নহব৷ কিতাপখন মুখ্য চৰিত্ৰটোৰ কোনো নাম নাই, কবলৈ গলে লেখিকা নিজে উপন্যাস খনৰ কথক, তেওঁ অহিঅ’ চহৰৰ বাসিন্দা, চাৰিটা সন্তানৰ মাতৃ, পত্নী, কেঞ্চাৰৰ জয় কৰি অহা এগৰাকী মহিলা৷ তেওঁ নিজৰ সমস্যাৰ লগতে পৰিয়ালটোলৈ অহা সমস্যা বোৰ সৈতেও সমানে যুঁজ কৰে, ঠিক সকলোৰে মাকৰ দৰে৷ কিতাপ খনে বৰ্তমানৰ মানুহৰ মনৰ সংঘাত, চিন্তা বোৰ, সৰু সৰু ল’ৰা ছোৱালীৰ বৰ্তমানৰ প্ৰয়োজন বোৰ, বৃদ্ধ সকলৰ আশাবোৰ, পইচাৰ সমস্যা, হিংসা, পৰিবেশ ধ্বংস আৰু ই সৃষ্টি কৰা অস্থিৰতা, ৰাজনীতি, উদ্বিগ্নতা, হতাশগ্ৰস্ততা আদি সকলোবোৰ সাৱলীল ভাবে প্ৰকাশ কৰিছে আৰু গোটেই কথাবোৰে কিতাপখনক নিজকে বিলীন কৰিবলৈ সহজ কৰি পেলাইছে৷

বাক্য গাঁথনিৰ ক্ষেত্ৰতো কিতাপখন অনন্য৷ বাক্য এটা the fact that ৰে আৰম্ভ কৰি কেৱল ক’মা আৰু আকৌ the fact thatৰে পিছৰ শাৰীটো আৰম্ভ কৰি মাত্ৰ কেইটামান শাৰীৰে যিদৰে উপন্যাসখন উপস্থাপন কৰিছে সিওঁ এক নতুনত্ব৷ তাৰ বাবে লেখিকা ধন্যবাদৰ পাত্ৰ৷ কথাটো বুজিবৰ বাবে এটা পেৰেগ্ৰাফ তলত তুলি দিছো৷

“the fact that I don’t know how animals think but I think in spirals, dizzying spirals, the fact that the WWF video of a deaf girl talking in sign language to an orangutan was completely fake, and I fell for it, the fact that, landsakes, orangutans don’t campaign for the rainforest, the fact that the good news right now is that animals don’t yet know we’ve wrecked the place, or they don’t know we did it at least, or they’d come after us, red in tooth and claw, the fact that it’s actually pretty lucky they don’t blame us for it, not like in The Birds …”

ছিগাৰেটৰ ধোঁৱা বোৰ যেনেকৈ লাহে লাহে বহল হৈ গৈ গৈ বতাহত বিলীন হয় ঠিক তেনেদৰে কথকৰ চিন্তা বোৰো লাহে লাহে প্ৰসাৰিত হৈ গৈ থাকে৷ পঢ়ুৱৈৰ এনে অনুভব হয় যেন সমস্যাবোৰ, চিন্তা বোৰ আমাৰেই৷ কিতাপখন প্ৰথমে উৎসুকতাহীন আৰু ধীৰ যেন অনুভৱ হয় যদিও লাহে লাহে কাহিনীয়ে পাঠকক সন্মোহিত কৰি পেলাবলৈ সক্ষম হয়৷

কিতাপখনত এটা চিন্তাৰ পৰা আন এটা চিন্তালৈ পৰিবৰ্তন বোৰ ইমান তৎক্ষণাত যে, এনে লাগে, ফেচবুকৰ টাইমলাইনহে যেন এফালৰ পৰা চাই গৈ আছো য’ত এটা পষ্ট দিওঁতাৰ লগত আন এটা পষ্ট দিওঁতাৰ কোনো সম্পৰ্ক নাই, কিন্তু ক’ৰবাত চিন্তা বোৰ এনেকৈ বান্ধ খাই আছে যে সকলোৰে মানসিক দ্বন্দবোৰ ক’ৰবাত একেই হৈ পৰিছে, ধাৰাবাহিক এখনৰ এটা এপিচ’ডৰ দৰে৷

লেখকৰ অটাইতকৈ ডাঙৰ সফলতা হ’ল তেওঁ পঢ়ুৱৈক ক্ষণবোৰৰ লগত ধৰি ৰাখিব পাৰিছে৷ পৃষ্ঠাই পৃষ্ঠাই কাহিনীয়ে পঢ়ুৱৈক পঢ়ুৱৈৰ চিন্তা আৰু সমস্যাৰ জগত খনৰ লগত একাকাৰ কৰি পেলাই আৰু নিজৰ কথাবোৰেই হাজাৰটা নতুন চিন্তাৰে ভবাৰ ৰাষ্টা মোকলাই দিয়ে৷

একেআষাৰে ক’ব খুজিলে,ডাকচ্ নিউবাৰিপৰ্ট এখন আমনিদায়ক আৰু জিকিবলৈ সক্ষম নোহোৱা এটা ভিডিঅ গেমৰ দৰে৷ আমনিদায়ক হোৱাৰ পিছতো আপুনি অহৰহ সেই গেমটোৱে সৃষ্টি কৰা কাল্পনিক আনন্দময়তাত বিচৰণ কৰিবলৈ আগ্ৰহী হৈ পৰিছে৷

ডাকছ নিউবাৰিপৰ্ট আচলতে আমাৰ চৌপাশক লৈ সৃষ্টি হোৱা ভ্ৰম আৰু নিজক লৈ হোৱা হাজাৰটা চিন্তাৰ সমষ্টি৷ কথকে এঠাইত কয় “জীৱনত গৈ থাকিবলৈ বহু কথা এৰি দিব লাগে বা পাহৰি যাব যাব লাগে৷” আমাৰ মগজুৱে একেৰাহে কাম কৰি থাকে আৰু কিছুমান স্মৃতি, সপোন, ধাৰণা, চিন্তাৰ ধৰণ গঢ় দিয়ে৷ উপন্যাস খনে সচা অৰ্থত মানুহ মগজুত কি চলি থাকে তাক ধৰি ৰাখিবলৈ যত্ন কৰিছে৷

একেআষাৰে ক’ব খুজিলে,ডাকচ্ নিউবাৰিপৰ্ট এখন আমনিদায়ক আৰু জিকিবলৈ সক্ষম নোহোৱা এটা ভিডিঅ গেমৰ দৰে৷ য’ত আপুনি কেৱল সেই মূৰ্হুত খিনিত পিছৰ পৰ্য্যায়লৈ যাবলৈ কিমান ভাল কৰিব পাৰে কেৱল তাকেই ভাবিব পাৰে আৰু হৰাৰ পিছতো কেনেকৈ পুনৰ জিকিব পাৰি তাকেই মগজুত চলি থাকে৷ কাৰণ হৰাৰ পিছতো, আমনিদায়ক হোৱাৰ পিছতো আপোনাৰ মনৰ ভিতৰৰ ক’ৰবাত গেমটো বা গেমটো খেলি থকা কামটো প্ৰিয় হৈ পৰিছে আৰু আপুনি অহৰহ সেই গেমটোৱে সৃষ্টি কৰা কাল্পনিক আনন্দময়তাত বিচৰণ কৰিবলৈ আগ্ৰহী হৈ পৰিছে৷

Previous পাৰিৱেশিক প্রভাৱ নিৰূপণৰ খচৰা ২০২০: পৰিৱেশ সংৰক্ষণ বনাম চৰকাৰী সদিচ্ছা
Next অমাতৰ মাত!