দেশত এতিয়া নিৰ্বাচনৰ বতৰ৷ ৰাজনৈতিক দল সমূহে আগন্তুক নিৰ্বাচনৰ কাৰণে নিজকে সাঁজু কৰি তুলিছেু৷ অসংখ্য প্ৰতিশ্ৰুতিৰে তেওঁলোক ভোটাৰৰ ওচৰ চাপিবলৈ যত্ন কৰিছে৷ বিভিন্ন দলৰ বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা৷ শুনিলে এনে লাগে যেন তেওঁলোক জয়ী হ’লে অসমৰ কোনো সমস্যাই নাথাকিব৷ সকলো সমস্যাই নিৰ্মূল হৈ যাব৷ উন্নতিৰ সকলো জখলা পাৰ হৈ বিশ্বত অসম জিলিকি উঠিব ‘সোণৰ অসম’ হৈ৷

‘সোণৰ অসম’!!! অসমখনক সোণৰ কৰাৰ ইমান হাবিয়াহ কিয়? মাটিৰেই হৈ থাকিবলৈ দিয়কচোন৷ মাটিৰ মানুহ আমি৷ মাটিতেই আমাৰ জন্ম৷ মাটিতেই জীৱন৷ তেনেস্থলত সোণৰ অসম গঢ়াৰ কাৰণে ইমান খোৱা-কামোৰা কিয়? তাতকৈ মাটিৰ মানুহৰ কাৰণে মাটিৰ অসম গঢ়ক৷ লংকালৈ গ’লে সকলো ৰাৱণ হয়৷ তেনে বহুত ৰাৱণ দেখিলোঁ৷ ৰামৰ পৰা ৰাৱণ হোৱা মানুহবোৰৰ সঁচা ৰূপটো পিচতহে চিনি পোৱা যায়৷ চকুত পৰি থকা প্ৰতিশ্ৰুতিৰ আঁৰ কাপোৰখন সময়ে আঁতৰাই নিয়ে৷ লাজ লগাকৈ মুখাবোৰ সৰি পৰে৷ মুখাৰ আঁৰৰ মুখবোৰ দেখি আমি গালি পাৰোঁ, সমালোচনা কৰোঁ, প্ৰতিকৃতি দাহ কৰোঁ৷ মুখবোৰৰ কিন্তু লাজ নালাগে৷ নিলাজ মুখ৷ লাজতকৈ নিজৰ লাভৰ অংকৰ টান বেছি৷ হ’বইতো লোভক আওকাণ কৰা ইমান সহজ নহয়৷ ক্ষমতা দখলৰ চিন্তাত তেওঁলোক ৰাজনীতিৰ বোকা চটিওৱাত মত্ত হয়৷ প্ৰতিশ্ৰুতিবোৰ অসাৰ হয়৷ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈহে প্ৰতিশ্ৰুতিৰ সহায় লাগে৷ এনেৰেই জানো কোনোবাই প্ৰতিশ্ৰুতিক মনত ৰাখে৷ এৰা কি যে খেল! প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই সাধাৰণ জনতাৰ মন বিচলিত কৰি ৰাজপাট দখল কৰাৰ এই খেলখন বৰ হাস্যকৰ৷ নিৰ্বাচনৰ আগমুহূৰ্তত ভোটাৰৰ দুখত দুখী হোৱা সকলৰ জয় লাভৰ পিচত সমষ্টিত ভৰি দিবলৈও সময়ৰ অভাৱ৷ ৰাইজৰ কথা ভাবিবলৈ তেওঁলোকৰ হাতত সময় নাথাকে৷ কথাৰ ফুলজাৰি মাৰি পাঁচ বছৰলৈ নিজৰ গাদীখন দখল কৰাৰ পিচত আৰম্ভ হয় স্বজনপ্ৰীতিত৷ হেজাৰ হেজাৰ শিক্ষিত নিবনুৱাৰ মূৰত মাধমাৰ সোধাই চাকৰিৰ বজাৰখন মুকলি কৰ৷ চিণ্ডিকেটৰাজ, দালালি, গুণ্ডা টেক্সৰ অত্যাচাৰ আৰম্ভ হয় ৷

সদনত টোপনিয়াই থকা প্ৰতিনিধি, সৰু ল’ৰা-ছোৱালীৰ দৰে কাজিয়া কৰি সদনৰ চকী-টেবুল টনা-আঁজোৰা কৰা নিলাজ প্ৰতিনিধি আমাক নালাগে৷ আমাক কামৰ মানুহ লাগে ৷  আমাক লাগে জাতিৰ হকে, দেশৰ হকে কাম কৰা ব্যক্তি৷ শৰৎ চন্দ্ৰ সিংহ, অটল বিহাৰী বাজপেয়ীৰ দৰে ব্যক্তি লাগে আমাক৷

Image Source: dailypost.in

 কোনটো ৰাজনৈতিক দলক ভাল বুলি ক’ম? সকলো একেই৷ একেই চৰিত্ৰ সকলোৰে৷ মাত্ৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰিবোৰ বেলেগ বেলেগ৷ নিজৰ স্বাৰ্থক উৰ্দ্ধত ৰাখি কোনোটো দলেই অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰা দেখা নাযায়৷ যি দুই-এটা কাম হয় তাৰ কাৰণেও যে কত আন্দোলন, প্ৰতিবাদ কৰিব লাগে৷

 ৰাজনৈতিক ব্যক্তি সকলৰ লুটি-বাগৰ মৰা চৰিত্ৰবোৰো আচৰিত৷ নিজৰ স্বাৰ্থ পূৰণ নহ’লে তেওঁলোকে অনায়াসে দল ত্যাগ কৰিব পাৰে৷ দুদিন আগলৈকে যিটো দলৰ আদৰ্শ, কামক সমালোচনা কৰি ৰাজনৈতিক সভাত উদাত্ত কণ্ঠে ভাষণ দিছিল, দুদিন পাছত সেইটো দলৰেই গুণ গাবলৈ আৰম্ভ কৰে৷ তেতিয়া আদৰ্শ, মতবাদ সকলো সলনি হৈ যায়৷ কি যে লাজ লগা চৰিত্ৰ! নিজস্ব বুলি যেন একোৱেই নাই৷ নিজৰ সন্মান, জনসমাজত থকা তেওঁলোকৰ ভাৱমূৰ্তিতকৈও ব্যক্তিগত স্বাৰ্থ তেওঁলোকৰ কাৰণে বেছি ডাঙৰ৷ নিজৰ স্বাৰ্থৰ কাৰণে বহুত তললৈ নামিবলৈও তেওঁলোকে কুণ্ঠাবোধ নকৰে৷ সেই কাৰণেই বৰ্তমান সময়ত ৰাজনৈতিক ব্যক্তি সকলে সাধাৰণ জনতাৰ মনত সন্মানীয় স্থান লাভ কৰিবলৈ সক্ষম নহয়৷ যিটো তেওঁলোকৰ বিফলতা বুলি ক’ব পাৰি ৷

সোণৰ অসম’!!! অসমখনক সোণৰ কৰাৰ ইমান হাবিয়াহ কিয়? মাটিৰেই হৈ থাকিবলৈ দিয়কচোন৷ মাটিৰ মানুহ আমি৷ মাটিতেই আমাৰ জন্ম৷ মাটিতেই জীৱন৷ তেনেস্থলত সোণৰ অসম গঢ়াৰ কাৰণে ইমান খোৱা-কামোৰা কিয়? তাতকৈ মাটিৰ মানুহৰ কাৰণে মাটিৰ অসম গঢ়ক৷

বৰ্তমান সময়ত ৰাজনৈতিক ব্যক্তি সকললৈ মানুহে ভয় কৰে, কিন্তু সমীহ নকৰে৷ ভয় আৰু সমীহ ওপৰে ওপৰে চালে দুয়োটা শব্দই ভয়কেই বুজোৱাৰ দৰে লাগিলেও শব্দ দুটাৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে৷ সমীহত সন্মান মিহলি ভয় থাকে৷ যিটো ভয়ত নাথাকে৷ ৰাজনৈতিক ব্যক্তি সকলৰ বিৰুদ্ধে  মাত মাতিবলৈ ভয় কৰে৷ কাৰণ এটা ৰাতিৰ ভিতৰতেই কাৰোবাৰ কণ্ঠ চিৰদিনলৈ বন্ধ হৈ যাব পাৰে, এটা নাম পৃথিৱীৰ পৰা হেৰাই যাব পাৰে৷ গণতন্ত্ৰৰ চৰম দুৰ্ভাগ্য যে বৰ্তমান সময়ত ৰাজনীতিৰ লগত মুখ বন্ধ কৰাৰ প্ৰক্ৰিয়াটো সাঙোৰ খাই পৰিছে৷

আমাৰ জনপ্ৰতিনিধি সকলৰ শিক্ষাগত অৰ্হতাৰ কথাটোও চিন্তনীয়৷ এজন মেট্ৰিক পাছ জনপ্ৰতিনিধিয়ে কিমান দূৰলৈ কথাবোৰ চিন্তা কৰিব পাৰিব ভাবিবলৈও টান৷ তেনে এজন লোকৰ অগভীৰ চিন্তাৰ পৰিণাম জনসাধাৰণে ভোগ কৰিব লাগে৷ তেওঁৰ অধীনত নিয়োজিত উচ্চ শিক্ষিত আমোলা সকলৰ কথা নকওঁৱেই৷

কথাৰ ফুলজাৰিৰে জনতাক ঠগি ঠগি খোৱা ৰাজনৈতিক ব্যক্তি আমাক নালাগে৷ নতুন নতুন প্ৰতিশ্ৰুতিৰে চমক লগোৱা ৰাজনৈতিক দল নালাগে৷ কামৰ নামত ৰাইজৰ ধন শৰাধ কৰা ব্যক্তিয়ে আমাক আমুৱাইছে৷ নিজেই দুৰ্নীতিত লেটি লৈ দুৰ্নীতিৰ বিৰুদ্ধে চিঞৰি ৰাইজৰ বাহ বাহ লোৱা প্ৰতিনিধি বহুতকেই দেখিলো৷ উদক ভেটা ৰখীয়া পতাৰ দৰে দুৰ্নীতিগ্ৰস্ত সকলকেই দুৰ্নীতি দূৰ কৰাৰ দায়িত্ব দিলোঁ৷ সদনত টোপনিয়াই থকা প্ৰতিনিধি, সৰু ল’ৰা-ছোৱালীৰ দৰে কাজিয়া কৰি সদনৰ চকী-টেবুল টনা-আঁজোৰা কৰা নিলাজ প্ৰতিনিধি আমাক নালাগে৷ আমাক কামৰ মানুহ লাগে৷  আমাক লাগে জাতিৰ হকে, দেশৰ হকে কাম কৰা ব্যক্তি ৷ শৰৎ চন্দ্ৰ সিংহ, অটল বিহাৰী বাজপেয়ীৰ দৰে ব্যক্তি লাগে আমাক৷

ৰ শ্মি ৰে খা ভূ ঞা

ঔপন্যাসিক, মেঘে ঢকা আকাশৰ জোন, জিগলো  উপন্যাসকে ধৰি অন্তৰ্স্পৰ্শী লেখাৰে জনসমাদৃত আৰু বিৰিয়াৰ স্তম্ভ লেখক।

Previous পাই মানে ২২/৭ নহয়
Next ইনকিলাব জিন্দাবাদ আৰু ভগৎ সিং