ৰাজনীতিয়ে অসমৰ আৰ্থ-সামাজিক ব্যৱস্থাটোক বিগত কেবাটাও দশকত গোমোঠা কৰি পেলাইছে। বিশেষতঃ অসমীয়া খিলঞ্জীয়া মানুহৰ কৰ্মমুখী চৰিত্ৰক ৰাজনীতিয়ে বিমুখ কৰি তুলিছে। ফলস্বৰূপে, গৰিষ্ঠসংখ্যক কৰ্মমুখী মানুহে থিতাতে মধ্যবিত্ত হোৱাৰ ধামখুমীয়াত নিজৰ কৃষিকাৰ্য্য অথবা ব্যৱসায় ত্যাগ কৰাৰ লগতে কৃষি-ভূমিও বিক্ৰী কৰিছে। ৰাজনৈতিক পাশা খেলৰ মোহত বন্দী হৈ ৰাজনৈতিকভাৱে ধন আৰু ক্ষমতা অৰ্জনৰ আশাত এইখিনি মানুহে সময় গতিকে নিজক বিক্ৰী কৰিবলৈও পিছ হুঁহকি অহা নাই। এই ব্যৱস্থাত যোৱা দশক কেইটাত বহু নিষ্ঠাৱান অসমীয়া মানুহ আৰ্থিক আৰু মানসিকভাৱে পংগু হোৱাৰ ছবিও আমি দেখিছো। আৰু অসমীয়া মানুহৰ এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বহিৰাগতই অসমৰ সমাজ আৰু অৰ্থনৈতিক ক্ষমতা হস্তগত কৰাৰ খবৰ বা তথ্য সকলোৰে জনাজাত। নিজৰ চকুৰ সন্মুখতেই বহিৰাগতই ক্ষমতাৱান হৈ আমাক শাসন আৰু শোষণ কৰি থকাৰ পাছতো আমাৰ নিজৰ ওপৰত নথকা বিশ্বাসৰ বাবে আমি হুলেৰে হুল কঢ়া নীতি লৈ অৰ্থাৎ নিজে কৃষি বা বাণিজ্য নিজৰ হাতলৈ আনি এই বহিৰাগতক খেদিবলৈ অপাৰগ হৈ পৰিছো।

https://biriyaa.com/

ইয়াৰ বিপৰীতে, আমি কেৱল শ্লোগান, ধৰ্ণা-প্ৰতিবাদ, আন্দোলন, বন্ধৰ দৰে দুষ্কাৰ্য্যমূলক প্ৰতিবাদেৰেহে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আহিছো। এই কথাও ঠিক যে, আমি আন্দোলন বা প্ৰতিবাদৰ দ্বাৰাহে নিজৰ অধিকাৰ আঁজুৰি আনিবলগীয়া হৈছে। যুক্তিপূৰ্ণ আৰু বাস্তৱসন্মত গণতান্ত্ৰিক আন্দোলন বা প্ৰতিবাদে আমাক সদায়ে শক্তিশালী কৰি আহিছে। কিন্তু আবেগিক আৰু শ্লোগানধৰ্মী আন্দোলনে আমাক একোটা নিৰ্দিষ্ট বিষয় বা সমস্যাৰ ক্ষেত্ৰত সদায়ে বহুধা-বিভক্ত আৰু মূল উদ্দেশ্যৰ ক্ষেত্ৰত বিশৃংখলতাৰ সৃষ্টি কৰি আহিছে। এই ক্ষেত্ৰত আমি পূৰ্বে উল্লেখ কৰাৰ দৰে বিগত সময়ছোৱাৰ পৰা আজিৰ তাৰিখলৈ বহিৰাগতই কোনো আন্দোলন কৰি নহয়, কৰ্মমুখী ব্যৱস্থাৰেহে আৰ্থিকভাৱে ক্ষমতাশালী হৈ অসম আৰু অসমীয়াক শাসন কৰিবলৈ সুযোগ পাইছে। অথচ আমি নিজৰ ভূমিতেই সকলোখিনি থকাৰ পাছতো এই অধিকাৰৰ পৰা বঞ্চিত হৈছো। অনবৰত, চৰকাৰৰ মুখলৈ ৰৈ থকাৰ পৰিণতি আৰু ৰাজনৈতিক চাতুৰীত ভোল গৈ এৰাতিতে ধনী আৰু মধ্যবিত্ত হোৱাৰ সপোন দেখি আমি নিজক নিঃস্বহে কৰিছো। এই সপোন যেতিয়া ভাঙে আৰু আমি বাস্তৱত যেতিয়া চকু মেলি চাওঁ, দেখোঁ আমাৰ সমুখৰ পথাৰখন নিজৰ আওঁতালৈ নি ফলে-ফুলে জাতিস্কাৰ কৰি তুলিছে বহিৰাগতই। যেতিয়া কঁপা কঁপা ভৰিৰে আহি তিনিআলি পাওঁহি, দেখো আমাৰ সমস্ত ব্যৱসায় কব্জা কৰিছে বহিৰাগতই। আৰু আমি তাকে চাই কেৱল বহিৰাগতক গালি পাৰি সন্ধিয়ালৈ জোঁৰ সমদল উলিয়াই নিশালৈ ভাগৰে-জুগৰে নিঃপালি দিছো। আমাৰ এই কৰুণ অৱস্থাক লৈ আমি মাথো আৱেগিক হৈছো। কিন্তু বাস্তৱমুখী হোৱা নাই। এই দশাৰ সময়তেই এখিনি মানুহে নিজৰ একাগ্ৰতা আৰু চৰম কষ্ট স্বীকাৰ কৰি অসমীয়াত্ব বজাই ৰাখিবলৈ আপ্ৰাণ প্ৰচেষ্টা চলাই আহিছে। বিগত দশকসমূহত গৰিষ্ঠসংখ্যক অসমীয়াৰ কৰ্মবিমুখতাৰ পৰিৱৰ্তে এই এখিনি মানুহে কৃষি অথবা বাণিজ্য নিজৰ হাতত ৰাখি, ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাটোক কিছুপৰিমাণে হ’লেও সকাহ দিছে। শেহতীয়া এটা দশকত আমি মন কৰিছো যে, বহু অসমীয়া মানুহে আৱেগৰ পৰিৱৰ্তে বাস্তৱক প্ৰকৃত অৰ্থত অনুধাৱন কৰি স্বাধিকাৰৰ হকে আত্মনিয়োগ কৰিছে।

এইসকল অসমীয়াই নিজৰ উদ্যোগত নিষ্ঠা, সততা, আত্মবিশ্বাস আৰু বাস্তৱসন্মত নীতিৰে যি আন্দোলন গঢ়ি তুলি বহিৰাগতক প্ৰত্যাহ্বান জনাই স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম চলাইছে, এয়াহে প্ৰকৃত আন্দোলন।
তেওঁলোকৰ এই দৃষ্টান্ত আজিৰ তাৰিখত আমাৰ বাবে অনুকৰণীয়ই নহয়, অনুসৰণীয়ও। আৰু এয়াই সঁচা অৰ্থত আদৰ্শ আৰু দৰ্শন। এই সময়ছোৱাত এচাম অসমীয়া যুৱকেও বহিঃৰাজ্যৰ বহুজাতিক কোম্পানীৰ মোটা দৰমহাৰ চাকৰি বাদ দি অসম আৰু অসমীয়াৰ কাৰণে প্ৰকৃতভাৱে অধিকাৰ ফিৰাই অনাৰ হকে নিজাকৈ ব্যৱসায় অথবা কৃষিকাৰ্য্য আৰম্ভ কৰিছে। ই কেৱল স্থানীয় বজাৰকেই লক্ষ্য কৰি লোৱা নাই; ই লক্ষ্য স্থিৰ কৰিছে দেশৰ বা বিদেশৰো বজাৰ। সেই অনুসৰি অসমৰ পৰা উৎপাদিত ক’লা চাউল, কল, আদা, ভোট জলকীয়া, গ্ৰীণ টি, বৰা চাউল, কোমল চাউল, লিচু আদিকে ধৰি বিভিন্ন সামগ্ৰী এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয়। আৰু ইয়ে অসমৰ আৰ্থিক ভেটিও ভালেখিনি সুস্থ কৰি তুলিছে। এইক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল যে, এই ব্যৱস্থাত বহু অসমীয়া পৰিয়াল প্ৰত্যক্ষ বা পৰোক্ষভাৱে স্বাৱলম্বী আৰু আৰ্থিকভাৱে মূৰ দাঙিব পৰাকৈ টনকিয়াল হৈছে। ই অত্যন্ত প্ৰগতিশীল কথা। কোনোধৰণৰ চৰকাৰী সাহায্য কিম্বা চৰকাৰেই কিবা এটা কৰিলেহে কাম কৰিম বুলি হাত সাৱটি বহি থকা সকলৰ বিপৰীতে এইসকল অসমীয়াই নিজৰ উদ্যোগত নিষ্ঠা, সততা, আত্মবিশ্বাস আৰু বাস্তৱসন্মত নীতিৰে যি আন্দোলন গঢ়ি তুলি বহিৰাগতক প্ৰত্যাহ্বান জনাই স্বাধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম চলাইছে, এয়াহে প্ৰকৃত আন্দোলন। 

 

সম্পাদক

✉ editor@biriyaa.com

Previous ২০১৮ত পদাৰ্থবিজ্ঞানৰ নোবেল বিজয়ী আৱিস্কাৰ
Next পতাকাফ'বিয়া

No Comment

Leave a reply

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে