অৰ্থনীতি আৰু কৰ্মসংস্থান


সাম্প্ৰতিক সময়ত সাধাৰণ জনতাৰ সমস্যা সৃষ্টিৰ মূল কাৰণ হ’ল অৰ্থনীতি। ঘৰুৱা অশান্তিৰ পৰা আৰম্ভ কৰি কিছুমান জঘন্য সামাজিক কাণ্ডও অৰ্থৰ অভাৱতেই সংঘটিত হয়। তাৰ এটি জ্বলন্ত উদাহৰণ বাল্য বিবাহ। যোৱা কেইদিনমানৰপৰা দেখি আছো আৰ্থিকভাৱে দুৰ্বল কিছুমান মানুহক চৰকাৰে খেতিৰ নামত দুহেজাৰকৈ টকা, কিছুমানক টিনপাত, আন কিছুমানক চাৰিটাকৈ বাল্ব দিছে। এইখিনিৰে এটা পৰিয়ালে কিমানখিনি সকাহ পাব সেয়া সকলোৰে জ্ঞাত। আমাৰ ধাৰণা এয়া এক প্ৰলোভন। ইয়াৰ উপৰি এটকীয়া চাউলৰ টোপ। এনেধৰণৰ ক্ষন্তেকীয়া আঁচনি যাৰ দ্বাৰা সাধাৰণ মানুহ কৰ্মবিমুখ হ’ব পাৰে। এইবোৰ নকৰি এই পৰিয়ালবোৰৰ উপযুক্ত এজন সদস্যকো যদি কিবা কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিলেহেঁতেন! আমি দেখিছো বিনা বেতনে ভেন্সাৰ স্কুলৰ পৰা অৱসৰ লোৱা শিক্ষক, আৰু দেখিছো ভেন্সাৰ স্কুলত শিক্ষকতা কৰি ঘৰ চলাব নোৱাৰি ই ৰিক্সা চলোৱা শিক্ষকক। এইবোৰ আমাৰ সমাজৰ জ্বলন্ত সমস্যা বুলি কেতিয়ালৈ বিবেচিত হ’ব! চাৰিটা বাল্ব বা দুহেজাৰ টকাই এটি পৰিয়ালক সাময়িক সকাহ দিব পাৰে সঁচা; কিন্তু প্ৰকৃত সমস্যা দূৰ কৰিব নোৱাৰে। এটি কৰ্ম সংস্থাপনে কিন্তু এখন ঘৰৰ সমস্যা সমাধানৰ স্থায়ী কাৰক নিশ্চয় হ’ব পাৰে। 

ৰু মি না বে গ ম

তৰুণ লেখক

Previous গ্লাইফোচেট অপতৃণনাশক  আৰু  কেঞ্চাৰ বিতৰ্ক - এক অৱলোকন
Next ইতিহাস গঢ়িলে কৰেণ য়ুলেনবেক-এ : সমৃদ্ধ হ'ল গণিতবিজ্ঞান