সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ লগে লগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বত্ৰ কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী কাৰ্য্যৰ বিৰুদ্ধে ৰাইজে মাত মাতিছে। লোকসভাত ৮ জানুৱাৰী, ২০১৯ তাৰিখে এই বিধেয়ক গৃহীত হোৱাৰ পাছত ৯ জানুৱাৰীত ৰাজ্যসভাত উত্থাপন কৰাৰ ব্যৱস্থা লোৱা হৈছে। আমি ইতিপূৰ্বেই উল্লেখ কৰিছোঁ যে, সৰ্বানন্দ সোণোৱালৰ দৰে ‘জাতীয় নায়ক’ৰ আখ্যা পোৱা এজন থলুৱা নেতাৰ মেৰুদণ্ডহীনতাৰ বাবেই জাতিটোৱে উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া হোৱাটো জাতিৰ বাবেই কৰুণতম ইতিহাস হৈ ৰ’ব। অতি সাম্প্ৰতিক ঘটনাৱলীৰ পিছত এপিনে সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্যৰ কেবাজনো মুধাফুটা নেতাৰ মৌন ব্ৰত আৰু আত্মগোপনৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ধুৰন্ধৰ, আত্মসন্মানহীন. ডলাৰ বগৰী, ক্ষমতাখকুৱা নেতাই স্পষ্টভাৱে এই বিধেয়কক গৃহীত হোৱাক এক গৌৰৱময় ঘটনা বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে। অসমীয়া ৰাজনৈতিক নেতাৰ এনে ৰাজহাড়বিহীন, পদলেহনকাৰী, নিৰ্লজ্জ অৱস্থানৰ বিপৰীতে তাৎপৰ্য্যপূৰ্ণভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাকীকেইখন ৰাজ্যৰ থলুৱা নেতাই এনে হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে স্পষ্ট মত পোষণ কৰিছে। আনহে নালাগে, মেঘালয় তথা মিজোৰামত বিজেপিৰ সতে মিত্ৰতাৰে শাসনাধিস্থিত হৈ থকা এনপিপি আৰু এমএনএফৰ দুই মুখ্য নেতা কনৰাড চাংমা আৰু জ’ৰামথাংগাইও এই বিধেয়কৰ বিপৰীতে মত প্ৰকাশ কৰিছে আৰু এই বিধেয়ক ৰাজ্যসভাত গৃহীত হ’লে মিত্ৰতা ত্যাগ কৰিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে। ত্ৰিপুৰাতো ৰাজ্যৰ আদিবাসী ৰাইজৰ প্ৰতিনিধি তথা ছাত্ৰ-সংগঠন আদিৰ লগতে ৰাজ্যৰ বিজেপি চৰকাৰৰ সহযোগী দল ইণ্ডিজেনাছ পিপলছ ফ্ৰণ্ট অৱ ত্ৰিপুৰা আদিয়ে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে। নগালেণ্ড আৰু অৰুণাচলতো গঠন হৈছে এই বিধেয়কৰ বিপক্ষে জনমত। পৰিতাপৰ কথা, কাষৰীয়া ৰাজ্যকেইখনৰ নিজা অধিকাৰৰ পক্ষত এনে স্থিতিৰ বিপৰীত মেৰুত অৱস্থান কৰিছে অসমৰ থলুৱা নেতাই। ৰাজ্যত বিজেপি চৰকাৰৰ সহযোগী দল অগপই ইয়াৰ প্ৰতিবাদত মিত্ৰতা ভংগ কৰিলেও, বিটিছিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীয়ে নিজৰ সুবিধাবাদী স্থিতি উদঙাই দি এই বিধেয়কৰ বিৰুদ্ধাচৰণ কৰা নাই। একেদৰে অসমৰ স্বায়ত্বশাসিত পৰিষদসমূহৰ নেতাসকলেও এই দিশত কোনো স্পষ্ট মত পোষণ কৰাটো আজি পৰ্য্যন্ত চকুত পৰা নাই। অসমৰ বিজেপি সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সংসদত অসমীয়া ৰাইজ এলেহুৱা, দুখীয়া আৰু কৰ্মবিমুখ বুলি ৰাজহুৱাকৈ ঘোষণা কৰি বিধেয়কখন অসমীয়াৰ হকে বুলি যুক্তি দৰ্শোৱাৰ লগতে কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে যুটীয়া সংসদীয় সমিতিৰ সদস্য হিচাপে এই বিধেয়কৰ সপক্ষে মত দিছে। অসমৰ থলুৱা ৰাইজে নিজৰ নেতা বুলি পৰম আগ্ৰহেৰে সংবিধানপ্ৰদত্ত ভোটদানৰ অধিকাৰেৰে শাসনলৈ অনা থলুৱা নেতাৰ এই উলংগ ৰূপটোৱে আমাৰ নিজৰ ভেটিটো কিমান দূৰ্বল সেয়া নকৈ প্ৰতীয়মান কৰিলে।

এই সকলো সংগঠনেই নিজা নিজা আদৰ্শক খামুচি পৃথকে পৃথকে বিৰোধিতা কৰিছে। শতাধিক দল-সংগঠনৰ মাজত এই সংকটকালত একমুঠ হৈ অসমৰ হকে, ৰাইজৰ হকে মাত মতাৰ যি প্ৰয়োজনীয়তা, তাৰ অভাৱ আমাৰ বাবে ভাল কথা নহয়। এই মূহুৰ্তত ছাত্ৰ সংগঠন, ৰাজনৈতিক দল, ৰাজহুৱা সংগঠন আদি সকলোৱে ৰাজনৈতিক আদৰ্শ, দলীয় তথা ব্যক্তিগত মতাদৰ্শ ত্যাগ কৰি একস্বৰে বিধেয়কখনৰ বিৰোধিতা কৰাৰ প্ৰয়োজন আছে।

দুখজনক ভাৱে, কেৱল নেতাই নহয়, অসমৰে এচাম ৰাজনৈতিক মতান্ধ, বিবেক-বিবেচনাশূণ্য লোকে এই পৰিস্থিতিৰ মাজতে নানা ধৰণেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মত পোষণ কৰি অহাৰ ওপৰিও, প্ৰতিবাদী কণ্ঠ তথা পদক্ষেপক নানা ধৰণেৰে তুচ্ছ-তাচ্ছিল্য কৰি ইয়াৰ বিৰুদ্ধে মাত দিয়া সকলক হেয় প্ৰতিপন্ন কৰি আহিছে। জাতিৰ এই দুৰ্দিনৰ সময়ত এক নিৰাপদ, আৰামদায়ক অৱস্থানত থাকি, নিজৰ কোনোধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নথকাকৈ এইসকল লোকে বিধেয়কৰ বিৰুদ্ধে হোৱা জনজাগৰণক স্তিমিত কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। খেনোৱে আকৌ ব্যক্তিগত স্বাৰ্থত আঘাত লগাৰ ভয়ত নীৰৱতা অৱলম্বন কৰিছে। লগতে আছে ৰাজনৈতিক মুনাফালোভী এচাম ‘ভকত’, যাৰ জীৱনৰ সমস্ত সাধনা নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰৰ গুণানুকীৰ্তন আৰু পদলেহন। নেতাক শাসনলৈ অনা ৰাইজৰ মাজৰ শিক্ষিত এচামৰ স্বাভিমানহীন এনে ভূমিকা এই মূহুৰ্তত জাতিৰ বাবে বেয়া খবৰ। ইয়াৰ বিপৰীতে, অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে নিজৰ দায়িত্বৰ সীমাবদ্ধতা স্বত্বেও, বিধেয়ক সম্পৰ্কত ৰাইজৰ স্থিতিয়েই নিজৰো স্থিতি বুলি জানিবলৈ দিয়াটো আশাব্যঞ্জক ঘটনা।
অন্যহাতে, বিধেয়কৰ বিৰুদ্ধে যদিওবা ৰাজ্যৰ সকলো সংগঠনে সোচ্ছাৰে প্ৰতিবাদ জনাইছে, এইখিনিতে চিন্তনীয় কথা হ’ল – এই সকলো সংগঠনেই নিজা নিজা আদৰ্শক খামুচি পৃথকে পৃথকে বিৰোধিতা কৰিছে। শতাধিক দল-সংগঠনৰ মাজত এই সংকটকালত একমুঠ হৈ অসমৰ হকে, ৰাইজৰ হকে মাত মতাৰ যি প্ৰয়োজনীয়তা, তাৰ অভাৱ আমাৰ বাবে ভাল কথা নহয়। এই মূহুৰ্তত ছাত্ৰ সংগঠন, ৰাজনৈতিক দল, ৰাজহুৱা সংগঠন আদি সকলোৱে ৰাজনৈতিক আদৰ্শ, দলীয় তথা ব্যক্তিগত মতাদৰ্শ ত্যাগ কৰি একস্বৰে বিধেয়কখনৰ বিৰোধিতা কৰাৰ প্ৰয়োজন আছে। অসমত বসবাস কৰা সকলো লোকেই নিজৰ ৰাজ্যখনৰ হকে থিয় দিব লাগিব আৰু এই কথাষাৰেই আলফা(স্বাধীন)ৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মুখতো উত্থাপন হৈছে। ৰাজ্যৰ সকলো লোককে একগোট হৈ বিধেয়কৰ বিৰুদ্ধে থিয় দিয়াৰ বিকল্প নাই বুলি পৰেশ বৰুৱাই কৰা এই সজোৰ ঘোষণাই ৰাজ্যৰ ৰাজনীতিত এক ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।
আমাৰ একতাইহে এইমূহুৰ্তত জাতিৰ শত্ৰু হৈ থিয় দিয়াসকলক পৰাভূত কৰিব পাৰিব আৰু সেই সত্যটো আমি সকলোৱে অনুধাৱন কৰাৰ দৰকাৰ। লগতে, আৱেগ পৰিহাৰ কৰি সুচিন্তিত আৰু সুপৰিকল্পিতভাৱে এনে বিনাশকাৰী পৰিকল্পনাক প্ৰতিহত কৰিবলৈ মাৰ বান্ধি থিয় দিয়াৰ দৰকাৰ। লক্ষনীয় যে, বিধেয়কৰ বিৰুদ্ধে ৰাইজৰ কণ্ঠ জাগি উঠাৰ লগে লগে কেন্দ্ৰ চৰকাৰে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতি কৰাৰ বিষয়টো উত্থাপন কৰি, ৰাইজক আভুৱা ভাঁৰিবলৈ চেষ্টা কৰিছে। কেৱল সেয়াই নহয়, পাকে-প্ৰকাৰান্তৰে, ভয়-ভাবুকি-প্ৰলোভন-ছলনাৰে সাধাৰণ মানুহক বিভাজিত কৰিবলৈ চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰিছে। এনে পৰিপ্ৰেক্ষিতত, ৰাইজে চৰকাৰী ছলনা আৰু ষড়যন্ত্ৰৰ এই মেৰপেছত ভৰি নিদি, আৱেগ ত্যাগ কৰি বস্তুনিষ্ঠ আলোচনা আৰু যুক্তিৰে স’তে নিজৰ মত সাব্যস্ত কৰাৰ দৰকাৰ হৈছে। লগতে মেঘালয়-মিজোৰামৰ কনৰাড চাংমা- জ’ৰামথাংগাৰ দৰে নেতাৰ দৃঢ় স্থিতি আৰু জাতীয়তাবাদী চেতনা, যাৰ বাবে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাৰ ক্ষেত্ৰত বিজেপি দল সামান্য পৰিমানে হ’লেও ৰ’বলগীয়া হৈছে, তেনে নেতাৰ পৰা আমি সকলোৱে শিক্ষা গ্ৰহণ কৰা উচিত। একত্ৰিত অসমীয়াৰ সমস্বৰ কণ্ঠত অসমীয়াৰ অধিকাৰ আঁজুৰি নিব খোজা আইন প্ৰণয়ন কৰোঁতা সকলৰ মাত বন্ধ হ’ব লাগিবই- এই কথা আমি প্ৰত্যেকেই সাৰোগত কৰি লোৱাৰ দৰকাৰ। 

 

সম্পাদক

✉ editor@biriyaa.com

Previous ফাৰ্মাচিষ্ট নে ঔষধ বিক্ৰেতা : এক প্ৰাসংগিক বিষয়
Next দিনটোৰ প্ৰ তি ফ ল ন

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে