কিছুদিন আগতে  বহুলভাৱে প্ৰচাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভিডিঅ এটাই বিতৰ্কৰ সৃষ্টি কৰিছে৷ প্ৰধান মন্ত্ৰীজনে ডিছলেক্সিয়া  ৰোগক লৈ আইআইটি খড়গপুৰৰ ভিডিঅ’ কনফাৰেঞ্চৰ অনুষ্ঠানত আগবঢ়োৱা এক টিপ্পনীয়ে এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ মূলতঃ ডিছলেক্সিয়া ৰ দৰে জটিল ৰোগক মোডীয়ে ৰাজনৈতিক অস্ত্ৰ কৰিব বিছাৰিছে বুলিও বহুজনে মত পোষণ কৰিছে৷ এই কথাৰ আঁত ধৰিয়েই আজি আমি লিখিব লৈছো মানসিক ৰোগৰ বিষয়ে৷

আচলতে আমিবোৰ কিমান সচেতন মানসিক ৰোগক লৈ৷ বিষাদগ্ৰস্ততা বা ডিপ্ৰেছনক আমি এতিয়াও কেৱল সাধৰণ মন বেয়া লগা বুলি ধৰি থৈছো৷ আনহাতে এনে বহু মানুহ আছে ওচৰে পাজৰে যিসকলৰ সঘনাই মুড সলনি হৈ থাকে৷ কিন্তু আমি উক্ত লোকসকলৰ মানসিক অৱস্থা নুবুজি তেওঁলোকক তিৰস্কাৰ কৰো, ঠাট্টা কৰো৷ ইতিমধ্যে মুড সঘনাই সলনি হৈ থকা অৰ্থাৎ বাইপ’লাৰ ডিছঅৰ্ডাৰ ৰ বিষয়ত বহুকেইখন চিনেমাও নিৰ্মাণ হৈছে৷ তথাপিও আমি মানসিক ৰোগক যেন ৰোগ বুলি ধৰিব বিচৰা নাই৷ মানসিক চিকিৎসকৰ ওচৰত যোৱাটো যেন এতিয়াও এক কৌতুক বুলিয়েই ধৰে বহু লোকে৷ পাশ্চাত্যৰ দেশসমুহত বিদ্যালয়সমুহত ছাত্ৰ-ছাত্ৰীৰ বাবে কাউঞ্চিলৰ নিযুক্ত কৰা হয়৷ শিশুসকলৰ মানসিক অৱস্থাৰ বুজ ল’বলৈ নিযুক্তি দিয়া হয় এইসকলক৷ কিন্তু আমাৰ দৰে দেশসমুহত এইবোৰ কথা কল্পনাৰো অলীক৷ আমাৰ মনবোৰ তেনেই জটিল৷ বিভিন্ন মানসিক সমস্যাই ব্যতিব্যস্ত কৰিব পাৰে  আমাৰ মনতো৷ কিন্তু আমি প্ৰায়েই অৱহেলা কৰো৷ আনকি সমাজৰ উচ্চ শিক্ষিত লোকসকলো সজাগ নহয় এই ক্ষেত্ৰত৷ আমি এতিয়াও তেজপুৰ নিম বুলি মানুহক ঠাট্টা কৰো৷ আনকি দেশৰ স্বাস্থ্য সম্পদ মন্ত্ৰালয়েও এইক্ষেত্ৰত বিশেষ ভুমিকা লোৱা দেখা নাই৷

আচলতে মানসিক ৰোগ ৰোধ কৰিবৰ বাবে সকলোৱে সমানে চেষ্টা কৰিব লাগে৷ আমি বুজিলেহে আমি বেলেগক বুজাব পাৰিম৷ আনহাতে বিদ্যালয়সমুহতো কাউঞ্চিলৰ নিযুক্ত দিয়াটো প্ৰয়োজনীয়৷ তদুপৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমুহো এইক্ষেত্ৰত আগবাঢ়ি আহিব লাগে৷ এতিয়াও বিভিন্ন ভিতৰুৱা অঞ্চলত, চাহ বাগানসমুহৰ লোকসকলে মানসিক ৰোগসমুহৰ বিষয়ে অৱগত নহয় যাৰ বাবে কোনো লোকে অস্বাভাৱিক আচৰণ কৰিলে বেজ-ওজাৰ ওচৰলৈ নিয়া হয় জৰা ফুকাৰ বাবে৷ ৰোগীক বিভিন্ন অমানুষিক শাস্তি দিয়া হয় চিকিৎসাৰ নামত৷ সেইবাবে এতিয়া সেই সময় আহি গৈছে য’ত আমি মুকলামুৰীয়াকৈ মানসিক ৰোগৰ বিষয়ে আলোচনা কৰিব লাগে৷ প্ৰয়োজন হ’লে নিজেও চিকিৎসকৰ ওচৰলৈ যাব লাগে৷ ২০১৮ৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্যত ভাৰত বিশ্বৰ আটাইতকৈ ডিপ্ৰেচিভ দেশ৷ দেশত প্ৰত্যেকদিনাই বহু লোকে আত্মহত্যা কৰে৷ এনেসময়তে আমি সকলোৱে জোৰ বান্ধি এই মহামাৰীৰ বিৰুদ্ধে থিয় দিব লাগে৷ আৰু এইক্ষেত্ৰত চৰকাৰৰ প্ৰধান উদ্যোগ অতি জৰুৰী, বিপৰীতে চৰকাৰৰ মূৰব্বীগৰাকীয়ে ৰাজনৈতিক উদ্দ্যেশ্যৰে এই ৰোগক লৈ তাচ্ছিল্ল্য কৰা দুষ্কাৰ্য্যই চৰকাৰখনৰ মানসিকতাকেই উদঙাই দিছে। এনেপ্ৰেক্ষাপটত সজাগ ৰাইজে সজাগতা বৃদ্ধি কৰাটো সময়ৰ দাবী। আৰু এইখিনিতেই আমাৰ উদাৰতা, বৈজ্ঞানিক মানসিকতা আৰু মানৱতীয়াউ সঠিকভাৱে প্ৰকাশ পাব। 

ৰ শ্মি ৰে খা দা স

সুলেখক, সাংবাদিক তথা 'বিৰিয়া'ৰ নিয়মীয়া বিশ্লেষক।

Previous পৰিৱৰ্তন
Next পাকিস্তানী মোল্লা-মৌলবাদীৰ ফটোৱা, দু-দেশৰ শাসকৰ পৰস্পৰ বিদ্বেষৰ ৰাজনীতি