পাৰিৱেশিক প্ৰভাৱ নিৰূপণৰ খচৰা আৰু আমাৰ দায়িত্ব


পাৰিৱেশিক প্ৰভাৱ নিৰূপণ খচৰা,২০২০চমুকৈ ই আই এ ৰ দৰে অতি স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত আপত্তি দৰ্শোৱাৰ আজি অন্তিমটো দিন৷ গণতান্ত্ৰিক দেশ এখনৰ নাগৰিক হিচাপে এই দেশৰ প্ৰকৃতি আৰু পৰিৱেশক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰতিগৰাকী ব্যক্তিয়ে চৰকাৰে মুকলি কৰি দিয়া ই-মেইল আই ডিত ( eia2020-moefcc@gov.in) মেইল কৰাৰ সুবিধা দিয়া হৈছিল৷ এই ক্ষেত্ৰত সচেতন ব্যক্তি সকলে নিশ্চয় নিজ নিজ আপত্তি দৰ্শাই মেইল কৰিছে৷ কিন্তু ভবাৰ দৰে হয়তো বিষয়টোৱে জনতাৰ মাজত গভীৰতালৈ গতি কৰিব নোৱাৰিলে৷ আমাৰ দেশৰ প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ে সততে মাত মাতি অহা ব্যক্তিসকলৰ এই ক্ষেত্ৰত কিছু দুৰ্বলতা পৰিলক্ষিত হোৱা দেখা গ’ল বিষয়টোৰ গুৰুত্ব সাধাৰণ জনতাক অৱগত কৰোৱাত৷ দেশত ই আই এৰ দৰে এখন খচৰাই আমাৰ অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ পৰিৱেশ আৰু প্ৰকৃতিৰ কি ভয়ানক ক্ষতিসাধন কৰিব সেয়া ভাবিলেই ভয় লগা৷

এই খচৰাই আমাৰ চিৰসেউজীয়া বন বননি ধ্বংস কৰি জলবায়ুৰ ওপৰত ব্যাপকভাৱে প্ৰভাৱ পেলাব৷ প’ষ্ট ফেক্ট’ ক্লিয়েৰেঞ্ছৰ জৰিয়তে কোনো অঞ্চলত উদ্যোগ বা কাৰখানা স্থাপনৰ ক্ষেত্ৰত আগতীয়াকৈ লোৱা অনুমতিৰ ক্ষেত্ৰত থকা শিথিলতাই বনাঞ্চল,জলাহ আদিক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব৷

গণতান্ত্ৰিক দেশ এখনত জনতাৰ মাত মতাৰ অধিকাৰক খৰ্ব কৰি এই খচৰাই দেখুৱাইছে যে আন্তৰাষ্ট্ৰীয় সীমাৰ ১০০ কিঃমিঃ আকাশী দূৰত্বৰ ভিতৰত যিকোনো অঞ্চলত পাইপলাইন বা পথ নিৰ্মাণৰ দৰে প্ৰকল্পত নাগৰিকে মাত মাতিব নোৱাৰিব৷ আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৯৮ শতাংশ এলেকা যিহেতু আন্তৰাষ্ট্ৰীয় সীমাই আগুৰি আছে ,তেনেক্ষেত্ৰত জৈৱবৈচিত্ৰ্যৰে চহকী উত্তৰ-পুৰ্বাঞ্চল যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত৷

প্ৰকল্প একোটাক ষ্ট্ৰেটেজিক বুলি ঘোষণা কৰি সম্পদ লুণ্ঠনৰ বাট প্ৰশস্ত কৰি জনতাৰ মাত মতাৰ অধিকাৰক খৰ্ব কৰাটো সম্পূৰ্ণ অ-গণতান্ত্ৰিক৷

কাৰণ এই খচৰাই উল্লেখ কৰিছে যে ষ্ট্ৰেটেজিক প্ৰকল্পৰ ক্ষেত্ৰত ৰাজহুৱা শুনানিৰ কোনো প্ৰয়োজন নহ’ব৷ ৰাজহুৱা শুনানিৰ পৰা বিৰত থকা চৰকাৰে এতিয়া নিজে নিৰ্ধাৰণ কৰিব কোনবোৰ প্ৰকল্প ষ্ট্ৰেটেজিক, কোনবোৰ নহয়৷ ৰাজনীতিৰ মেৰপাকত এতিয়া হয়তো বহুজাতিক কোম্পানী আৰু পুঁজিপতিৰ লাভৰ বাবে যিকোনো প্ৰকল্পক ষ্ট্ৰেটেজিক বুলি কৈ ধ্বংস কৰি পেলাব আমাৰ চিৰসেউজ বনাঞ্চল সমূহ৷ সম্পদ লুণ্ঠন আৰু বনাঞ্চল ধ্বংস কৰিব পৰা সকলো ধৰণৰ সুৰুঙাই ৰখা এই খচৰাই অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ বান গৰাখহনীয়াৰ সমস্যাটোক আৰু অধিক জটিল কৰি যে তুলিব সেয়া নিশ্চিত৷


আচৰিতভাৱে এই খচৰাত উল্লেখিত ৰাজহুৱা আপত্তি আৰু শুনানিৰ বিষয়টো সম্পূৰ্ণৰূপে উলাই কৰা হৈছে৷ কাৰণ ই আই এ খচৰা অনুসৰি যিকোনো পৰিৱেশ উলংঘনৰ বিষয়ত ৰাইজ তথা কোনো দল সংগঠনে আপত্তি দৰ্শাব নোৱাৰিব৷ ইয়াৰোপৰি ৰাজহুৱা শুনানিৰ ক্ষেত্ৰত আপত্তি দৰ্শোৱাৰ পূৰ্বৰ সময়সীমা ৩০ দিনৰ ঠাইত ২০ দিনলৈ হ্ৰাস কৰাটো গণতান্ত্ৰিক দেশ এখনত কল্পনা কৰিব নোৱাৰি৷

যি সময়ত দেশে প্ৰকৃতি ,জলবায়ু আৰু চৌপাশৰ পাৰিপাৰ্শ্বিক অৱস্থাক ৰক্ষণাবেক্ষণ দি জীৱবৈচিত্ৰ্যৰ লগতে মানৱ সমাজকো সুস্থ সবল কৰি ৰাখিব লাগিছিল, সেই সময়ত আমাৰ দেশে ই আই এ ৰ দৰে খচৰা এখন প্ৰস্তুত কৰি বনাঞ্চলৰ লগতে প্ৰকৃতিক ধ্বংস কৰিব বিচৰাটো দুৰ্ভাগ্যজনক৷ প্ৰকৃতি নাথাকিলে যে কোনো বাচি নাথাকে সেই কথা বুজি উঠিবলৈ সময় লোৱাটো দেশৰ নাগৰিক সমাজৰ বাবে লজ্জাজনক৷ সমগ্ৰ বিশ্বত ছানি ধৰা ভাইৰাচৰ প্ৰকোপে আজি জনতাক শিকাব খুজিছে প্ৰকৃতিৰ অপৰিসীম গুৰুত্বক৷ ইমানৰ পিছত আমি সজাগ সচেতন হোৱাতো অতি জৰুৰী৷

ধৰ্ম আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ পাকচক্ৰত জনতাই  হয়তো পাহৰি থাকিলে ই আই এ ৰ দৰে  ভৱিষ্যত অন্ধকাৰ কৰি পেলাব পৰা খচৰাখনৰ কথা৷ কিন্তু ধৰ্ম আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতিয়ে ৰক্ষা নকৰে জীৱকূলক৷ মানুহৰ লগতে অন্যান্য জীৱকূলক ৰক্ষা কৰিব প্ৰকৃতিয়ে৷ প্ৰকৃতি থাকিলেহে যে জীৱকূল বাচি থাকিব সেই কথা যিমান সোনকালে  আমি বুজি উঠিম সিমানেই আমাৰ মংগল৷

Previous কেৰিয়াৰ হিচাপে ভেষজ বিজ্ঞান বা ফাৰ্মাচিউটিকেল চায়েন্স
Next শেষ সময়, শেষ সুযোগ!