পুলৱামাৰ ঘটনাই সমগ্ৰ দেশবাসীকে জোকাৰি যোৱাৰ পাছত এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে নানা জনে নানা মত প্ৰকাশ কৰিছে। পিছে এই সকলো মত-অমতৰ মাজত চাৰিওপিনে চকুত পৰা এটা প্ৰতিক্ৰিয়া হৈছে সমূহ কাশ্মীৰনিবাসীক লৈ ৰাইজৰ বিয়োগাত্মক মনোভাৱ। শেহতীয়াকৈ মেঘালয়ৰ ৰাজ্যপালে ৰাজহুৱাকৈ কাশ্মীৰবাসীক বৰ্জন কৰি, কাশ্মীৰৰ সতে সকলো বাণিজ্যিক-অৰ্থনৈতিক সম্পৰ্ক ছেদ কৰাৰ সপক্ষে মত প্ৰকাশ কৰা কাৰ্য্যই চৌপাশে আলোচনাৰ উদ্ৰেক কৰিছে। ঠায়ে ঠায়ে শিক্ষানুষ্ঠানত অধ্যয়নৰত কাশ্মীৰী ছাত্ৰক ভাবুকি দিয়া হৈছে, শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰা হ’ব বুলি শিক্ষানুষ্ঠান কৰ্তৃপক্ষই জনাইছে অথবা নিয়োগৰ স্থানত কাশ্মীৰৰ লোকক চাকৰি ত্যাগ কৰি যাবলৈ কোৱা হৈছে। মন কৰিবলগীয়া কথাটো হ’ল এনে মত পোষণ কৰা গৰিষ্ঠসংখ্যকৰে কিন্তু কাশ্মীৰ সমস্যাৰ পটভূমি বা প্ৰকৃত পৰিৱেশ সম্পৰ্কে সম্যক জ্ঞানকণো নাই।

এনে পৰিপ্ৰেক্ষিতত আমি কৰিব পৰা আটাইতকৈ উচিত কামটো হ’ল এনেকুৱা নৃশংস ঘটনাৰ আলম লৈ দেশৰ সৰ্বত্ৰে হিংসা-দ্বেষ-ঘৃণা বিয়পাই নিজৰ অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ সুযোগ বিচাৰি ফুৰা ব্যক্তি অথবা পক্ষক চিনাক্ত কৰিব পৰাকৈ সতৰ্ক হৈ থকা। অথবা এনে স্পৰ্শকাতৰ পৰিস্থিতিৰ সুযোগত অন্যায়ক ন্যায় বুলি প্ৰমাণ কৰিবলৈ সক্ৰিয় হৈ উঠা পক্ষৰ বিৰুদ্ধে একত্ৰে মাত দিয়া। সৰ্বোপৰি, আবেগেৰ ভৰত বিবেক বিসৰ্জন দি হোৱাই-নোহোৱাই মন্তব্য দি, তাক সামাজিক গণ-মাধ্যমৰ সহজ বাটেৰে ব্যাপক কৰি তোলাৰ পৰা বিৰত হৈ থকা, যাতে ভুৱা বাতৰি, অবিবেচক মন্তব্য তথা আচৰণে পৰিস্থিতিক অধিক অন্ধকাৰ কৰি তুলিব নোৱাৰে।
এইখিনিতে আমি ৰাইজে এটা কথা মনত ৰখাটো ভাল যে, আজি আমাৰ কাশ্মীৰ সম্পৰ্কে জ্ঞানৰ দৌৰ যিমান, উত্তৰ-পূৱ তথা অসম সম্পৰ্কে দেশৰ বাকী অংশৰো,, অৰ্থাৎ মূল সুঁতিৰ ভাৰতীয়ৰো জ্ঞানৰ পৰিধি ঠিক সিমানেই। সামৰিক শাসনৰ ক’লা যুগ এটা আমি উত্তৰ-পূৱবাসীয়ে দেখি আহিছো। চৰাইপুঙেই হওক বা মণিপুৰেই হওক, উত্তৰ-পূৱৰ চূকে-কোণে ৰাইজে ভাৰতীয় সেনা বাহিনীৰ অত্যাচাৰী ৰূপটো দেখা পাই আহিছে। দেশৰ ৰক্ষাকাৰী যি সামৰিক বাহিনীৰ নিৰ্য্যাতনে মণিপুৰত নাৰীক নগ্ন হৈ পথলৈ ওলাই আহিবলৈ বাধ্য কৰিছিল, সেই ইতিহাসৰ প্ৰত্যক্ষ দৰ্শক হৈও কাশ্মীৰত সামৰিক বাহিনীক তদ্ৰুপ স্বাধীনতা প্ৰদানক সমৰ্থন কৰা ৰাইজে নিজৰ ইতিহাস পাহৰি যোৱা কিমানদূৰ সমীচিন সেয়া চিন্তা কৰা দৰকাৰ।আমি এটা কথা মনত ৰখা ভাল যে, ‘বালীলৈ যি পাত, সুগ্ৰীৱলৈও সেইপাত শৰ’। আমি আজি যিদৰে কাশ্মীৰত সামৰিক বাহিনীৰ নিৰ্বিচাৰ ক্ষমতাক সমৰ্থন কৰিছো, কাইলৈ ‘আফস্পা’ৰ দৰে আইনৰ আলমত উত্তৰ-পূৱতো সেনাৰ অত্যাচাৰক কোনোবা মূলসূঁতিৰ ভাৰতীয়ই সমৰ্থন কৰিব। অথবা উত্তৰ-পূৱত হোৱা কূটাঘাতে অন্য ৰাজ্যত অধ্যয়নৰত-কৰ্মৰত উত্তৰ-পূৱ বাসীৰো জীৱন বিপন্ন কৰি তুলিব। এনে সম্ভাৱনাবোৰৰ কথা আলোচনা-চিন্তা নকৰাকৈ কেৱল আবেগিকভাৱে কৰা মন্তব্য, ঘোষণা বা আচৰণে কাশ্মীৰৰ বিছিন্নতাবাদৰ সমস্যাক সমাধান নকৰে, বঢ়াবহে।এনে পৰিপ্ৰেক্ষিতত আমি কৰিব পৰা আটাইতকৈ উচিত কামটো হ’ল এনেকুৱা নৃশংস ঘটনাৰ আলম লৈ দেশৰ সৰ্বত্ৰে হিংসা-দ্বেষ-ঘৃণা বিয়পাই নিজৰ অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ সুযোগ বিচাৰি ফুৰা ব্যক্তি অথবা পক্ষক চিনাক্ত কৰিব পৰাকৈ সতৰ্ক হৈ থকা। অথবা এনে স্পৰ্শকাতৰ পৰিস্থিতিৰ সুযোগত অন্যায়ক ন্যায় বুলি প্ৰমাণ কৰিবলৈ সক্ৰিয় হৈ উঠা পক্ষৰ বিৰুদ্ধে একত্ৰে মাত দিয়া। সৰ্বোপৰি, আবেগেৰ ভৰত বিবেক বিসৰ্জন দি হোৱাই-নোহোৱাই মন্তব্য দি, তাক সামাজিক গণ-মাধ্যমৰ সহজ বাটেৰে ব্যাপক কৰি তোলাৰ পৰা বিৰত হৈ থকা, যাতে ভুৱা বাতৰি, অবিবেচক মন্তব্য তথা আচৰণে পৰিস্থিতিক অধিক অন্ধকাৰ কৰি তুলিব নোৱাৰে।

সম্পাদক

✉ editor@biriyaa.com

Previous জয় হিন্দ
Next ব স ন্ত ৰ আঁ চু ফু ল